বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো...
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Published : December 10, 2025 at 4:03 AM IST
মেষ ৰাশি : আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ প্ৰশংসা লাভ হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ৷
বৃষ ৰাশি : আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ ভাল হʼব প্ৰায় সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায়িক কৰ্মত মনোযোগ দিব ৷ জীৱনত সফলতা পাব ৷
মিথুন ৰাশি : আপোনাৰ প্ৰায় ভাল হʼব ৷ সুস্থিৰে কৰিব ৷ চকুৱে কষ্ট দিব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ হঠাতে বিপদাশঙ্কা হʼব পাৰে, সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ টকা-পইচাৰ খৰচ সাৱধান সুস্থিৰে কৰিব ৷ প্ৰাৰ্থনা কৰিব ৷
কৰ্কট ৰাশি : জীৱনৰ বহুতো ক্ষেত্ৰত সফল হʼব । সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ আপুনি লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
সিংহ ৰাশি : বিশ্বাসী দিন হʼব ৷ বিপদাশঙ্কা নহয়, দিন প্ৰায় ভাল সফল হʼব ৷ কার্য-ব্যৱসায়ত সতৰ্ক থকা ভাল ৷ বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ আপোনাৰ পচন্দ কার্যই সহায় দিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কন্যা ৰাশি : আপোনাৰ খং-ৰাগ কাৰণত সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কর্ম শান্ত হৈ থাকি কৰিব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ পৰিয়ালৰ লগত, বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ৷
তুলা ৰাশি : দিন ভাল হʼব ৷ ব্যৱসায়ত সফলতা লাভ হʼব ৷ পৰিয়ালৰ লগত আৰু প্ৰেম সম্পর্ক ভাল হʼব ৷ কার্য জীৱনত ভাল পদোন্নতি হʼব, নাম আৰু সুনাম হʼব ৷
বৃশ্চিক ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ তথাপিও এলেহুৱা-নিৰুৎসাহিত নহʼব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷ বিবাহিতৰ বাবে এইটো দিন ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷
ধনু ৰাশি : শৰীৰ আজি বৰ ভালে নাযাব ৷ মানসিক উদ্বিগ্নতা শৰীৰিক অসুস্থতাৰ কাৰণ হ’ব পাৰে ৷ ব্যৱসায়ত খেলিমেলি হ’ব ৷ আপোনাৰ ব্যবহাৰ সলনি কৰক ৷ সাবধানে সকলো কামত মনোনিবেশ কৰক আৰু প্ৰতিযোগিতা আৰু দ্বন্দ্বৰ পৰা আঁতৰি থাকক ৷
মকৰ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালত ঔষধ কিনা খৰচ বৃদ্ধি হʼব পাৰে ৷ ৰোগ-পীড়া হ’ব পাৰে ৷ তেনেকুৱাত সদায় যোগ-অনুশীলন কৰা ভাল ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কুম্ভ ৰাশি : প্ৰেম সম্পর্কত ভাল ৷ বিশ্বাসী দিন হʼব ৷ লক্ষ্য সফল হʼব ৷ বজাৰ কৰিবলৈ যোৱাৰ দিন হʼব ৷
মীন ৰাশি : স্বাস্থ্য ভাল, ভাতৃ-ভগ্নীৰ লগত প্ৰেমৰ সম্পর্ক ভাল হ’ব ৷ কার্য জীৱনত ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ খং-ৰাগ কাৰণত প্ৰভাৱ পৰিব পাৰে ৷ কর্ম শান্ত হৈ থাকি কৰিব ৷ ভাল লক্ষ্য সফল হʼব ৷

