কেবাটাও ভাল খবৰ কঢ়িয়াই আনিছে আজি দিনটোৱে; কোন জাতক/জাতিকাৰ ভাগ্য ভাল- জানো আহক
আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে ?জানি লওক মঙলবাৰৰ আপোনাৰ ৰাশিফল...
ৰাশিফল (ETV Bharat)

Published : January 20, 2026 at 5:23 AM IST
- মেষ ৰাশি : নতুন দায়িত্ব পাব । ফলত কর্মত ব্যস্ত থাকিব । ব্যক্তিগত জীৱন ইয়াৰ প্ৰভাৱ পৰিব । ভাগৰ অনুভৱ হ'ব ।
- বৃষ ৰাশি : দিনটোত চকু আৰু কাণ খোলা ৰাখক। কাৰণ আজি যথেষ্ঠ বাধাৰ সন্মুখীন হ'ব ৷ ভ্ৰমণৰ বাবে উচিত সময় নহয় ৷ নতুন কাম আৰম্ভ নকৰাই ভাল । শৰীৰৰ যত্ন লওক । সময় মতে খোৱা আৰু টোপনি যাওঁক ৷ ধ্যান কৰক আৰু অলপ সময় অকলে থাকক ।
- মিথুন ৰাশি : মানসিকভাৱে আৰু শাৰীৰিকভাৱে অসুস্থ অনুভৱ হ'ব ৷ ভাল কামত মন দিয়ক । খং নিয়ন্ত্ৰণ কৰক । যোগ আৰু ধ্যানৰ যোগেদি মনক শান্ত কৰিব ৷
- কৰ্কট ৰাশি : হানিকাৰক আলোচনা কৰাৰ পৰা আঁতৰি থকা উচিত । পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ'ব ।
- সিংহ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব । স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব । বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব । প্ৰেমৰ সম্পর্ক ভাল । পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ।
- কন্যা ৰাশি : পঢ়ুৱৈসকলৰ কাৰণে আজিৰ দিনটো কঠিন । সন্তানক লৈ দুঃচিন্তা হ'ব পাৰে । শ্বেয়াৰ বজাৰে আপোনাক হতাশ কৰিব । সাৱধানে থাকক । আজি গোটেই দিন পুৰণি দিনৰ কথা মনত পেলাই বিষণ্ণ হৈ থাকিব । বৌদ্ধিক আলোচনাত লিপ্ত নহ’ব ।
- তুলা ৰাশি : আজি ৰোমাঞ্চকৰ পাৰ্টী কৰিবলৈ মন হৈ পৰিব । শুভবাৰ্তা লাভ । আজি প্ৰায় সফল । বহুতো ব্যক্তি লগত সংযোগ হʼব । জীৱনত ভাল বন্ধু লাভ । প্ৰেম সম্পর্কত মনোযোগ দিব ।
- বৃশ্চিক ৰাশি : দিনটো আপোনাৰ বাবে ফলদায়ক । আৰ্থিকভাৱে লাভবান হ’ব পাৰে । স্ত্ৰীৰ ভাগ্য অনুকূল । প্ৰিয়জনে আপোনাৰ মৰমীয়াল দিশটোৰ পৰিচয় পাব । নতুন কাম হাতত লোৱাৰ বাবে শুভ । সৰুসুৰা ভ্ৰমণৰ যোগ আছে । মানসিকভাৱে আৰামত থাকিব । আপোনাৰ প্ৰতিপক্ষসকলে সেও মানিব ।
- ধনু ৰাশি : গ্ৰহৰ দশা আজি অলপ ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা থাকিব । কামৰ ফল ভোগ কৰক ৷ সামাজিক কামত কৃতকায্য হ'ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্য সকলৰ লগত সময় কটাৱক ৷ শৰীৰ ভাল । পৰিয়ালৰ লগত পয্যটন ক্ষেত্ৰ ভ্ৰমণত যাব পাৰে ৷
- মকৰ ৰাশি : বিপৰীত লিংৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব, জীৱন ভাল বন্ধু লাভ । দিনটো সৌভাগ্য । খং-ৰাগ নিয়ন্ত্ৰণ কৰিব । দিনটো বিপদৰ আশংকা নাই ।
- কুম্ভ ৰাশি : আয়-ব্যয় সমানে থাকিব । ধাৰে লোৱা আৰু আনক ধাৰে দিয়াৰ পৰা অলপ দিন আঁতৰত থাকক ৷ শৰীৰৰ যত্ন লওক আৰু মানসিক শান্তিৰ বাবে চেষ্টা কৰক ৷
- মীন ৰাশি : গ্ৰহৰ প্ৰভাৱ ভাল । বন্ধু আৰু প্ৰিয়জনৰ চকুৰ মনি হৈ পৰিব ৷ প্ৰিয়জনৰ লগত সম্পৰ্ক উন্নত হ'ব ৷ নতুন বন্ধুত্ব আৰু ব্যৱসায়িক সম্পৰ্ক লাভদায়ক হ'ব । প্ৰিয়জনৰ লগত ৰোমাণ্টিক ভ্ৰমণত যাব পাৰে ৷ ঘৰৰ পৰা ভাল খবৰ পাব পাৰে আৰু কৰ্মক্ষেত্ৰত সফলতাৰ খবৰ আহিব ৷ কামৰ বোজাই আপোনাক ভাগৰুৱা কৰি তুলিব ৷

