"পদুম ফুলাওক, আমি পানী দিম!" চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ, খোৱাপানীৰ বাবে হাহাকাৰ একাংশ মহানগৰীৰ বাসিন্দাৰ
নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছত পাহৰি যায় জনপ্ৰতিনিধিয়ে । মহানগৰীৰ মাজমজিয়াৰ এটা অঞ্চলত জুৰিৰ পানীয়েই জীৱন নিৰ্বাহৰ একমাত্ৰ ভাৰসা ।

Published : February 25, 2026 at 6:54 PM IST
গুৱাহাটী: "জনপ্ৰতিনিধি অহা নাই, আগতে আহিছিল । বিজয়া বাইদেউ আহিছিল । তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি ব'ৰিং কৰি পানী দিম আপোনালোকক । পাহাৰত পদুম ফুল ফুলাওক আপোনালোকে । আপোনালোকে পদুম ফুল ফুলাওক আমি ব'ৰিং কৰি পানী দিম । তাৰ পিছত প্ৰতিশ্ৰুতি দিয়াৰ পিছত ছীটখন পোৱাৰ পিছত সাধাৰণ মানুহক পাহৰি যায় । সেইটোৱে সমস্যা, তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কিন্তু প্ৰতিশ্ৰুতি পূৰণ নকৰে ।" এয়া হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এগৰাকী সাধাৰণ বাসিন্দাৰ মনৰ ক্ষোভ আৰু দুখৰ বিস্ফোৰণ ।
মহানগৰীৰ মাজমজিয়াৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে সাধাৰণ এটুপি খোৱাপানীৰ বাবে কিমান হাহাকাৰ কৰিব লাগে সেয়া অনুধাৱন কৰিবলৈ হ'লে এই অঞ্চলটোলৈ আহিব লাগিব । লগতে নিৰ্বাচনৰ সময়ত বিভিন্ন দলৰ নেতাসকলে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই যোৱাৰ পিছত শাসনৰ গাদীত বহিলে সেই প্ৰতিশ্ৰুতিৰ বন্যা যে শুকান নিজৰালৈ ৰূপান্তৰ হয় তাৰো এক জলজল-পটপট উদাহৰণ এই অঞ্চলটো । অঞ্চলটোৰ পানীৰ সমস্যাৰ ওপৰত আমাৰ সাংবাদিকৰ চৰজমিন প্ৰতিবেদন ।
ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰী সৰ্বাংগীন উন্নয়ন হোৱা বুলি ৰাজ্য় চৰকাৰে দাবী কৰি থাকিলেও গুৱাহাটীৰ পানীৰ সমস্যাই এতিয়াও মহানগৰীৰ বহু অঞ্চলত গুৰুতৰ ৰূপ ধাৰণ কৰি আছে । মহানগৰীৰ বহু অঞ্চলত বৰ্তমানো বিশুদ্ধ পানীৰ অভাৱৰ সন্মুখীন হৈ আহিছে । বিশেষকৈ পাহাৰীয়া অঞ্চলবোৰত চৰকাৰী পানী যোগান আঁচনি সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই । ফলত বাসিন্দাসকলে জুৰি, কুঁৱাৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে ।
এই প্ৰতিবেদনত আমি মহানগৰীৰ তেনে এটা অঞ্চলৰ পানীৰ সমস্যাৰ বিষয়ে জনাব বিচাৰিছোঁ, য'ত জুৰিৰ পানীয়েই ৰাইজৰ ভাৰসা । এনে এটা অঞ্চল হৈছে গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ৪০নং ৱাৰ্ড তথা বৰ্তমান দিছপুৰ সমষ্টিৰ (পূৰ্বতে পূব গুৱাহাটী সমষ্টি) অন্তৰ্গত ইন্দ্ৰপুৰ । ইন্দ্ৰপুৰ অঞ্চলৰ ডেৰ শতাধিক পৰিয়ালে বৰ্তমানো ঝৰ্ণাৰ পানী সংগ্ৰহ কৰি, ক্ৰয় কৰি আৰু সামান্য পৰিমাণৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা অহা পানী কঢ়িয়াই জীৱন নিৰ্বাহ কৰি আহিছে ।

নিৰ্বাচনৰ পূৰ্বে অঞ্চলবাসীৰ পানীৰ সমস্যা সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিয়েও নিৰ্বাচন যোৱাৰ পিছত অঞ্চলবাসীৰ সমস্যা পাহৰি যায় । সেয়ে বছৰ বছৰ ধৰি পানীৰ সমস্যাত ভুগি আহিছে অঞ্চলবাসী । তেনেক্ষেত্ৰত অঞ্চলটোৰ বাসিন্দাসকলে জনপ্ৰিতিসকলৰ প্ৰতি ক্ষোভ উজাৰে ।
তেওঁলোকে ক্ষোভ উজাৰি কয়, "বিজেপি চৰকাৰে বহু কাম কৰি আছে যদিও গুৱাহাটীৰ মাজমজিয়াত থকা আমাৰ অঞ্চলটোক এতিয়ালৈ ঢুকি পোৱা নাই । নিৰ্বাচন আহিছে, জনপ্ৰতিনিধিসকল আহিব, প্ৰতিশ্ৰুতি দিব । কিন্তু নিৰ্বাচন জিকাৰ পিছত তেওঁলোকে পাহৰি যাব । এইবাৰ জনপ্ৰতিনিধি আহিলে আমাৰ এটায়ে দাবী হ'ব আমাক পানীৰ ব্যৱস্থা কৰি দিয়া ।"

অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলে কয়, "আমাৰ পানীৰ সমস্যা বহুদিনীয়া । ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ ঝৰ্ণাৰ পানী শুকাই যোৱাৰ ফলত অধিক সমস্যাৰ সন্মুখীন হওঁ । আমি ঝৰ্ণাৰ পানীৰ বাবে পুৱা চাৰি বজাৰ পৰা শাৰী পাতিবলগীয়া হয় । নহ'লে ইন্দ্ৰপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা সামান্য পানী আহে, সেয়াও অঞ্চলবাসীৰ বাবে পৰ্যাপ্ত নহয় । তদুপৰি, অধিক ধন খৰচ কৰি পানী ক্ৰয় কৰিবলগীয়া হয় । পানী যোগানৰ বাবে জল বোৰ্ডৰ পানীৰ যোগান আমাৰ পাহাৰৰ কোনো অঞ্চলত হৈছে যদিও আধাতে ৰৈ যোৱাৰ বাবে আমি এই সুবিধাৰ পৰা বঞ্চিত হৈছোঁ ।"
তেওঁলোকে লগতে কয়, "সেয়েহে আমাক এনে এজন প্ৰতিনিধি লাগে যিয়ে আমাৰ মৌলিক সমস্যাখিনি সমাধান কৰিব পাৰে । কিয়নো জনসাধাৰণৰ মৌলিক সমস্যা সমাধান কৰাৰ মূল লক্ষ্য হ'ব লাগে জনপ্ৰতিনিধিৰ । আমাৰ প্ৰতিনিধি মৌলিক সমস্যা সমাধানত ব্যৰ্থ হৈছে । বিজয়া চক্ৰৱৰ্তী আহিছিল আৰু আমাৰ পানীৰ সমস্যা সমাধানৰ বাবে ব'ৰিং বহোৱাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু নিৰ্বাচন জিকাৰ পিছত তেৱোঁ পাহৰি গ'ল ।"

