ভাৰতৰ প্ৰান্তে প্ৰান্তে ৬৪,০০০ কিলোমিটাৰ পথ চাইকেলেৰে যাত্ৰা আশাৰ
ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ আশা মালব্যই জীৱনৰ প্ৰথম চাইকেল যাত্ৰা আৰম্ভ কৰিছিল মধ্য প্ৰদেশৰ ভূপালৰ পৰা ২০২২ চনৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা ৷

Published : June 14, 2026 at 5:56 PM IST
বিশ্বনাথ : ভাৰতীয় সেনাৰ বীৰত্ব আৰু ত্যাগৰ প্ৰতি সন্মান জনায় ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ তথা চাইক্লিষ্ট আশা মালব্যই এক ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিছে । তেওঁ ইতিমধ্যে চাইকেল লৈ ভাৰতবৰ্ষৰ চাৰিওফালে ৬৪,০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্যত উপনীত হৈছে ৷
ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ আশা মালব্যই জীৱনৰ প্ৰথম চাইকেল যাত্ৰা আৰম্ভ কৰিছিল মধ্যপ্ৰদেশৰ ভূপালৰ পৰা ২০২২ চনৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা ৷ পুনৰ ২০২৬ চনৰ ১১ জানুৱাৰীত ৰাজস্থানৰ পৰা পুনৰ এই যাত্ৰাৰ আৰম্ভ কৰি দেওবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হয় আশা । ইতিমধ্যে পশ্চিম বংগ, দিল্লী, মুম্বাই, অৰুণাচল প্ৰদেশকে ধৰি বহু কেইখন ৰাজ্যত উপস্থিত হোৱা বুলি তেওঁ জানিবলৈ দিয়ে ।
ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ, পৰ্বতাৰোহী আৰু প্ৰশংসিত একক দীৰ্ঘ দূৰত্বৰ চাইক্লিষ্ট আশা মালব্যই ভাৰতীয় সেনাৰ প্ৰতি আন্তৰিক সন্মান হিচাপে ৬৪,০০০ কিলোমিটাৰৰ এক ঐতিহাসিক চাইকেল যাত্ৰা আৰম্ভ কৰি সফল হোৱা বুলি প্ৰকাশ কৰে ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ আশা মালব্যই কয়, ‘‘সীমান্তত দেশৰ সুৰক্ষাৰ বাবে দিনে-ৰাতিয়ে সষ্টম হৈ থকা আমাৰ ভাৰতীয় সেনা জোৱানসকলৰ প্ৰতি মোৰ এয়া সৰু প্ৰয়াস । তেওঁলোকৰ ত্যাগৰ ওচৰত এই যাত্ৰা একোৱেই নহয় । যুৱপ্ৰজন্মক দেশপ্ৰেম আৰু ফিটনেছৰ বাবে অনুপ্ৰাণিত কৰাই মোৰ মূল লক্ষ্য ৷’’
তেওঁ লগতে কয়, ‘‘HIV/AIDS ৰ সজাগতা, নাৰী শক্তি, যুৱক-যুৱতীক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰাকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আৰম্ভ কৰা এই যাত্ৰাই বৰ্তমানলৈকে ৬৪,০০০ কিঃমিঃ অতিক্ৰম কৰিছে । এই যাত্ৰা সময়ছোৱাত ভাৰতীয় সেনাই অহৰহভাৱে তেওঁক সহযোগিতা কৰি আহিছে ৷’’ দৈনিক এই যাত্ৰাত ৫০ পৰা ৮০ কিলোমিটাৰো অধিক চাইকেল চলোৱা বুলি উল্লেখ কৰে আশাই ৷
উল্লেখ্য যে, আশা মালব্য এগৰাকী প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় চাইক্লিষ্ট । ইয়াৰ আগতেও তেওঁ সামাজিক সজাগতাৰ বাবে বিভিন্ন দীঘলীয়া যাত্ৰা কৰি জনপ্ৰিয় হৈছে যদিও ভাৰতীয় সেনাৰ নামত এইবাৰ ৬৪,০০০ কিঃমিঃ যাত্ৰাই তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ পদক্ষেপ বুলি মন্তব্য কৰে । ইফালে যাত্ৰাৰ সময়ছোৱাত দেশৰ বিভিন্ন ক্ৰীড়াপ্ৰেমী আৰু দেশপ্ৰেমী ৰাইজে তেওঁৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে আদৰণি জনোৱাত অধিক অনুপ্ৰাণিত হোৱা বুলিও কয় আশা মালব্যই ।
আনহাতে, অসমত যাত্ৰা আৰম্ভ কৰাৰ সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বহু বিষয় আলোচনা কৰি এক সুন্দৰ বাৰ্তা লাভ কৰি আনন্দিত হোৱাৰ লগতে অসমৰ মাজুলীৰ দৰে জিলালৈ গৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আপ্লুত হোৱা বুলিও কয় ৷ অসমক লৈ গৌৰৱবোধ কৰাৰ লগতে প্ৰশংসাও কৰে তেওঁ ।
লগতে পঢ়ক: আৰৱ সাগৰত ১৫ দিন দিনে-নিশাই সাঁতুৰিব জলকোঁৱৰ এলভিছ আলী হাজৰিকাই

