জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আজিৰ দিনটো… জানক দিনটোৰ ৰাশিফল
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো ? এই দিনটোত কি কি কৰিব, কি কি নকৰিব ? পঢ়ক দিনটোৰ ৰাশিফলত...

Published : May 18, 2026 at 5:02 AM IST
মেষ ৰাশি: নিজৰ ব্যৱসায়, কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হ’ব ৷ পৰিয়ালৰ সদস্যসকলৰ সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কার্য-কর্ম বন্ধ কৰি পৰিয়ালৰ সৈতে আৰাম কৰিব ৷ পৰিয়ালৰ সৈতে সৰু যাত্রা হ’ব পাৰে । নিশাৰ আহাৰ ভাল হ’ব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷
বৃষ ৰাশি: ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ খেলিমেলিৰ সম্ভাৱনা ৷ নিজৰ খং-ৰাগৰ প্ৰভাৱ সম্পর্কসমূহত পৰিব পাৰে ৷ শান্ত হৈ থাকক ৷ প্ৰেমৰ সম্পর্কৰ বাবে ব্যক্তিগত জীৱনত প্ৰভাৱান্বিত হ’ব ৷
মিথুন ৰাশি: আজি দুটা বিপৰীত স্থিতিৰ সন্মুখীন হ’ব ৷ দুঃচিন্তাৰ কাৰণ হ’ব পাৰে ৷ মানসিক অশান্তি আৰু হতাশাৰ সম্ভাৱনা ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
কৰ্কট ৰাশি: প্ৰতিচ্ছবিৰ দিন ৷ আজি চিন্তাধাৰাবোৰ ভাল হ’ব ৷ পদোন্নতিৰ সম্ভাৱনা ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভালেই হ’ব ৷ ঈশ্বৰে নিজৰ প্ৰেমৰ প্ৰমাণ দিব ৷
সিংহ ৰাশি: নিজৰ ব্যৱসায়, কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থাকিব ৷ কর্মত প্রতিযোগিতাৰ সন্মুখীন হ’ব যদিও বিফলতাৰ যোগ ৷ নিৰুৎসাহিত, পৰচৰ্চ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ আনন্দিত ফল লাভ ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷
কন্যা ৰাশি: যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ নতুন, সক্ৰিয় অনুভৱ কৰিব ৷ খেলিমেলিৰ সম্ভাৱনা ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
তুলা ৰাশি: নতুন ব্যৱসায় আৰম্ভণি কৰাৰ বাবে ভাল দিন ৷ কৰ্মজীৱনত আপোনাক নতুন কৰ্ম, লক্ষ্য প্ৰদান কৰিব পাৰে ৷ কৰ্মত মনোযোগ দিব ৷ কৰ্মবিধিত অধিক ব্যস্ত হোৱাৰ সম্ভাৱনা ৷ কৰ্ম কৰিলে লক্ষ্যত সফল হ’ব ৷ ভাগ্য ভাল ৷
বৃশ্চিক ৰাশি: নতুন ব্যৱসায় বিধিত অধিক ব্যস্ত হ’ব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিলেও উপযুক্ত ফল লাভ নকৰে ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ যিজন ধৈৰ্যশীল, তেওঁ লাভৱান হ’ব ৷
ধনু ৰাশি: নিবিচৰাকৈয়ে পৰামর্শ লাভ কৰাৰ সম্ভাৱনা ৷ কিন্তু ভাল পৰামর্শই হ’ব ৷ আপুনি পৰামর্শ মতে নিজৰ কর্মত মনোযোগ দিব, প্ৰায় সফল হ’ব ৷ নিজৰ মতে চলিলে সফল হ’ব ৷
মকৰ ৰাশি: শিক্ষার্থীসকলৰ বাবে শুভ দিন ৷ বিদেশলৈ অধ্যয়নৰ বাবে যোৱাৰ সম্ভাৱনা ৷ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷
কুম্ভ ৰাশি: কঠোৰ পৰিশ্ৰমৰ সুফল লাভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হওক ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷ পৰিয়ালৰ সৈতে সু-সম্পৰ্ক স্থাপন ৷ কৰ্মজীৱনত বিপদত পৰিলেও কিন্তু সুফল লাভ কৰিব ৷
মীন ৰাশি: বিপৰীত লিংগৰ সৈতে সু-সম্পৰ্ক স্থাপন ৷ প্ৰেমত শুভ ৷ সংযোগত সফলতা লাভ ৷ প্ৰেমৰ ক্ষেত্ৰত ভাগ্য প্ৰায় ভালেই ৷

