ETV Bharat / state

কাৰ ভাগ্য উদয় হ’ব, কোন ৰাশিৰ জাতক-জাতিকাৰ সফলতাৰ দুৱাৰ খোল খাব ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে ?জানি লওক বুধবাৰৰ আপোনাৰ ৰাশিফল...

Daily Horoscope for 21st January 2026
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 21, 2026 at 5:01 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : গ্ৰহৰ প্ৰভাৱত শুভ দিন ৷ সামাজিক কাম আৰু পৰৰ উপকাৰৰ বাবে কৰা কামে আপোনাক আনন্দিত অনুভৱ কৰাব । বন্ধুৰ লগত খৰচ বৃদ্ধি । প্ৰিয়জনক উপহাৰ প্ৰদান কৰিব ৷
  2. বৃষ ৰাশি : নতুন অধ্যয়ন কৰি সক্ৰিয় অনুভৱ হʼব । কার্য-ব্যৱসায়ত ভাল নহʼবও পাৰে । কিন্তু হতাশা নহʼব । কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হব । সত্যৰ ভাল ফল লাভ ।
  3. মিথুন ৰাশি : পৰিয়ালৰ লগত পার্টী হʼব পাৰে । প্ৰেমত শুভ । নিজৰ ব্যৱসায় বা কর্মত ব্যস্ত হʼব । কর্মৰ খাতিৰত বাহিৰলৈ সৰু যাত্রা হʼব পাৰে| । এই যাত্রাই কৰ্ম-ব্যৱসায়ত সফলতা লাভ কৰিব । নিজৰ ব্যৱসায় আৰু কর্মত ব্যস্ত হʼব ।
  4. কৰ্কট ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব । লক্ষ্য সফল । কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব । নতুন ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে । প্ৰশংসা লাভ ।
  5. সিংহ ৰাশি : আজি দিনটো বিপদৰ আশংকা আছে । কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে । এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে । কাৰ্য কর্মত ইয়াৰ প্ৰভাৱ পৰিব । কার্য কর্ম বন্ধ কৰি আৰাম কৰিব । কর্মত জীৱন বিপদত পৰিব পাৰে । যুক্তিৰে সকলো কথা চিন্তা কৰিব । খেলিমেলি হʼব পাৰে ।
  6. কন্যা ৰাশি : অধ্যয়নৰ কাৰ্যভাৰ বৃদ্ধি । নিজৰ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিব । জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল । ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
  7. তুলা ৰাশি : নতুন ব্যৱসায়ৰ আৰম্ভণি কৰাৰ বাবে ভাল দিন । কৰ্ম জীৱন ভাল । নিজৰ কৰ্মত মনোযোগ দিব । কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে । ভাগ্য ভাল ।
  8. বৃশ্চিক ৰাশি : আজি সৰু যাত্রা হʼব পাৰে । জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হʼব পাৰে । মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে । সৰু যাত্রাৰ যোগ ।
  9. ধনু ৰাশি : আজি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে । কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব । কর্মত প্ৰবল হেঁচা পাব । কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।
  10. মকৰ ৰাশি : মিশ্রিত খেলিমেলি হʼব পাৰে । বিশৃঙ্খলতাই দেখা দিব পাৰে । নিৰ্দ্দেশনাৰ ওপৰত ভাৰসা ৰাখি নিৰ্ণয় ল'ব । নতুন পৰিকল্পনা নকৰিব । যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ।
  11. কুম্ভ ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক । এলেহুৱা-নিৰুৎসাহিত নহʼব ।
  12. মীন ৰাশি : বিবাহিতৰ বাবে ভাল দিন । প্ৰেমৰ সম্পর্ক ভাল । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ।