কেবাটাও ভাল খবৰ কঢ়িয়াই আনিছে আজি দিনটোৱে; কোন জাতক/জাতিকাৰ ভাগ্য ভাল- জানো আহক
আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে ?জানি লওক আপোনাৰ ৰাশিফল...
ৰাশিফল (ETV Bharat)

Published : January 23, 2026 at 5:32 AM IST
- মেষ ৰাশি : দিনটো ভাল । সফলতা লাভ । কৰ্ম-ব্যৱসায়ত সফল । বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব ।কঠোৰ পৰিশ্ৰমৰ ফল লাভ ।
- বৃষ ৰাশি : ৰং-বিৰঙৰ সাজ-পোছাক পৰিধান কৰি আনন্দ লাভ কৰিব । পার্টী হʼব পাৰে । প্ৰেমৰ সম্পর্ক ভাল ।
- মিথুন ৰাশি : কৰ্মস্থলীত জ্যেষ্ঠসকলৰ লগত সম্পৰ্ক বেয়া নকৰিব । অলপ আপোচ কৰাৰ চেষ্টা কৰক । আৰাম আৰু বিলাসীতাত ব্যয় কৰাৰ সম্ভাৱনা আছে । অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা ।
- কৰ্কট ৰাশি : সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব । গ্ৰহৰ স্থান ভাল নহয় । কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ।
- সিংহ ৰাশি : খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে । হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে । পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ।
- কন্যা ৰাশি : কৰ্ম জীৱনত ভাল বন্ধু লাভ । প্ৰশংসা লাভ । দিনটো সক্ৰিয় অনুভৱ হʼব । সন্ধিয়াটো নিজৰ প্ৰেমৰ লগত কটাব । মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ।
- তুলা ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক । এলেহুৱা-নিৰুৎসাহিত নহʼব ।
- বৃশ্চিক ৰাশি : পৰিয়াল ভালে ৰখাত মনোযোগ দিব । পুৰণি ঘৰটো ন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে । পৰিয়ালৰ লগত সম্পর্ক ভাল । জীৱনত ভাল বন্ধু লাভ ।
- ধনু ৰাশি : দিনটো প্ৰায় ভাল । নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব । কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব । শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ।
- মকৰ ৰাশি : মানসিক শান্তি লাভ । ধৰ্মীয় কাৰ্যত ব্যয় কৰিব পাৰে ।
- কুম্ভ ৰাশি : খেলিমেলি হʼব পাৰে । এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে । কৰ্ম জীৱনত অশান্তি হʼব পাৰে ।
- মীন ৰাশি : দিনটো সক্ৰিয় অনুভৱ । সুখেৰে জীৱন-যাপন কৰাত মনোযোগ দিব । দিনটো সৌভাগ্য উদয় হʼব ।কৰ্ম জীৱনত ভাল হʼব । ড্ৰাইভ সাৱধানে আৰু সুস্থিৰে কৰিব ।

