কোন ৰাশিৰ আছে বিবাহৰ যোগ, কাৰ খৰচ বৃদ্ধি পাব, কোন ৰাশিৰ লোকে লাভ কৰিব সফলতা... জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?
দৈনিক ৰাশিফল (ETV Bharat Assam)

Published : August 20, 2026 at 4:01 AM IST
- মেষ ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ আজি আপুনি বহুতো ব্যক্তিক আঘাত দিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
- বৃষ ৰাশি : নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷
- মিথুন ৰাশি : বন্ধু আৰু প্ৰেম সম্পর্কৰ লগত পার্টী হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷
- কৰ্কট ৰাশি : আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু আজি আপুনি বহুত বিষয়ক লৈ চিন্তাত থাকিব পাৰে । সম্ভৱ হ’লে ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক ।
- সিংহ ৰাশি : আজি আপোনাৰ বহু ব্যক্তি লগত সংযোগ হʼব ৷ আপোনাৰ পছন্দৰ কাৰ্যই সহায় কৰিব ৷ কর্মত ব্যস্ত থাকিব ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷
- কন্যা ৰাশি : আপোনাৰ খেলিমেলি হʼব পাৰে ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
- তুলা ৰাশি : আজি আপোনাৰ মনটো উত্ৰাৱল হৈ থাকিব, যাৰ ফলত আপুনি কোনো স্পষ্ট সিদ্ধান্ত ল’ব নোৱাৰিব । কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ বাবে আজিৰ দিনটো অনুকূল নহয় ।
- বৃশ্চিক ৰাশি : গণেশৰ কৃপাত এটা সহজ দিন ৷ আপোনাৰ শৰীৰ আৰু মানসিক স্থিতি ভাল অৱস্থাত থাকিব ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ উন্নত হ’ব ৷ বিদেশৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে ৷
- ধনু ৰাশি : প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল, আনন্দময় দিন হʼব ৷
- মকৰ ৰাশি : সামাজিক কাম , উদাৰতা আৰু উন্নয়নমূলক কামে আপোনাক উজলাই তুলিব ৷ এই দিনটো আপোনাৰ বাবে লাভজনক হ’ব ৷ বন্ধু আৰু সম্পৰ্কীয় লোকক হঠাৎ লগ পাব পাৰে ৷
- কুম্ভ ৰাশি : কুম্ভসকলৰ বাবে গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ সময়ৰ কাম সময়ত শেষ কৰিব পাৰিব ৷ ঘৰুৱা জীৱনত সকলো শুভ হ’ব ৷ সহযোগীসকলৰ পৰা লাভ হ’ব ৷ ডাঙৰসকলৰ আৰ্শীবাদ আৰু বচৰ প্ৰশংসাৰ পাত্ৰ হ’ব ৷
- মীন ৰাশি : এই দিনটোত আপুনি এফালে শান্তি আৰু আনফালে উদ্বিগ্নতা অনুভব কৰিব ৷ ধৈৰ্য আৰু বিশ্বাস ৰাখক, সকলো ভাল হ’ব ৷

