কোন ৰাশিৰ আছে পদোন্নতিৰ যোগ, কোন ৰাশিৰ আছে কৰ্মজীৱনত বাধা... জানো আহক আজিৰ ৰাশিফলত
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?
দিনটোৰ ৰাশিফল (ETV Bharat Assam)

Published : July 1, 2026 at 5:32 AM IST
- মেষ ৰাশি : বিপদাশঙ্কা কৰ্মক সহজে সম্পন্ন কৰিব ৷ আপোনাৰ আলোচনাই পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷
- বৃষ ৰাশি : আপুনি অধিক সংবেদনশীল আৰু অস্থিৰ হৈ থাকিব যি আপোনাৰ স্বাস্থ্যত বিৰূপ প্ৰতিক্ৰিয়া পেলাব পাৰে । কৰ্মস্থলীত বাধাৰ সন্মূখীন হ’ব পাৰে, নতুন কাম আৰম্ভ কৰাটো এৰাই চলক আজি ।
- মিথুন ৰাশি : আনন্দময় দিন হʼব ৷ পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ স্বাস্থ্য ভাল ৷ বিয়লিলৈ কঠিন দিন হʼব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- কৰ্কট ৰাশি : এটা আনন্দময় দিনৰ আভাস হয় । কৰ্মস্থলীত বন্ধুত্বপূৰ্ণ পৰিবেশে আপোনাৰ মন সলনি কৰিব পাৰে । আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে কৰ্মস্থলীত বেয়া প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে । কোনো বৌদ্ধিক চৰ্চাত ভাগ ল’বলৈ আৰু তীক্ষ্ণ নিৰীক্ষণৰ বাবে উত্তম সময় । সমাজত নাম খ্যাতি লাভ কৰিব পাৰে ।
- সিংহ ৰাশি : আপুনি আজি অপৰিচিত লোকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ দিন প্ৰায় ভাল হʼব ৷ বিদেশী বন্ধু-বৰ্গৰ লগত দিন ভাল হʼব ৷ সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজন ।
- কন্যা ৰাশি : আজি আপুনি অলস আৰু দুৰ্বল হৈ থাকিব । আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে । আপোনাৰ মেজাজি মনৰ বাবে বেয়া নাম পাব পাৰে । নিয়োজিত কাম সময়মতে সমাপ্ত কৰিব নোৱৰাটোৱে আপোনাক হতাশ কৰিব । ভ্ৰমণৰ পৰিকল্পনা আন দিনলৈ পিছুৱাই দিয়ক ।
- তুলা ৰাশি : আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক । আবেলি কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷
- বৃশ্চিক ৰাশি : আপোনাৰ নিজৰ ব্যক্তিগত পৰামৰ্শক মানি চলাৰ আৰু নিজৰ প্ৰতিভা ব্যৱহাৰ কৰাৰ উচিত সময় ৷ নতুন কাপোৰ বজাৰ কৰিবলৈ যোৱা হʼব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ আজি আপুনি নিজৰ সপোনৰ ৰাজ্যত বাস কৰিব ৷
- ধনু ৰাশি : এটা লাভৰ দিনৰ আভাস হয় । আৰ্থিক লাভ আৰু কৰ্মত সফলতা লাভ কৰিব । ই আপোনাক উ!সাহিত কৰিব আৰু আপুনি সকলো কামতে আগভাগ ল’ব । সন্ধিয়া মন্দিৰ দৰ্শন কৰক আৰু অলপ সময় নিৰিবিলিভাৱে বহক । ঘৰত তথা কৰ্মস্থলীত আপুনি চাপ অনুভৱ কৰিব । অপ্ৰয়োজনীয় ব্যয় কৰাৰ পৰা বিৰত থাকক ।
- মকৰ ৰাশি : পুৱাৰ কিছুমান সমস্যাৰ বাহিৰে চিন্তা কৰিবলগীয়া বিশেষ একো নাই । দিনটোৰ প্ৰথমভাগত, আপুনি সতৰ্ক আৰু সাৱধান হৈ থকা উচিত, বিশেষকৈ যদি আপুনি কোনো আইনী বিবাদৰ সাক্ষী হয় । দ্ৰুতবেগত গাড়ী নচলাব, দূৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ।
- কুম্ভ ৰাশি : আজি আপুনি সফল হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ আপুনি কম সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
- মীন ৰাশি : আমদানি-ৰপ্তানিত সফল হʼব ৷ লক্ষ্যত সফল হʼব ৷ প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷ কার্য জীৱনত ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ কার্য জীৱনত পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কার্যৰ লক্ষ্য দিব পাৰে ৷ পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

