কোন ৰাশিৰ জাতক-জাতিকাৰ অৰ্থ লাভৰ যোগ, কাৰ বাবে দিনটো সমস্যাৰে ভৰা হ’ব...চাওক দৈনিক ৰাশিফল
এইকেইটা ৰাশিৰ জাতক-জাতিকা আজি সাৱধানে চলিব । জানি লওক আজিৰ দিনটোৰ ৰাশিফল ।

দৈনিক ৰাশিফল (ETV Bharat)

Published : May 5, 2026 at 7:33 AM IST
- মেষ ৰাশি: নতুন কাম বা পৰিকল্পনা আৰম্ভ কৰিবৰ বাবে এটা ভাল দিন ৷ দুপৰীয়াৰ পিছত অধিক সফলতা লাভ কৰিব ৷ দিনটোৰ প্ৰথম ভাগত যথেষ্ট সমস্যা হ’ব পাৰে ৷ পুৱা সমস্যাৰ পৰা উপশম পাবৰ বাবে ধ্যান বা যোগাসন কৰিব পাৰে; ই আপোনাক শান্ত কৰি ৰাখিব ৷ নিজৰ বক্তব্য আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক; জাংকফুড গ্ৰহণ নকৰিব ৷
- বৃষ ৰাশি: আপোনাৰ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ মানসিক চিন্তা হʼব পাৰে ৷ নতুন বন্ধু লাভ কৰিব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় সময় কটাব পাৰে ৷ সন্ধিয়া সকলো অশান্তি দূৰ হʼব ৷
- মিথুন ৰাশি: আজি পৰিয়ালৰ লগত আপোনাৰ সম্পর্ক ভাল হʼব ৷ ব্যস্ত কৰ্মসূচীৰ মাজতে সময় উলিয়াই প্ৰেমত মনোযোগ দিয়ক ৷ সন্ধিয়া প্ৰেমাস্পদৰ সৈতে সময় কটাওক ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷
- ককৰ্ট ৰাশি: আপুনি আজি কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ কৰ্মত ধৈৰ্য ধৰিলে লাভৱান হ’ব ৷ নিজৰ ওপৰত আশ্বাস-ভাৰসা ৰাখিলে লক্ষ্যত সফল হ’ব ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷
- সিংহ ৰাশি: আজি নিজৰ শিল্প প্ৰতিভা ব্যৱহাৰৰ সুযোগ পাব ৷ আপোনাৰ নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল সফল লাভ হʼব ৷ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ আজি গ্ৰহৰ দশা ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হোৱা সকলো সফল হʼব ৷
- কন্যা ৰাশি: ভৌতিক বিষয় আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব ৷ অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনা ৷ আৰম্ভ কৰাৰ ক্ষেত্ৰত গ্ৰহৰ বাধা ৷ স্থায়ী সম্পত্তি আৰু সম্পদৰ ক্ষেত্ৰত কোনো কাগজৰ কাম আজি নকৰিব ৷ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ৷
- তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ভাল ৷ ভাগ্য ভাল হʼব ৷ লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে ৷
- বৃশ্চিক ৰাশি: আজি ভাগৰুৱা আৰু নিৰুৎসাহী হৈ পৰিব পাৰে ৷ কোনো প্ৰতিযোগিতাত বিফল হʼব পাৰে ৷ আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব পাৰিব ৷ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক ৷
- ধনু ৰাশি: দিনটোৰ প্ৰথমভাগত কিছু চাপ থাকিব ৷ আপোনাৰ স্বাস্থ্যৰো কিছু সমস্যা হ’ব পাৰে ৷ ঘৰতো কোনো কথাত কাজিয়া হ’ব পাৰে ৷ দিনটোৰ পিছবেলা পৰিস্থিতি উন্নত হ’ব ৷ পৰিয়ালৰ লোকৰ লগত সময় কটাওক ৷ কোনো পুৰণি বন্ধুক লগ পাব পাৰে; অতীত দিন ৰোমন্থন কৰক ৷
- মকৰ ৰাশি: দিনটো ফলপ্ৰসূ হ’ব ৷ আৰ্থিক, পেচাদাৰী আৰু সামাজিক ক্ষেত্ৰত নাম আৰু খ্যাতি অৰ্জন কৰিব ৷ তথাপিও, দিনটোৰ পিছৰ ভাগত আপুনি সাৱধানতা অৱলম্বন কৰা উচিত ৷ স্বাস্থ্য ভালেই দেখা যায় ৷ আইনী কাম-কাজত সতৰ্ক হওক ৷ গাড়ী চলাওঁতে সাৱধান হওক ৷
- কুম্ভ ৰাশি: প্ৰত্যাশিত আৰু অপ্ৰত্যাশিত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷ কৰ্মস্থলীত আপোনাৰ প্ৰচেষ্টাত জ্যেষ্ঠসকল সুখী আৰু সন্তুষ্ট হ’ব ৷ আপোনাক পদোন্নতি প্ৰদান কৰিব পাৰে ৷ তাৰোপৰি, কৰ্মস্থলীত সাম্ভাব্যৰূপত উপকৃত হোৱাৰ সম্ভাৱনা আছে ৷ দিনটোৰ ব্যস্ততাক আঁতৰাবৰ বাবে সাঁতোৰক বা ফুৰিবলৈ যাওক ৷
- মীন ৰাশি: ৰাতিপুৱাৰ সময়খিনি পেচাদাৰী বা ব্যৱসায়ীসকলৰ বাবে লাভজনক নহ’বও পাৰে ৷ কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠ বা সহকৰ্মীৰ লগত তৰ্ক বা বিবাদৰ পৰা বিৰত থাকক ৷ তথাপিও, অলপ বাধাৰ পিছত, কৰ্মস্থলীৰ পৰিৱেশ উন্নত হ’ব; আপোনাৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব ৷ কামৰ বাবে দীঘলীয়া ভ্ৰমণত যাবলগীয়া হ’ব পাৰে ৷

