কাজিৰঙাত পৰ্যটক গাইডৰ কেমেৰাত বন্দী বিলুপ্তপ্ৰায় প্ৰজাতিৰ ঘঁৰিয়াল
বিলুপ্তপ্ৰায় ঘঁৰিয়ালৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পৰ্যটক গাইডে ।

Published : May 11, 2026 at 11:53 AM IST
তেজপুৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় প্ৰজাতিৰ ঘঁৰিয়াল দেখিবলৈ পোৱা গৈছে । যোৱা ২৬ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ ৰেঞ্জৰ মাইটে এপিচি এলেকাৰ ওচৰত এটা বালিচৰত এক বিলুপ্তপ্ৰায় প্ৰজাতিৰ ঘঁৰিয়ালে (Gavialis gangeticus) ৰ'দ লৈ থকা অৱস্থাত দেখা পোৱা যায় । ডিফলু আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলীত টহল দিয়া বনকৰ্মীৰ এটা দলে এই দৃশ্য প্ৰত্য়ক্ষ কৰে ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালিকা ড৹ সোণালী ঘোষে সদৰী কৰিছে এই তথ্য় । উদ্যানখনৰ সঞ্চালিকাগৰাকীয়ে উল্লেখ কৰা অনুসৰি ইয়াৰ পৰৱৰ্তী সময়ত একে স্থানতে পুনৰ বহু কেইবাৰ ঘঁৰিয়াল দেখা পোৱা গৈছে আৰু ইয়াৰ ফটোগ্ৰাফিক প্ৰমাণো সংগ্ৰহ কৰা হৈছে । শেহতীয়াকৈ ৮ মে’ত বুঢ়াপাহাৰ ৰেঞ্জত পৰ্যটক গাইড শিশুকান্ত নাথে ঘঁৰিয়ালটো দেখা পোৱাৰ তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছত বিষয়টোক লৈ ব্যাপক চৰ্চা হৈছে ।
অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়েও সামাজিক মাধ্যমত এই দৰ্শনক বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মুহূৰ্ত বুলি অভিহিত কৰে । বহু বছৰৰ পৰা অসমৰ নদীৰ পৰা বিলুপ্ত বুলি ধৰা হৈছিল ঘঁৰিয়ালৰ এই প্ৰজাতিটোক । সেয়ে কাজিৰঙাত পুনৰ ঘঁৰিয়াল দেখা পোৱাটো সংৰক্ষণ প্ৰচেষ্টাৰ এক ইতিবাচক ফলাফল হিচাপে গণ্য কৰা হৈছে ।
অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমত এইদৰে উল্লেখ কৰিছে, "এসময় অসমৰ নদীসমূহৰ পৰা ঘঁৰিয়াল বিলুপ্ত হ'বলৈ ধৰিছিল বুলি বিশ্বাস কৰা হৈছিল । বিলুপ্তপ্ৰায় ঘঁৰিয়াল এতিয়া কাজিৰঙাত দেখা গৈছে । এয়া জীৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে সঁচাকৈয়ে আশ্বাসজনক মুহূৰ্ত ।"
Once believed to have disappeared from Assam’s river systems, the critically endangered gharial has now been spotted at Kaziranga, a truly remarkable moment for wildlife conservation.
— Chief Minister Assam (@CMOfficeAssam) May 9, 2026
For tourists and forest officials alike, this was more than just a rare sighting. It was a… pic.twitter.com/WzIOZJGRuX
"পর্যটক আৰু বন কৰ্মচাৰীসকলৰ বাবে এয়া মাত্ৰ এটা দুঃসাধ্য দৃশ্য দেখা নহয়, ই অসমৰ অসাধাৰণ জীৱ-বৈচিত্ৰ্যৰ আৰু আমাৰ অৰণ্য, জলাভূমি আৰু নদীসমূহত চলি থকা স্থায়ী সংৰক্ষণ প্ৰচেষ্টাৰ নিৰৱ সফলতাৰ এক শক্তিশালী স্বাক্ষৰ ।" অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমত এইদৰে উল্লেখ কৰে ।
বিপন্ন প্ৰজাতিৰ তালিকাত অন্তৰ্ভুক্ত :
ঘঁৰিয়াল হৈছে মাছভোজী এক বিশেষ ধৰণৰ কুমীৰ প্ৰজাতি । দীঘল আৰু পাতল মুখ হৈছে ইয়াৰ বিশেষ বৈশিষ্ট্য । বিশেষজ্ঞসকলৰ মতে, নদীৰ সংগমস্থলী আৰু বালিচৰ অঞ্চল ঘঁৰিয়ালৰ খাদ্য গ্ৰহণ, বিশ্ৰাম আৰু প্ৰজননৰ বাবে অত্যন্ত উপযোগী বাসস্থান । বিশ্বজুৰি ইয়াৰ সংখ্যা অতীতত প্ৰায় ৯৮ শতাংশ হ্ৰাস পাইছে আৰু বৰ্তমান বন্য পৰিৱেশত প্ৰায় ৬৫০ ৰ পৰা ১,০০০ টা পূৰ্ণবয়স্ক প্ৰজননক্ষম ঘঁৰিয়ালহে অৱশিষ্ট আছে । সেয়ে এই প্ৰজাতিক আইইউচিএনে ঘঁৰিয়াল বিপন্ন প্ৰজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ।
ক'ত বেছি দেখিবলৈ পোৱা যায় ?
বৰ্তমান ভাৰতৰ চম্বল ৰাষ্ট্ৰীয় অভয়াৰণ্য, কাতাৰ্নিয়াঘাট বন্যপ্ৰাণী অভয়াৰণ্য আৰু বিহাৰৰ গণ্ডক নদীত ঘঁৰিয়াল বেছিকৈ দেখিবলৈ পোৱা দেখা যায় । অসমৰ ক্ষেত্ৰত ডিব্ৰু-ছৈখোৱা, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু শিৱসাগৰ-লখিমপুৰ জিলাৰ দিখৌ আৰু সোৱণশিৰী নদীত অতীতত ঘঁৰিয়াল দেখা পোৱা গৈছিল ।
বিশেষজ্ঞসকলৰ মতে, ব্ৰহ্মপুত্ৰত ঘঁৰিয়ালৰ পুনৰ উপস্থিতি অসমৰ জলজ পৰিৱেশ আৰু জলাভূমি সংৰক্ষণ ব্যৱস্থাৰ সফলতাৰ এক শক্তিশালী সূচক । মাছৰ প্ৰচুৰতা আৰু সংৰক্ষিত এলেকাত কম মানৱীয় হস্তক্ষেপৰ বাবে ব্ৰহ্মপুত্ৰ পুনৰ ঘঁৰিয়ালৰ বাবে উপযোগী বাসস্থান হৈ উঠিব পাৰে ।
ঘঁৰিয়াল পুনঃসংস্থাপনৰ প্ৰস্তাৱ :
উল্লেখ্য যে কাজিৰঙা কৰ্তৃপক্ষই ডব্লিউআইআই, ডব্লিউডব্লিউএফ আৰু এছটিএএফআইৰ সহযোগত চলোৱা সাম্প্ৰতিক সমীক্ষাত বিগত কেইবছৰ ধৰি মাইকী ঘঁৰিয়ালৰ উপস্থিতি নথিভুক্ত কৰা হৈছে । ২০২৬ চনৰ জানুৱাৰীত ১৬০ কিলোমিটাৰ জুৰি চলোৱা নদী সমীক্ষাতো ইয়াৰ উপস্থিতি ধৰা পৰে । ইয়াৰ পিছতে মধ্যপ্ৰদেশৰ চম্বল সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ পৰা ঘঁৰিয়াল পুনঃসংস্থাপনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু মধ্যপ্ৰদেশ চৰকাৰে এই ক্ষেত্ৰত সহায়ৰ আগ্ৰহ প্ৰকাশ কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ আৰু মধ্য অসমত অৱস্থিত এক ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ । কাজিৰঙাই ১১৯ বছৰীয়া ইতিহাসৰ সাক্ষ্য বহন কৰি আহিছে ।
লগতে পঢ়ক:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৫ টা বিপদাপন্ন প্ৰজাতিৰ শগুণ মুকলিৰ যো-জা

