ETV Bharat / state

জ্যোতিষ শাস্ত্ৰ মতে আপোনাৰ 18 ফেব্ৰুৱাৰীৰ দিনটো কেনে হ'ব, জানি লওক...

আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে ?জানি লওক দিনটোৰ আপোনাৰ ৰাশিফল...

Daily Horoscope for 18th February 2026
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 18, 2026 at 4:39 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : নিজৰ প্ৰতিভা ব্যৱহাৰ কৰিব ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে ন গৃহলৈ পৰিণত কৰিব পাৰে ৷
  2. বৃষ ৰাশি : দিনটো অত্যন্ত ভাল । ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষকৈ অনুকূল, কাৰণ আজি ব্যৱসায়ৰ সম্প্ৰসাৰণ হ’ব পাৰে আৰু ইয়াৰ পৰা উচ্চস্তৰীয় সফলতা পাব পাৰে । চাকৰিয়ালসকলে ঊৰ্ধ্বতনসকলৰ পৰা সহযোগিতা লাভ কৰিব । সংসাৰত সুখ আৰু শান্তিৰ পৰিৱেশ বৰ্তি থাকিব । ঘনিষ্ঠ বন্ধুক লগ পাব ৷
  3. মিথুন ৰাশি : ভ্রমণৰ যোগ ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকিব ৷
  4. কৰ্কট ৰাশি : কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ দিনটো প্ৰায় সফল হʼব ৷
  5. সিংহ ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ উত্তমৰূপে কথোপকথন কৰা আৱশ্যক, সফল হʼব ৷ উচিত সময়ত কার্য কৰক ৷
  6. কন্যা ৰাশি : ঘৰত আৰু কৰ্মক্ষেত্ৰত উৎসাহপূৰ্ণ আৰু উত্তম মানসিকতাৰে থাকিব । বন্ধু আৰু সহকৰ্মীসকলে আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব ৷ যদি কোনো বেমাৰত ভুগি আছে, তেতিয়া হ’লে সুস্থ হৈ উঠিব পাৰে । পৰিয়ালত সুখ বৰ্তি থাকিব ৷ নিজৰ কৰ্মকুশলতাৰ স্বীকৃতি পাব । প্ৰয়োজনৰ তুলনাত অধিক ব্যয় হ’ব ৷
  7. তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ বিশেষ একো ঘটনা নঘটে । সন্তানৰ বিষয়ে উদ্বেগ বাঢ়িব পাৰে । অৰ্থহীন আৰু বিতৰ্কিত আলোচনাত লিপ্ত নহ’ব । সুনাম নষ্ট হ’ব পাৰে । নতুন কোনো কাম হাতত লোৱাৰ পৰা বিৰত থাকক । ভ্ৰমণ এৰাই চলক । ঘনিষ্ঠ বন্ধুৰ সৈতে সংঘাত হ’ব পাৰে ।
  8. বৃশ্চিক ৰাশি : ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
  9. ধনু ৰাশি : সক্ৰিয় অনুভৱ হʼব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ গ্ৰহ-নক্ষত্ৰবোৰৰ মহিমা ভাল ৷ ভাগ্য ভাল ৷ কর্ম ব্যৱসায়ত ভাল, লক্ষ্যত সফল ৷
  10. মকৰ ৰাশি : পৰিয়ালৰ লোকৰ সৈতে কাজিয়া আৰু বিবাদত লিপ্ত নহ’ব । নম্ৰ আৰু বিনয়ী হৈ থাকিব ৷ সমস্যাৰ পৰা দূৰত থাকিব পাৰিব । আজি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰে । স্বাস্থ্য বৰ ভাল নাযাব । চকুৰ সমস্যাই দেখা দিব পাৰে ।
  11. কুম্ভ ৰাশি : দিনটো আপোনাৰ বাবে সুখদায়ক আৰু লাভদায়ক । শাৰীৰিক আৰু মানসিকভাৱে অত্যন্ত তজবজীয়া অনুভৱ কৰিব । জাগতিক আৰু আধ্যাত্মিক এই দুয়ো দিশতেই পৰিতৃপ্ত অনুভৱ কৰিব ।
  12. মীন ৰাশি : আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷