ETV Bharat / state

কেনেদৰে পাৰ হ’ব বুধবাৰৰ দিনটো ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল

জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা কিমান বেয়া ? ইটিভি ভাৰতৰ ৰাশিফলৰ জৰিয়তে দিনটো কেনেদৰে পাৰ হ’ব জানি লওক ৷

Daily Horoscope
দিনটোৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 2, 2026 at 6:00 AM IST

3 Min Read
Choose ETV Bharat

মেষ ৰাশি: পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ ধন ৰাহি ৷ খৰচ ভাল ৷ সুস্থিৰে খৰচ কৰিব ৷

বৃষ ৰাশি: আজি আপুনি যুক্তিৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ ভাগ্যৰ সৈতে যুঁজিব লাগিব ৷ খেলিমেলিৰ সম্ভাৱনা ৷ তাৰপিছতো কিন্তু নিৰ্ভয়ে কৰ্মত মনোযোগ দিব ৷ দৃঢ় নিৰ্ণয় লোৱাৰ সময়ত চিন্তা কৰিব ৷ আপুনি হয়তো ভুল কৰিব পাৰে ৷

মিথুন ৰাশি: যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব ৷ সেই ফল পাবলৈ আপুনি কৰ্মত মনোযোগ দিবলগীয়া হʼব ৷ আপুনি এবাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ পিছত তাত উপনীত হ’বলৈ পৰিশ্ৰম কৰক । লক্ষ্যত সফল হ’লে আপোনাৰ আনন্দ লাগিব ৷

কৰ্কট ৰাশি: আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল হʼব ৷ লাভৰ যোগ ৷

সিংহ ৰাশি: আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ সেইবাবে খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ ৰাখি প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্কত ভাল হʼব ৷ সংযোগত সফলতা লাভ ৷

কন্যা ৰাশি: আপুনি আজি অপৰিচিত লোকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব ৷ দিনটো প্ৰায় ভাল ৷ সফল হ’ব ৷ বিদেশী বন্ধু-বৰ্গৰ সৈতে কটোৱা সময় ভাল হʼব ৷ সেয়েহে সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজন ।

তুলা ৰাশি: আজি পৰিয়ালৰ সৈতে আপোনাৰ সম্পর্ক ভাল হʼব ৷ ব্যস্ত কাৰ্যসূচীৰ মাজতো সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ সন্ধিয়া আপুনি নিজৰ প্ৰেমাস্পদৰ সৈতে সময় পাৰ কৰিব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

বৃশ্চিক ৰাশি: আজি সক্ৰিয় হৈ থাকক ৷ আনৰ দোষ আপোনাৰ ওপৰত জাপি দিব ৷ আপোনাক জগৰীয়া কৰিব ৷ নিন্দা আৰু পৰচৰ্চ্চাৰ পৰা আঁতৰি থকা উচিত ৷ তথাপিও আপুনি বহুতকে শিকিবলৈ সহায় কৰিব ৷ আপুনি সফল হʼব ৷

ধনু ৰাশি: আমি অতি সাৱধানেৰে কর্ম পালন কৰা উচিত ৷ পুৰণি অসম্পূৰ্ণ কাৰ্য সম্পন্ন কৰাত সহায় হʼব ৷ আনৰ মাজত হোৱা বিবাদক সমাধান কৰাৰ বাবে পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ সৎ কৰ্মক বেছি ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷

মকৰ ৰাশি: আপোনাৰ কেইবামাহমান ধৰি ভাগ্য ভাল নাছিল, সেইবাবে ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হৈছিল ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো সুখৰ সপোন দেখিব ৷ আপোনাৰ বাবে আজি আনন্দৰ দিন ৷ আপুনি প্ৰায় সফল হʼব ৷

কুম্ভ ৰাশি: কঠিন কাম সহজতে সফল কৰিব ৷ আপুনি একাধিক ব্যক্তিৰ সৈতে সংযোজিত হ’ব ৷ আপোনাৰ পছন্দৰ কাৰ্যই সহায় কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

মীন ৰাশি: খৰচ বৃদ্ধি হ’ব পাৰে । টকা-পইচাৰ অনিশ্চিতি ৷ সাৱধানে খৰচ কৰক ৷ আজি আপোনাৰ খৰচ বৃদ্ধি হʼব । সতৰ্ক হোৱা উচিত ৷