ETV Bharat / state

দিৰিং নদীৰ কুলু কুলু শব্দৰ মাজত দ্বাৰাগাঁৱত এতিয়া বনভোজকাৰীৰ ভিৰ

ভূটান পাহাৰৰ নৈসৰ্গিক পৰিৱেশত লগে-ভাগে এসাঁজ খোৱাৰ আনন্দ ।

Daragaon Picnic Spot on Indo-Bhutan border
শীতৰ সেমেকা পুৱা দ্বাৰাগাঁৱত বনভোজকাৰীৰ ভিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 15, 2025 at 8:44 PM IST

2 Min Read
Choose ETV Bharat

বাক্সা : ভূটান পাহাৰৰ সেউজ পৰিৱেশত বৈ অহা দিৰিং নদীৰ কুলু কুলু শব্দই সকলোকে আকৰ্ষণ কৰিব পাৰে । ক্ষন্তেকৰ বাবে হ'লেও যান্ত্ৰিকতাৰ মাজৰ পৰা ওলাই আহি প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ আহে প্ৰকৃতিপ্ৰেমী । সমান্তৰালভাৱে শীতত ৰ'দৰ আমেজ লৈ আনন্দ কৰিবলৈ ইয়াতেই ভিৰ কৰিছেহি বনভোজকাৰী দলসমূহে ।

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দ্বাৰাগাঁৱত বনভোজকাৰীৰ ভিৰ ৷ ২০২৫ চনক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি ইতিমধ্য়েই আৰম্ভ হৈছে ৷ বনভোজকাৰীৰ ভিৰেও যেন তাৰেই বতৰা দিছে । শীতৰ সেমেকা বতৰত এতিয়া লগে-ভাগে এসাজ খোৱাৰ বতৰ ৷

শীতৰ সেমেকা পুৱা দ্বাৰাগাঁৱত বনভোজকাৰীৰ ভিৰ (ETV Bharat Assam)

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বনভোজস্থলীসমূহতো বৃদ্ধি পাইছে বনভোজকাৰী দল ৷ পানীৰ বাবে বিখ্যাত হৈ পৰা জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ দ্বাৰাগাঁৱতো বনভোজকাৰী দলৰ আগমন ঘটিছে ৷ ভূটান পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত লগে-ভাগে পৰিয়াল, আত্মীয়-কুটুম্বৰ সৈতে সময় কটোৱাৰ বাবে ইতিমধ্যে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা উপস্থিত হৈছে বনভোজকাৰী দল ৷ ভূটান পাহাৰৰ সেউজ পৰিৱেশ, দিৰিং নদীৰ কুলু কুলু শব্দ, বিশাল শিলাখণ্ডই বনভোজকাৰীক আত্মহাৰা কৰি তোলে ৷

উল্লেখ্য যে জিলাখনৰ ভাৰত-ভূটান সীমান্তত গঢ় লৈ উঠা দ্বাৰাগাঁও বনভোজস্থলীত বনভোজকাৰীসকলৰ মনোৰঞ্জনৰ বাবে আছে বিশেষ ব্যৱস্থা ৷ জীপ লাইন, আৰ্চাৰীকে ধৰি বিভিন্ন ব্যৱস্থা আছে ৷ আনহাতে বনভোজস্থলীসমূহত গঢ়ি উঠা দোকানসমূহতো বিভিন্ন জনজাতীয় খাদ্য সামগ্ৰী উপলব্ধ ৷ বনভোজৰ আনন্দ উপভোগ কৰিলেও বনভোজকাৰীয়ে জুবিন গাৰ্গৰ ন্য়ায় বিচাৰিবলৈ পাহৰা নাই ।

দ্বাৰাগাঁৱলৈ অহা পৰ্যটকে জুবিনৰ ক্ষেত্ৰত ন্যায় বিচৰা ক্ষেত্ৰত বিশেষ মন্তব্য আগবঢ়ায় ৷ জুবিনদা অসমীয়াৰ ৰাজহাড় ৷ অসমৰ ৰাইজক প্ৰকৃততে কি হৈছিল, ঘটনাত কোন কোন জড়িত এই সকলোবোৰ প্ৰকাশ কৰক, নহ'লে কি হ'ব সেয়া কোনোৱে কল্পনা কৰিব নোৱাৰিব বুলিও কয় পৰ্যটকে ৷ আন এজন পৰ্যটকে কয়,"মোৰ জুবিন দাৰ লগত একপি ফটোও উঠা নহ'ল । তেওঁক কোনোৱে হত্য়া কৰিব নোৱাৰে । তেওঁ অজৰ-অমৰ ।"

লগতে পঢ়ক:বনভোজলৈ যোৱাৰ কথা ভাবিছে নেকি ? কম খৰচতে যাব পাৰিব এইসমূহ ঠাইলৈ

বনত খোৱাতকৈ ঘৰত খোৱাতো বেছি ভাল: ভৱেশ কলিতা