কাৰ হ’ব খৰচ বৃদ্ধি, প্ৰেমৰ সম্পৰ্ক কেনে হ’ব, কৰ্ম-ব্যৱসায়ত কোন হ’ব সফল, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?
দিনটোৰ ৰাশিফল... (ETV Bharat)

Published : November 12, 2025 at 5:06 AM IST
- মেষ ৰাশি : আজি বিপদৰ আশংকা নাই ৷ দিন প্ৰায় ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- বৃষ ৰাশি : বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে জীৱনত ভাল বন্ধুত্ব স্থাপন হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ ভাগ্য প্ৰায় ভাল ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷
- মিথুন ৰাশি : বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ পচন্দৰ কাৰ্যই সহায় কৰিব ৷ সৎকৰ্মৰ পৰিশ্ৰমৰ উত্তম ফল লাভ ৷ প্ৰশংসা লাভ ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷
- কৰ্কট ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ দিনটো ভাল ৷ এলেহুৱা-নিৰুৎসাহিত নহʼব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷
- সিংহ ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ কৰ্মত অধিক ব্যস্ত হʼব ৷
- কন্যা ৰাশি : ভাগ্য ভাল ৷ সৰু যাত্রা বা মন্দিৰ ভ্রমণ হʼব পাৰে ৷ দিনটো আনন্দময় হʼব ৷ লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
- তুলা ৰাশি : পৰিয়াল ভালে ৰখাত মনোযোগ দিব ৷ পুৰণি ঘৰটো ন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷ ৰোগ হ’ব পাৰে ৷ যোগৰ অনুশীলন কৰাটো ভাল ৷
- বৃশ্চিক ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালত ঔষধ কিনাৰ নামত খৰচ বৃদ্ধি হʼব পাৰে ৷ ৰোগ-পীড়া হ’ব পাৰে ৷ সদায় যোগ-অনুশীলন কৰাটো ভাল ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- ধনু ৰাশি : দিনটো প্ৰায় ভাল ৷ ইফালে-সিফালে আজি আপুনি আশা নকৰাকৈয়ে পৰামর্শ পাব, সেই পৰামর্শবোৰ ভাল হʼব ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷
- মকৰ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ কর্ম কৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ বন্ধুৰ লগত পার্টী হʼব পাৰে ৷
- কুম্ভ ৰাশি : দিনটো কঠিন হʼব ৷ খৰচ বৃদ্ধি ৷ পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ শিক্ষার্থীয়ে শিক্ষা অধ্যয়নত মনোযোগ দিব ৷ শান্ত হৈ থাকক ৷
- মীন ৰাশি : পৰৰ বিচাৰ নকৰিব ৷ আজি সৌভাগ্য উদয় হ’ব ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

