ETV Bharat / state

গেছৰ অভাৱত ক্ষুব্ধ হৈ ৰাইজ নামিল প্ৰতিবাদত

ৰন্ধন গেছৰ সংকটক কেন্দ্ৰ কৰি মাৰ্ঘেৰিটাৰ গেছ এজেঞ্চীৰ সমীপত উত্তেজনা ৷ কেইবাঘণ্টা অপেক্ষা কৰিও নাপালে চিলিণ্ডাৰ ।

Customer got angry and protested because they didn't get the LPG  Cylinders
গেছৰ অভাৱত ক্ষুব্ধ হৈ ৰাইজ নামিল প্ৰতিবাদত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 8:16 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: ৰাজ্যজুৰি এতিয়া ৰন্ধন গেছৰ নাটনিয়ে দেখা দিছে ৷ তাৰ মাজতে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ নাটনিক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । গেছৰ নিয়মীয়া যোগানৰ অভাৱত ক্ষুব্ধ হৈ ৰাইজে নামিল প্ৰতিবাদত । ৰাইজে পথ অৱৰোধ কৰি শীঘ্ৰে গেছৰ যোগান স্বাভাৱিক কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে ।

মাৰ্ঘেৰিটা গেছ চাপ্লাইত শুকুৰবাৰে পুৱতি নিশাৰ পৰাই গেছ লাভৰ আশাত শতাধিক গ্ৰাহকৰ ভিৰ হয় ৷ কিন্তু দুৰ্ভাগ্যবশতঃ কেইবাঘণ্টা অপেক্ষা কৰাৰ পিছতো বহু গ্ৰাহকে গেছ চিলিণ্ডাৰ লাভ নকৰাত সৃষ্টি হয় তীব্ৰ অসন্তুষ্টি । নিয়মীয়া গেছ যোগানৰ অভাৱ, বুকিং কৰাৰ পিছতো সময়মতে চিলিণ্ডাৰ লাভ নকৰা আৰু গেছ বিতৰণ ব্যৱস্থাৰ বিসংগতিক লৈ ক্ষুব্ধ হৈ উঠে ৰাইজ ।

গেছৰ অভাৱত ক্ষুব্ধ হৈ ৰাইজ নামিল প্ৰতিবাদত (ETV Bharat Assam)

পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা গেছ চাপ্লাইৰ সন্মুখত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক গ্ৰাহকে । ক্ষুব্ধ ৰাইজে কিছু সময়ৰ বাবে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে, ফলত যান-বাহনৰ চলাচল ব্যাহত হয় আৰু অঞ্চলটোত এক অচলাৱস্থাৰ সৃষ্টি হয় ।

খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় মাৰ্ঘেৰিটা আৰক্ষী আৰু মাৰ্ঘেৰিটা সমজিলাৰ প্ৰশাসনিক বিষয়া । প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে । গেছৰ সংকটৰ ফলত সাধাৰণ জনজীৱনত যথেষ্ট প্ৰভাৱ পৰিছে । ৰাইজে শীঘ্ৰে পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছৰ যোগান নিশ্চিত কৰাৰ দাবী জনোৱাৰ লগতে সমস্যা সমাধানৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে ।

এগৰাকী উপভোক্তাই এই সন্দৰ্ভত কয়, "আজি দুই-তিনিদিন হৈ গ'ল আমি চিলিণ্ডাৰ পোৱা নাই । ঘৰত সৰু ল'ৰা-ছোৱালী আছে, আমি খাম কেনেকৈ ? তিনি-চাৰিদিন ধৰি আহি আহি আমনি লাগি গৈছে ।"

লগতে পঢ়ক: ওস্তাদ বিছমিল্লাহ খান যুৱ বঁটাপ্ৰাপক হীৰকজ্যোতি শৰ্মা কিয় আকৰ্ষিত হৈছিল টোকাৰী গীতৰ প্ৰতি ?

সৰুপথাৰক নিচামুক্ত কৰিবলৈ অবৈধ সুৰা বিৰোধী সামাজিক আন্দোলন