কাৰ ভাগ্য উদয় হ’ব, কোন ৰাশিৰ জাতক-জাতিকাৰ সফলতাৰ দুৱাৰ খোল খাব ? জানো আহক আজিৰ ৰাশিফলত...
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : April 21, 2026 at 4:00 AM IST
- মেষ ৰাশি : আজি আপুনি নিজৰ কর্মত মুক্ত অনুভৱ কৰিব ৷ যুৱক-যুৱতীৰ লগত ভাল দিন হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷ আজি বিয়া আৰু সংযোগত সফল হʼব ৷ বিবাহিৰ বাবে ভাল দিন ৷
- বৃষ ৰাশি : আপুনি সতৰ্কতা অৱলম্বন কৰা উচিত ৷ মানসিক চিন্তা হʼব পাৰে ৷ আপুনি প্ৰায় সফল হʼব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ কর্ম শান্ত হৈ থাকি কৰিব, সফল হʼব ৷
- মিথুন ৰাশি : খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ যাত্রা বা ভ্রমণ হʼব পাৰে, ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷
- কৰ্কট ৰাশি : প্ৰেম সম্পর্কত মনোযোগ দিব ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷ সৰু যাত্রা হʼব পাৰে ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কিন্তু আনন্দিত ফল লাভ হʼব ৷
- সিংহ ৰাশি : আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ আজি আপুনি নিজৰ সৌন্দৰ্য্যৰ কথাত মনোযোগ দিব ৷ সৌন্দৰ্য্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব । বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প কৰা উচিত ।
- কন্যা ৰাশি : আনন্দময় হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷ বজাৰ কৰিবলৈ যোৱাৰ প্রিয় দিন হʼব ৷ আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ৷
- তুলা ৰাশি : আজি কৰ্ম-ব্যৱসায়ত মিশ্রিত খেলিমেলি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷
- বৃশ্চিক ৰাশি : আজি আপুনি ভাগৰি পৰিব ৷ আপুনি নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সন্ধিয়ালৈ আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব ৷
- ধনু ৰাশি : দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
- মকৰ ৰাশি : আপোনাৰ খং-ৰাগৰ কাৰণে কার্য্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ মনোযোগ দিব ৷
- কুম্ভ ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায় কর্মত সম্পর্কত মনোযোগ দিব ৷ আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
- মীন ৰাশি : আপোনাৰ সক্ৰিয় অনুভৱ হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ নতুন বন্ধু-বৰ্গৰ বিচাৰ হʼব পাৰে, ভাল বন্ধুত্ব হʼব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷

