কাৰ হ’ব খৰচ বৃদ্ধি, প্ৰেমৰ সম্পৰ্ক কেনে হ’ব, কৰ্ম-ব্যৱসায়ত কোন হ’ব সফল, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : November 16, 2025 at 5:00 AM IST
- মেষ ৰাশি : শুভবাৰ্তা লাভ কৰিব । আজি প্ৰায় সফল হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷ প্ৰশংসা লাভ ৷
- বৃষ ৰাশি : দিনটো ভাল ৷ সফলতা লাভ ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ পৰা বহুত লাভ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
- মিথুন ৰাশি : আপুনি আজি আৱেগীক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ শান্ত হৈ থাকিব ৷ সন্ধিয়াটো নিজৰ প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল ৷
- কৰ্কট ৰাশি : আজি আপোনাৰ টকা-পইচা অনিশ্চিত হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷ কর্মত প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও আপুনি প্ৰায় সফল হʼব ৷
- সিংহ ৰাশি : দিনটো কঠিন দিন হʼব ৷ খেলিমেলি হʼব পাৰে ৷ এলেহুৱা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কৰ্মত পৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে ৷
- কন্যা ৰাশি : ইফালে-সিফালে আজি আপুনি অআমন্ত্রিত পৰামর্শ পাব, সেই পৰামর্শবোৰ ভাল হʼব ৷ নিজৰ কর্মত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷
- তুলা ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ সন্ধিয়া সৰু যাত্রা হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ আজি কোনো লাভ বা ক্ষতি নাই ।
- বৃশ্চিক ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ পেশাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷
- ধনু ৰাশি : নতুন গ্রাহক লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
- মকৰ ৰাশি : প্রিয় দিন হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । সন্ধিয়াটো নিজৰ প্ৰেমৰ লগত কটাব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷
- কুম্ভ ৰাশি : খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ কর্ম কৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷
- মীন ৰাশি : দিনটো পৰিয়ালৰ লগত কটাব ৷ প্ৰেমত শুভ ৷ নিজৰ ওপৰত আশ্বাস, ভাৰসা ৰাখক ৷ লক্ষ্যত সফল ৷

