জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আজিৰ দিনটো… জানক দিনটোৰ ৰাশিফল
এই দিনটোত কি কি কৰিব, কি কি নকৰিব ? পঢ়ক দিনটোৰ ৰাশিফলত...

Published : June 12, 2026 at 5:01 AM IST
মেষ ৰাশি: আজিৰ দিনটো সক্ৰিয় অনুভৱ হ’ব ৷ দিনটো প্ৰায় ভালেই ৷ সফল হ’ব ৷ কৰ্ম জীৱনত পদোন্নতিৰ সম্ভাৱনা ৷ ই আপোনাক নতুন কৰ্ম, লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ব্যৱসায়, কৰ্মত মনোযোগ দিব ৷ তথাপিও কিছু সময়ত খেলিমেলি হ’ব পাৰে ৷ কিন্তু বিফলতাৰ সন্মুখীন নহয় ৷ তাকে দেখি নিৰুৎসাহিত নহ’ব, আপোনাৰ কৰ্মত মনোযোগ দিব ৷ জীৱনত সফল হ’ব ৷
বৃষ ৰাশি: আজি লোকক ভয়-ভীত কৰাৰ সমানে সমানে শাসনো কৰিব ৷ নিজৰ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ থকা উচিত ৷ একাধিক ব্যক্তিৰ সৈতে বন্ধুত্বপূৰ্ণ সংযোগ হ’ব ৷ আজি নতুন পৰিকল্পনা নকৰিব ৷ আপোনাৰ প্ৰায় ভাল হ’ব ৷
মিথুন ৰাশি: আপুনি সফলতা অনুসন্ধানৰ চিন্তা কৰে ৷ সেইবাবে পৰাস্ত হ’বলৈ কেতিয়াও অনুমতি নিদিব । কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । নিজৰ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷
কৰ্কট ৰাশি: নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়ন, কর্মত ব্যস্ত হৈ পৰিব ৷ কাৰ্য কৰি ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
সিংহ ৰাশি: আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰে ৷ সেইবাবে খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্ক ভাল হ’ব ৷ সংযোগত সফলতা লাভ ৷
কন্যা ৰাশি: আৰ্থিক সমস্যাৰ বাবে নিৰাশ হৈ পৰিব পাৰে ৷ নিজৰ মনৰ কথাহে শুনিব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ চৰকাৰী প্ৰকল্পত সফল হ’ব ৷ নতুন ব্যৱসায় কৰিব, সফল হ’ব ৷ নতুন ব্যৱসায় বিচাৰ হ’ব পাৰে, দীৰ্ঘসময়ৰ বাবে লাভ পাব ৷
তুলা ৰাশি: যদি আপুনি টকাখিনি ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিবলৈ বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘসময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভৱান হ’ব । ল’ৰা-ছোৱালীৰ সাফল্যই আনন্দ দিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হ’ব পাৰে ৷ টকা-পইচা নিশ্চিত হ’ব ৷ ভাল দৰমহা লাভ কৰিব ৷
বৃশ্চিক ৰাশি: এলেহুৱা-নিৰুৎসাহিত হৈ নপৰিব ৷ আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ কিন্তু সতৰ্ক আৰু সাৱধানে, সুস্থিৰে থকাটো ভাল ৷
ধনু ৰাশি: আজি আপোনাৰ আশা আৰু আনন্দৰ দিন ৷ পুৰণি কৰ্ম সফল হ’ব ৷ আপুনি লোকৰ পুৰণি বিবাদবোৰৰ অন্ত কৰিব ৷ প্ৰায় সফলতাৰে পৰিপূৰ্ণ এটা দিন ৷
মকৰ ৰাশি: কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ প্ৰায় ভাল, সফলতাৰে ভৰা দিন ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ’ব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
কুম্ভ ৰাশি: আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কিন্তু কার্য-ব্যৱসায়ত প্ৰভাৱ নপৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ সাৱধানে কার্য কৰিব ৷ আপোনাৰ সক্ৰিয় অনুভৱ হ’ব ৷ আপোনাৰ প্ৰায় ভাল, সফল হ’ব ৷ টকা-পইচাৰ নিশ্চিতি ৷
মীন ৰাশি: আজি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য-কর্ম প্ৰভাৱান্বিত হ’ব ৷ দুৰ্ভাগ্য হ’ব পাৰে, গ্ৰহ ভাল নহয় ৷ নিৰ্দেশনাৰ ওপৰত ভৰসা ৰাখি নিৰ্ণয় ল’ব ৷ নহ’লে খেলিমেলিৰ সম্ভাৱনা ৷ সদায় সতৰ্কতা অৱলম্বন কৰা উচিত ৷

