অসম সাহিত্য সভাৰ চৌহদত হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উপলক্ষে বৰ্ণাঢ্য় সাংস্কৃতিক শোভাযাত্ৰাৰে 'সুৱাগ-তোলা' ৷

Published : November 16, 2025 at 8:24 PM IST
মাজুলী: অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ উপলক্ষে আজি মাজুলীত অনুষ্ঠিত হয় 'সুৱাগ-তোলা' অনুষ্ঠান । এই উপলক্ষে অসম সাহিত্য সভাৰ উদ্যোগত মাজুলী জিলা সাহিত্য সভাৰ সহযোগত সত্ৰ নগৰীত উলিওৱা হয় এক বৰ্ণাঢ্য় সাংস্কৃতিক শোভাযাত্ৰা । দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয় পৰিৱেশ নিকাকৰণ আৰু পতাকা উত্তোলনেৰে ।
মাজুলী জিলাৰ সমূহ শাখা সাহিত্য সভা আৰু মাজুলীবাসীৰ আতিথ্যত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ উপলক্ষে আজি মাজুলীত অনুষ্ঠিত হয় 'সুৱাগ-তোলা' অনুষ্ঠানৰ । দানবীৰ ৰাধাকান্ত সন্দিকৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ প্ৰয়াসৰে আয়োজন কৰা এই অনুষ্ঠানটোত পুৱাই আকৰ্ষণীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে । সভাপতিগৰাকীয়ে কয়, "এটা কাৰ্যসূচীক উপলক্ষ্য় কৰি আজি যি শোভাযাত্ৰা হৈছে এনে শোভাযাত্ৰা মই ক'তো দেখা নাই । অসম সাহিত্য সভাৰ ইতিহাসত এয়া এক বিৰল ঘটনা দেখিবলৈ পাইছো ।... অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উপলক্ষে ২ আৰু ৩ ডিচেম্বৰত বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।"
অসম সাহিত্য সভাৰ চৌহদত হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি :
অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে জুবিন গাৰ্গৰ প্ৰসংগত কয়, "যি জাতিয়ে শিল্পী, সাহিত্যিকক শ্ৰদ্ধা কৰিবলৈ নিশিকে সেই জাতিটোক কেতিয়াও সভ্য বুলি ক'ব নোৱাৰি । জুবিন গাৰ্গৰ জন্ম দিনটো ১৮ তাৰিখে অনুষ্ঠিত হ'ব মহাধুমধামেৰে । ইয়াৰ লগত সম্পৰ্ক ৰাখি জুবিন গাৰ্গে ভাল পোৱা যিখিনি কাম দুখীয়া দৰিদ্ৰৰ প্ৰতি যি স্নেহ, শ্ৰদ্ধা, সহায়ৰ দৰে কামবোৰ এই কাৰ্যসূচীত স্থান পাব লাগে । জুবিনে ভাল পোৱা কামবোৰ কৰিব লাগে । ডিচেম্বৰ মাহত অসম সাহিত্য সভাৰ চৌহদত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিম ।"
বৃন্দাবনী বস্ত্র প্ৰসংগত মুখ্য়মন্ত্ৰীক প্ৰশংসা :
ইপিনে, গুৰুজনাৰ অপূৰ্ব সৃষ্টি আপুৰুগীয়া বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে শনিবাৰে লণ্ডন অভিমুখে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হোৱাত সন্তোষ প্ৰকাশ কৰি অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে কয়,"শংকৰদেৱে অসমীয়া জাতিটোক একতাৰ দোলৰে বান্ধি গৈছিল । জাতি-ধৰ্ম নিৰ্বিশেষে মনুষ্য়ত্ব সাধনা কৰিবলৈ শিক্ষা দিছিল । অসমীয়া সংস্কৃতিৰ বৰভেটি নিৰ্মাণ কৰি গৈছিল । তেনেস্থলত অসমৰ মুখ্যমন্ত্ৰীয়ে লণ্ডনৰ পৰা ২০২৭ চনত প্ৰাচীন কলা সংস্কৃতিৰ যিটো অপূৰ্ব নিদৰ্শন অসমীয়া শিল্পীয়ে অংকন কৰা বৃন্দাবনী বস্ত্র আনিবলৈ যিটো দায়িত্ব লৈছে আমি ভাল পাইছো ।"

