কৰ্কট ৰাশিৰ লোকৰ বাবে জীৱনৰ গুৰুত্বপূৰ্ণ দিন, ধনু ৰাশিৰ লোকে সাৱধানে কৰিব টকা-পইচাৰ খৰচ... কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো
গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী কেনে যাব আপোনাৰ আজিৰ দিনটো, জানি লওক ইটিভি ভাৰত অসমৰ ৰাশিফলৰ সৈতে…

Published : January 11, 2026 at 5:00 AM IST
মেষ ৰাশি: নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধিৰ নামত ব্যয় হ’ব ৷ ভালপোৱা, প্ৰেমৰ সম্পর্কত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্রাৰ সম্ভাৱনা ৷ পৰিয়ালৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ ৷ আনন্দময় দিন ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ সময়ত সাৱধানে গাড়ী চলাওক ৷ প্ৰায় ভাল, আনন্দময় দিন পাৰ হ’ব ৷
বৃষ ৰাশি: সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আজি প্ৰায় ভালেই ৷ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ ৰাখি প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ আনন্দময় দিন ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷
মিথুন ৰাশি: আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা উচিত হ’ব ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল ৷ লাভৰ যোগ ৷ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷
কৰ্কট ৰাশি: আজি জীৱনৰ গুৰুত্বপূৰ্ণ দিন ৷ বিপদাশংকা কৰ্ম সহজে সম্পন্ন হ’ব ৷ নিজৰ ওপৰত আশ্বাস-ভৰসা ৰাখক, লক্ষ্যত সফল হ’ব ৷ আপোনাৰ সঠিক মনোবৃত্তি আহৰণৰ যোগেদি সফল হ’ব ৷ সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব ৷ আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
সিংহ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব । ভাই-ভনীসকলৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় হৈ উঠিব । ভাই-ভনীৰ পৰা বহুত সাহায্য পাব । প্ৰতিটো সম্পৰ্কৰ আবেগিক গভীৰতা আপুনি উপলব্ধি কৰিব । ওচৰৰে কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিবলৈ যাব পাৰে । আজি আপুনি নিজক উদ্বেগমুক্ত অনুভৱ কৰিব আৰু আজি যিয়ে কৰিব তাতেই সফলতা পাব ।
কন্যা ৰাশি: আপোনাৰ বাবে এটা সক্ৰিয় দিন ৷ আপুনি প্ৰায় সফল হ’ব ৷ পৰিয়ালৰ সৈতে সম্পর্ক প্ৰায় ভাল হ’ব ৷ নতুন কৰ্ম-লক্ষ্য লাভ কৰিব পাৰে ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷ নিজৰ ব্যৱসায়, কর্মত ব্যস্ত আৰু প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷
তুলা ৰাশি: নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে ঠিক কৰিব ৷ আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে বাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব । সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । নিজৰ কামত মনোযোগী হ’ব আৰু সময়ত কাম শেষ কৰিব পাৰিব । আত্মবিশ্বাস বৃদ্ধিৰ যোগ ৷ আনন্দ আৰু মনোৰঞ্জনৰ নামত বহু টকা খৰচ কৰিবলগীয়া হ’ব পাৰে ।
বৃশ্চিক ৰাশি: যুৱক-যুৱতীবিলাকৰ বাবে ভাল দিন ৷ আনন্দময় দিন ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল ৷ বজাৰ কৰিবলৈ যোৱাৰ বাবে প্রিয় দিনত পৰিণত হোৱাৰ সম্ভাৱনা ৷ ল’ৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ৷
ধনু ৰাশি: টকা-পইচাৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷ টকা-পইচা সাৱধানে খৰচ কৰিব ৷ পইচা জমা কৰক ৷ নতুন শিক্ষা অধ্যয়ন কৰিবলৈ আগ্ৰহ জন্মিব পাৰে ৷ গ্ৰহ-নক্ষত্ৰবোৰৰ স্থান শুভ ৷ ভাগ্য শুভ ৷ কর্ম-ব্যৱসায়ত লক্ষ্য সফল ৷
মকৰ ৰাশি: প্রিয় দিন ৷ নাম আৰু সুনাম অৰ্জন ৷ কৰ্মজীৱনত পদোন্নতিৰ যোগ ৷ নতুন কৰ্ম-লক্ষ্য প্ৰদানৰ সম্ভাৱনা ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷ সফল হ’ব ৷ আজি প্ৰায় ভালেই ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজতে আনন্দিত হ’ব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কুম্ভ ৰাশি: এটা সুন্দৰ দিনৰ আৰম্ভণি ৷ শৰীৰৰ ওপৰত চকু দিয়ক ৷ অন্যথা দুৰ্বল আৰু কম কাৰ্যক্ষম অনুভব হ’ব ৷ যাৰ ফল মানসিকভাবেও উপলব্ধি কৰিব ৷ কৰ্মক্ষেত্ৰত শীৰ্ষ বিষয়া বা প্ৰতিদ্বন্দ্বীসকলৰ পৰা সাবধানে আঁতৰি থাকি বুদ্ধিৰে কামত আগবাঢ়ক ৷ তেওঁলোকে আপোনাক অবহেলা কৰিব পাৰে ৷ সন্তানৰ বাবে উদ্বিগ্নতা বৃদ্ধি হ’ব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বিদেশৰ পৰা বহুদিনৰে পৰা প্ৰতীক্ষা কৰি থকা খবৰ লাভ কৰিব পাৰে ৷ সকলোৰ বাদ দি অলপ সময় উলিয়াই পৰিয়ালৰ সৈতে দিন কটাওক আৰু আনন্দ কৰক ৷ সৰু-সুৰা ভ্ৰমণৰ যোগ ৷
মীন ৰাশি: কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎ কৰ্মত কোনো পলম নোহোৱাকৈ সফলতা পাব ৷ এবাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ পিছত তাত উপনীত হ’বলৈ পৰিশ্ৰম কৰক । বন্ধু তথা প্ৰেমৰ সম্পর্কৰ সৈতে পার্টী হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে সৰু যাত্রাৰ সম্ভাৱনা ৷ পৰিয়ালৰ সৈতে নিশাৰ আহাৰ গ্ৰহণৰ সম্ভাৱনা ৷ আনন্দময় দিন ৷

