আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে ? জানি লওক আপোনাৰ ৰাশিফল...
কাৰ ভাগ্য উদয় হ’ব, কোন ৰাশিৰ জাতক-জাতিকাৰ সফলতাৰ দুৱাৰ খোল খাব ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...
ৰাশিফল (ETV Bharat)

Published : February 17, 2026 at 4:09 AM IST
- মেষ ৰাশি : নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়ন কর্মত ব্যস্ত হৈ থাকিব ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
- বৃষ ৰাশি : ব্যৱসায় বৃদ্ধিৰ বাবে পৰিকল্পনাত ব্যস্ত থাকিব পাৰে । ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিব লগা হ’ব পাৰে । কৰ্মস্থলীত জ্যেষ্ঠসকলে আপোনাৰ কামৰ দ্বাৰা প্ৰভাম্বিত হ’ব; পদোন্নতিৰ আশা কৰিব পাৰে । পিতৃ তথা বয়োজেষ্ঠসকলৰ পৰা উপকৃত হ’ব ।
- মিথুন ৰাশি : সতৰ্ক হোৱা উচিত ৷ বহুতো ব্যক্তিক আঘাত কৰিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়াৰ সংযোগত সফল হʼব ৷ বিবাহিত জীৱন আনন্দময় হʼব ৷
- কৰ্কট ৰাশি : ভোজ, সুস্বাদ্যু আহাৰ, সুন্দৰ সজ্জা আৰু বহু-সাংস্কৃতিক কথা বতৰাই আপোনাক সম্পূৰ্ণ দিন ব্যস্ত কৰি ৰাখিব । আনন্দ উপভোগ কৰিব ৷ নতুন ব্যৱসায়ৰ কথা চিন্তা কৰিব পাৰে ।
- সিংহ ৰাশি : ব্যৱসায়ীক লাভৰ সম্ভাৱনা ৷ বিনিয়োগৰ মাধ্যমেৰে আৰ্থিক লাভ ৷ আৰ্থিক সংকটত ই আপোনাৰ সহায়ক হ’ব ৷ প্ৰিয় বন্ধুৰ লগত ফুৰিবলৈ যাওঁক; বজাৰ কৰক ।
- কন্যা ৰাশি : নতুন আৰু ষ্টাইলিচ পোছক ক্ৰয় কৰিব পাৰিব ৷ শিল্পজাত বস্তু আৰু কলাকৃতি সৃষ্টিৰ বাবে প্ৰেৰণা পাব । ব্যৱসায়ী আৰু পেচাদাৰীসকলৰ বাবে দিনটো ফলদায়ক হ’ব । কৰ্মস্থলীত প্ৰতিদ্বন্দ্বীসকলতকৈ নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰি আপুনি সুখী হ’ব । এটা অতি সুন্দৰ দিন ।
- তুলা ৰাশি : এটা সাধাৰণ দিন । পৰিয়ালৰ সৈতে বিবাদ এৰাই চলক । মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, অসুস্থ হৈ পৰিব পাৰে । সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে লক্ষ্য ৰাখিব আৰু সতৰ্ক হৈ চলক ।
- বৃশ্চিক ৰাশি : পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক । আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি হʼব পাৰে অন্তত |
- ধনু ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ কৰ্ম জীৱনত অশান্তি হʼব ৷
- মকৰ ৰাশি : নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব ৷ আজি ভাগ-বতৰা কৰিব ইচ্ছা নহʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়াৰ সংযোগত সফল হ’ব ৷ বিবাহিতৰ বাবে দিনটো শুভ ৷
- কুম্ভ ৰাশি : টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে ৷ অনৰ্থক খৰচ-পাতি হʼব পাৰে ৷ কার্য-ব্যৱসায়ত ভাল ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল ৷ প্ৰেমৰ সম্পর্কৰ ভাল ৷
- মীন ৰাশি : আৰ্থিক লাভৰ সম্ভাৱনা । ঘৰুৱা পৰিৱেশো শান্ত আৰু উত্সাহজনক হৈ থাকিব । বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাওক ।

