ETV Bharat / state

সিংহ ৰাশিৰ লোকসকলৰ বাবে দিনটো ভাল, মকৰ ৰাশিৰ লোকে সুফল লাভ কৰিব... আৰু কি কি আছে জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া ?

DAILY HOROSCOPE
দিনটোৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 22, 2026 at 5:00 AM IST

5 Min Read
Choose ETV Bharat

মেষ ৰাশি: নতুন কাম বা যোজনা আৰম্ভ কৰিবৰ বাবে এটা ভাল দিন । হ’লেও মধ্যাহ্নৰ পিছত, সফলতাৰ হাৰ বৃদ্ধি পাব । দিনটোৰ প্ৰথম ভাগত যথেষ্ট সমস্যা থাকিব পাৰে, কিন্তু ধৈৰ্য ধৰক ৷ পিছৰ ভাগটো শান্ত আৰু সুখী হ’ব । পুৱাৰ সমস্যাৰ পৰা বিৰাম পাবৰ বাবে ধ্যান বা যোগাসন কৰিব পাৰে, ই আপোনাক শান্ত কৰিব । বিৰক্তিকৰ বিবাদ আৰু কাজিয়াৰ পৰা হাত সাৰিবৰ বাবে নিজৰ বক্তব্য আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক ৷ কথা কোৱাৰ আগতে ভাবক । আপোনাৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখক ৷ জাংকফুড গ্ৰহণ নকৰিব । একেদৰে পুৱাৰ ভাগত কাৰ্যালয়ত কাম কৰাৰ বাবে এটা অনুকূল পৰিবেশ নাপাবও পাৰে ৷ কিন্তু মধ্যাহ্নৰ পিছত সকলো উন্নত হ’ব ।

বৃষ ৰাশি: আপোনাৰ কৰ্মজীৱনত অশান্তি হ’ব পাৰে ৷ নতুন বন্ধুবৰ্গৰ বিচাৰ হ’ব পাৰে, ভাল বন্ধুত্ব হ’ব ৷ বন্ধুবৰ্গৰ সৈতে কটোৱা সময় ভাল হ’ব ৷ মানসিক চিন্তা হ’ব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷

মিথুন ৰাশি: আজি পৰিয়ালৰ লগত আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হ’ব ৷ ব্যস্ত কাৰ্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ সন্ধিয়া আপুনি নিজৰ প্ৰেমৰ সৈতে কটাব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকিলে সফল হʼব ৷

কৰ্কট ৰাশি: হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ যিজন ধৈৰ্যশীল, তেওঁ লাভৱান হ’ব ৷ নিজৰ ওপৰত আশ্বাস, ভৰসা ৰাখক ৷ লক্ষ্য সফল হ’ব ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

সিংহ ৰাশি: আপুনি নিজৰ প্ৰতিভা, শিল্পীসুলভ গুণাগুণ ব্যৱহাৰ কৰিব ৷ আপোনাৰ নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হ’ব পাৰে ৷ দিনটো ভাল ৷ সফলতা লাভ কৰিব ৷ আপোনাৰ নতুন, সক্ৰিয় অনুভৱ হ’ব ৷ পৰিশ্ৰম কৰিলে লক্ষ্যত সফল হ’ব ৷ আজিৰ দিনটোত আপোনাৰ গ্ৰহ ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লেও সফল হ’ব ৷

কন্যা ৰাশি: ভৌতিক বিষয় আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব । মা লক্ষ্মীয়ে আপোনাৰ ওপৰত আশীৰ্বাদ বৰষিব ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে । তথাপিও নতুন কাম আৰম্ভ কৰাৰ বাবে গ্ৰহৰ স্থিতি অনুকূল নহয় । স্থায়ী সম্পত্তি আৰু সম্পদৰ ক্ষেত্ৰত কোনো নথি-পত্ৰৰ কাম থাকিলে আন দিনা কৰক । আপোনাৰ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক । ধ্যান কৰক ৷ মুকলি অনুভৱ কৰিব আৰু মন প্ৰফুল্লিত হ’ব ।

তুলা ৰাশি: আপোনাৰ বাবে প্ৰিয় দিন ৷ সফল হ’ব ৷ ভাগ্য ভাল ৷ লক্ষ্যত সফলতা ৷ কৰ্মজীৱনত পদোন্নতি লাভৰ যোগ ৷ উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

বৃশ্চিক ৰাশি: কাম কৰি ভাগৰি পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কর্মক্ষেত্ৰত প্রতিযোগিতাৰ সন্মুখীন হ’ব পাৰে ৷ বিফল হ’ব ৷ আজি আপুনি কঠিন কাৰ্য সহজতে সফল কৰিব ৷

ধনু ৰাশি: এটা সাধাৰণ দিন ৷ দিনটোৰ প্ৰথমভাগে চাপ কঢ়িয়াই আনিব আৰু আপোনাৰ স্বাস্থ্যও ঠিকে নাথাকিব পাৰে । ঘৰতো কোনো বিবাদ বা কাজিয়াৰ সন্মুখীন হ’ব পাৰে ৷ যদি আপুনি পৰিপক্কৰূপে কাম কৰে, সেয়া এৰাই চলিব পাৰিব । যদি কোনো চাৰ্জাৰি বা অপাৰেশ্বন আছে, পিছুৱাই দিয়ক ৷ তাৰ বাবে আজিৰ দিনটো উপযুক্ত সময় নহয় । তথাপিও সময়ৰ পৰিৱৰ্তন সোনকালেই হ’ব ৷ দিনটোৰ পিছবেলা পৰিস্থিতি উন্নত হ’ব । পৰিয়ালৰ লোকৰ লগত সময় কটাওক । কোনো পুৰণা বন্ধুক লগ পাব পাৰে ৷ অতীত ৰোমন্থন কৰক । শান্তিৰে শুব পাৰিব ।

মকৰ ৰাশি: দিনটো ফলপ্ৰসূ হ’ব । আৰ্থিক, পেছাদাৰী আৰু সামাজিক ক্ষেত্ৰত নাম আৰু খ্যাতি অৰ্জন কৰিব । তথাপিও দিনটোৰ পিছৰ ভাগত আপুনি সাৱধানতা অবলম্বন কৰা উচিত । স্বাস্থ্যৰ বাবে সাধাৰণ দিন হ’ব । আইনী কাম-কাজত সতৰ্কতা অৱলম্বন কৰক ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা, সাৱধানেৰে গাড়ী চলাওক । এটা ব্যস্ত, চাপযুক্ত দিনৰ পিছত আপুনি বিলাসী নৈশভোজ বা চিনেমা চাই সময় পাৰ কৰিব পাৰে ৷

কুম্ভ ৰাশি: প্ৰত্যাশিত আৰু অপ্ৰত্যাশিতভাৱে আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে । কৰ্মস্থলীত আপুনি সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে জ্যেষ্ঠসকল সুখী আৰু সন্তুষ্ট হ’ব । আপোনাক পদোন্নতি প্ৰদান কৰিব পাৰে । তাৰোপৰি কৰ্মস্থলীত সাম্ভাব্য ৰূপত উপকৃত হোৱাৰ সম্ভাৱনা আছে । দিনটোৰ ব্যস্ততাক আঁতৰাবৰ বাবে সাঁতুৰক বা ফুৰিবলৈ যাওক ।

মীন ৰাশি: পুৱাৰ সময়খিনি পেছাদাৰ বা ব্যৱসায়ীসকলৰ বাবে লাভজনক নহ’বও পাৰে । কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠ বা প্ৰতিদ্বন্দ্বীৰ লগত উত্তপ্ত তৰ্ক বা বিবাদত লিপ্ত হোৱাৰ পৰা বিৰত থাকক । কামৰ বাবে দীঘলীয়া ভ্ৰমণত যাব লগা হ’ব পাৰে । তথাপিও অলপ বাধাৰ পিছত কৰ্মস্থলীৰ পৰিৱেশ উন্নত হ’ব ৷ আপোনাৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব । ব্যক্তিগতভাৱে আপোনাৰ সন্তানৰ প্ৰগতি আৰু অৰ্জনসমূহে আপোনাক সুখী আৰু সন্তুষ্ট কৰিব ৷