ৰাস মহোৎসৱৰ গ্ৰন্থমেলা হৈছে জুবিনময়: পাঠকে বিচাৰিছে মহানায়কৰ গ্ৰন্থ
৯২ সংখ্যক শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱৰ অসম গ্ৰন্থমেলাত পাঠকৰ ভিৰ ।

Published : November 14, 2025 at 2:42 PM IST
নলবাৰী : "কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে ।" অসমৰ সংগীত জগতৰ মহানায়ক প্ৰাণৰ শিল্পী জুবিন গাৰ্গে প্ৰতিগৰাকী অসমীয়াক সোঁৱৰাই যোৱা বাণীৰেই জুবিনময় হৈ পৰিছে নলবাৰী ৰাসৰ বাকৰি । ৯২ সংখ্যক শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱত চলি থকা অসম গ্ৰন্থমেলাত পাঠকৰ ভিৰেই এই কথাকেই প্ৰমাণ কৰিছে ।
হাঁহি বিৰিঙিছে বিক্ৰেতাৰ :
জুবিন গাৰ্গে কৈ যোৱা কথাকে হৃদয়ংগম কৰি জনতাৰ সোঁত বৈছে গ্ৰন্থমেলাত । নলবাৰীৰ ৰাস বুলিলেই জনস্ৰোত । দৈনিক লাখ লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰে । হৰিমন্দিৰৰ চৌহদতেই অনুষ্ঠিত হৈ আছে অসম গ্ৰন্থমেলা । এই গ্ৰন্থমেলাতেই বিৰ দি বাট নোপোৱা অৱস্থা । নিজৰ পচন্দৰ কিতাপখন অথবা ভাল লগা লেখক-লেখিকাৰ কিতাপখন হাতত তুলি ল'বলৈ, পঢ়িবলৈ ৰাইজে ভিৰ কৰিছে ৰাসৰ গ্ৰন্থমেলাত । গ্ৰন্থমেলাত পঢ়ুৱৈৰ ভিৰ তথা আগ্ৰহে হাঁহি বিৰিঙাইছে প্ৰকাশক আৰু বিক্ৰেতাৰ মুখত ।
গ্ৰন্থমেলাত হাতত কিতাপ লৈছে পাঠকে । তাৰ ভিতৰত সৰ্বাধিক পঢ়ুৱৈয়ে বিচাৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিষয়ক কিতাপ, কবিতাপুথি, গীতৰ পুথি আদি । সেইবাবে গ্ৰন্থমেলাও হৈ পৰিছে জুবিনময় । একাংশ বিক্ৰেতাই উল্লেখ কৰা মতে, জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰৰ 'পিতৃৰ দৃষ্টিত জুবিন', দিগন্ত ভাৰতীৰ 'জুবিনৰ গীত' কিতাপকেইখনৰ বিক্ৰী সৰ্বাধিক হৈছে । পাঠক,পঢ়ুৱৈয়ে প্ৰৱেশ কৰিয়েই যেন চকু ফুৰাইছে প্ৰাণৰ শিল্পীৰ নাম সম্বলিত গ্ৰন্থসমূহত । ইয়াৰ মাজতেই পঢ়ুৱৈ সমাজে কৈ গ'ল জুবিন গাৰ্গৰ সেই বাণী "কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে" ।

এই সন্দৰ্ভত বীৰেন চক্ৰৱৰ্তী নামৰ শিক্ষকগৰাকীয়ে কয়, "নলবাৰী ৰাস উপলক্ষে আয়োজিত এই গ্ৰন্থমেলাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে এটা কথা প্ৰমাণ কৰিছে যে গ্ৰন্থৰ বিতৰণ, গ্ৰন্থৰ অধ্য়য়ণ আৰু প্ৰকাশ, এই তিনিওটা ধাৰা সজীৱ কৰি ৰাখিবলৈ তথা সমাজত গ্ৰন্থৰ চাহিদা হ্ৰাস নাপাবলৈ সমাজত যি নিৰলস প্ৰচেষ্টা চলিছে সেই প্ৰচেষ্টাক নলবাৰীৰ ৰাইজে স্বতস্ফুৰ্ত সঁহাৰিৰে মূৰ্ত ৰূপ দিবলৈ সক্ষম হৈছে । এটা আধ্যাত্মিক পৰিৱেশত পঢুৱৈ সমাজে এক আধ্যাত্মিক মন লৈ গ্ৰন্থমেলালৈ আহিছে । এই আধ্যাত্মিক চিন্তা-চৰ্চাৰে মানুহৰ মন যেতিয়া সমৃদ্ধ হয়, তেতিয়া মানুহে ভাল চিন্তা-চৰ্চা কৰিবলৈ, ভাল পৰিৱেশত প্ৰৱেশ কৰিবলৈ ইচ্ছুক হয় । সেইবাবে মানুহ গ্ৰন্থমেলালৈ আহিছে, লগতে গ্ৰন্থমেলায়ো এক নতুন মাত্ৰা লাভ কৰিছে ।"

