ETV Bharat / state

অন্ধকাৰত কোকৰাঝাৰ চহৰ, ধুমুহাই থানবান কৰিলে বহু পৰিয়লৰ সপোনৰ ঘৰ

ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হৈছে কোকৰাঝাৰ চহৰ ৷ নিয়মিত বিদ্যুৎ যোগান ধৰাত ব্যাহত ৷

Kokrajhar News
অন্ধকাৰত কোকৰাঝাৰ চহৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 8:10 PM IST

2 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : দেওবাৰে কোকৰাঝাৰ চহৰকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলত বিধ্বংসী ধুমুহা ৷ ফলত বিস্তৰ ক্ষতি সাধন হৈছে জিলাখনৰ ভিন্ন প্ৰান্তত ৷ প্ৰায় এক ঘণ্টা ধৰি চলা এই ধুমুহাৰ ফলত চহৰখনৰ বহু পুৰণি গছ-গছনি ভাঙি যোৱাৰ ফলত চৌদিশে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে ৷ কোকৰাঝাৰ থানাৰ চৌহদত থকা ৫০ বছৰ অতিক্ৰম কৰা বেতাঁৰকেন্দ্ৰৰ বিশাল টাওৱাৰ ভাঙি পৰাত যোগাযোগ ব্যৱস্থা ব্যাহত হয় ।

ইয়াৰ লগতে চহৰখনৰ এপিডিচিএল কাৰ্যালয়ৰ নিয়ন্ত্ৰণ কক্ষৰো টিনপাত উৰুৱাই নিয়াৰ লগতে হাজাৰ শক্তি সম্পন্ন বিদ্যুত পৰিবাহী পকী খুটা উভালি পৰে ৷ ইয়াৰোপৰি চহৰখনত ঠাইয়ে ঠাইয়ে বিদ্যুত পৰিবাহী তাঁৰৰ ওপৰত গছ বাগৰি পৰাৰ ফলত বিদ্যুত পৰিবাহী তাঁত চিগি গৈছে ৷ সেয়ে আগন্তুক দুদিনলৈ নিয়মিত বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত ব্যাহত হ'ব বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিছে ৷

ধুমুহাই থানবান কৰিলে বহু পৰিয়লৰ সপোনৰ ঘৰ (ETV Bharat Assam)

জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীনে চক্ৰ বিষয়াসকলক নিজ নিজ এলেকা পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লবলৈ নিৰ্দেশ দিছে ৷ ইফালে যাতায়ত ব্যৱস্থা সুচল কৰাৰ বাবে বন বিভাগে গছ কটা আৰম্ভ কৰিছে ৷ এপিডিচিএলৰ চৌহদৰ লগতে সমগ্ৰ চহৰখন অন্ধকাৰ হৈ পৰিছে ৷ বিস্তৰ ক্ষতি সাধন হোৱা বাওখুংগ্ৰী সমষ্টিৰ বৃহত্তৰ অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় নৱ নিৰ্বাচিত সমষ্টিৰ বিধায়ক ৰূপম চন্দ্ৰ ৰায়ে ৷ ধুমুহাৰ ফলত ক্ষতিগ্ৰস্থ পৰিয়ালক সহায়ৰ আশ্বাস প্ৰদান বিধায়ক ৰায়ৰ ৷

Kokrajhar News
কোকৰাঝাৰত হোৱা বা-মাৰলি ফলত বিস্তৰ ক্ষতি (ETV Bharat Assam)

জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীনে কয়,"কোকৰাঝাৰত এনেকুৱা ধুমুহা বৰষুণ পূৰ্বে কেতিয়াও হোৱা নাছিল ৷ বিশেষকৈ কোকৰাঝাৰ চহৰ আৰু দোতমা অঞ্চলত বিস্তৰ ক্ষতি হয়। দোতমা চক্ৰৰ অধীনত ৩০ খন আৰু কোকৰাঝাৰত সাতখন গাঁও ক্ষতিগ্ৰস্ত হৈছে ৷ গোটেই জিলাখনত প্ৰায় ৪০ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ৷ কোকৰাঝাৰত বিজুলী সংযোগৰ কাৰণে দুদিনমান লাগিব ৷"

Kokrajhar News
কোকৰাঝাৰত হোৱা বা-মাৰলি ফলত বিস্তৰ ক্ষতি (ETV Bharat Assam)

এপিডিচিএলৰ মুখ্য কাৰ্যবাহী বিষয়া যতীন নৰহে কয়,"মেচিনসমূহ নুশুকুৱালৈকে ৰে'ললাইনৰ দক্ষিণপাৰে বিজুলী যোগান বন্ধ থাকিব । মেচিন পানী শুকুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছো ৷ আজি সন্ধিয়া দোতমা অঞ্চলত দিবলৈ চেষ্টা কৰিম ৷ কোকৰাঝাৰৰ বাবে এদিন সময়ৰ প্ৰয়োজন হ’ব ৷" উল্লেখ্য যে, ধুমুহাৰ ফলত এপিডিচিএল কাৰ্যালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ টিন উৰুৱাই নিয়ে ৷ ফলত বৰষুণত সকলো মেচিনত পানী জমা হৈ পৰিছে ৷ সেয়ে বিদ্যুৎ যোগান ধৰাত কিছু অসুবিধা হ'ব বুলি উল্লেখ কৰে এপিডিচিলৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক:জাগীৰোডৰ প্ৰস্তাৱিত উপগ্ৰহীয় নগৰৰ জৰীপ তাৎক্ষণিকভাৱে বাতিল জিলা প্ৰশাসনৰ