ETV Bharat / state

গৌৰৱময় ইতিহাসৰ জীৱন্ত প্ৰতীক; এগৰাকী ৰাজ্য়বিহীন ৰজাৰ শিৰত মাথোঁ ঐতিহ্যৰ বোজা

গুৱাহাটীৰ নাতি দূৰৈত অৱস্থিত ডিমৰীয়াত আছিল এখন ঐতিহাসিক ৰাজ্য় । সেই ৰাজ্য়ৰ ইতিহাস আৰু সংকট সামৰি এক বিশেষ প্ৰতিবেদন ।

The memory house of Dimoria kings and present symbolic king
ডিমৰীয়া ৰজাৰ স্মৃতি ভৱন আৰু বৰ্তমানৰ প্ৰতীকী ৰজা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 10:52 AM IST

10 Min Read
Choose ETV Bharat

সোণাপুৰ : তেওঁ ৰজা; কিন্তু নাই ৰাজকীয় আড়ম্বৰতা । আজি ৰজাৰ নাই অংগৰক্ষক । ৰাজভৱনত চৌদিশে নাই কোনো সৈন্য -সামন্তৰ ভিৰ । লগুৱা লিকচৌৰে উপচি নাথাকে ৰাজভৱন । সিংহাসনৰ পৰা দিয়া আদেশো নামানে কোনো প্ৰজাই । তেওঁৰ জীৱনশৈলী এতিয়া সাধাৰণ মানুহৰ দৰেই, কেৱল তেওঁৰ শিৰত আছে এক মহান ঐতিহ্যৰ বোজা ।

ঐতিহ্যৰ মাজেৰে এজন ৰজা

ডিমৰীয়াৰ ৰাজসিংহাসনৰ বৰ্তমানৰ এখন ছবি । যুগ যুগ ধৰি চলি অহা এক ৰাজকীয় পৰম্পৰাক তেওঁ কেনেকৈ ধৰি ৰাখিছে, তাৰেই খবৰ………… এখন ৰাজ্য, এক সুদীৰ্ঘ ঐতিহ্য; কিন্তু কোনো ক্ষমতা নাই- এয়া হৈছে ঐতিহ্যমণ্ডিত ডিমৰুৱা (ডিমৰীয়া) ৰাজ্যৰ বৰ্তমানৰ ৰজা হলি সিং ৰংহাঙৰ কথা ।

ডিমৰীয়া ৰজাৰ স্মৃতি ভৱন আৰু বৰ্তমানৰ প্ৰতীকী ৰজা (ETV Bharat Assam)

স্মৃতিৰ ভেঁটিত

বৰ্তমান ডিমৰীয়া ৰাজ্যৰ স্বৰ্গগত ৰজাসকলৰ পূণ্য স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে ১৯৭১ চনত বামফৰ গাঁৱত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰীৰ অনুগ্ৰহত স্থাপন কৰা হৈছিল 'ডিমৰীয়া ৰজাৰ স্মৃতি ভৱন'। এই স্মৃতি ভৱনটোৱেই আজিও অতীতৰ মহিমা বহন কৰি আছে । এই স্মৃতি ভৱনৰ কাষতে ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত গঢ়ি তোলা হৈছিল এটা ৰাজভৱন, য'ত বৰ্তমান বাস কৰি আছে প্ৰতীকীভাৱে ডিমৰীয়াৰ ৰজা হলি সিং ৰংহাং ।

ৰজা হৈয়ো সাধাৰণ জীৱন যাপন কৰা হলি সিং ৰংহাঙে কয়, "আমাৰ এই ৰাজকীয় পৰম্পৰা কেৱল এক বিশ্বাস আৰু ইতিহাসৰ ধাৰাবাহিকতা । ক্ষমতা নথকাৰ পিছতো এই দায়িত্ব পালন কৰি ভাল লাগে, কাৰণ ই আমাৰ সংস্কৃতিৰ প্ৰতি সন্মান ।"

পৰিচালনা সমিতিৰ নিয়ন্ত্ৰণত ৰাজঘৰীয়া কাম-কাজ

এসময়ত ৰজাই এককভাৱে সকলোকে পৰিচালনা কৰিছিল; কিন্তু সময়ৰ লগে লগে সকলো সলনি হ'ল । বৰ্তমান ৰজাৰ সকলো কাম-কাজ পৰিচালনা কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছে 'ডিমৰীয়া ৰজাঘৰীয়া পৰিচালনা সমিতি' । এই সমিতিৰ সদস্যসকলেই বৰ্তমান ৰাজপৰিয়ালৰ পৰম্পৰাগত অনুষ্ঠান, স্মৰণীয় স্থানসমূহৰ ব্যৱস্থাপনা আৰু ৰজাৰ প্ৰতীকী ভূমিকা বজাই ৰখাৰ দায়িত্ব পালন কৰি আহিছে । যদিও আজি ৰজা হলি সিং ৰংহাঙৰ হাতত শাসনৰ ক্ষমতা নাই, তথাপি তেওঁ ডিমৰীয়াৰ জনসাধাৰণৰ বাবে এক গৌৰৱময় ইতিহাসৰ জীৱন্ত প্ৰতীক হৈ আছে । এই ঐতিহ্যক ধৰি ৰাখিবলৈ তেওঁ আগবঢ়োৱা প্ৰচেষ্টা নিশ্চয়কৈ আদৰণীয় ।

Lack of preservation of royal wealth
ৰজাদিনীয়া কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ অভাৱ (ETV Bharat Assam)

ডিমৰীয়া ৰাজ্য: বুৰঞ্জীৰ পৰা বৰ্তমানলৈ

গুৱাহাটী মহানগৰীৰ নাতি দূৰৈত অৱস্থিত ডিমৰীয়া এক সুদীৰ্ঘ ইতিহাস প্ৰসিদ্ধ ঠাই । বুৰঞ্জীৰ পাতত এই অঞ্চলটো ডিমৰুৱা, ডুমুৰীয়া, ডুমুৰা আদি বিভিন্ন নামেৰে জনাজাত । মধ্যযুগত এই ডিমৰুৱা ৰাজ্যখনক প্ৰভাৱশালী কছাৰী, জয়ন্তীয়া, কোচ আৰু আহোম ৰাজ্যই আগুৰি ৰখাৰ ফলত ইয়াৰ ৰাজনীতি সদায়েই এক অস্থিৰ পৰিৱেশৰ মাজেৰে গতি কৰিছিল ।

ঐতিহাসিক ভেটি আৰু ৰাজবংশ :

ডিমৰীয়াৰ ৰাজবংশৰ পুৰুষনামা অনুসৰি, এই বংশৰ মূল পুৰুষ আছিল আৰিমত্ত । তেওঁ কমতা ৰাজ্যৰ ৰজা ইন্দ্ৰনাৰায়ণক সিংহাসনচ্যুত কৰি তেওঁৰ ককাদেউতাক ধৰ্ম নাৰায়ণৰ হাতৰ পৰা প্ৰাচীন কামৰূপ কমতা ৰাজ্যৰ উত্তৰাংশ কাঢ়ি নিয়াৰ প্ৰতিশোধ লৈছিল । আৰিমত্তৰ পাছত ক্ৰমে ৰত্নসিংহ (শূকৰাংক), শূতৰাংক আৰু মৃগাংকই কামৰূপৰ বিভিন্ন ঠাইত ৰাজ্য আৰু ৰাজধানী পাতি শাসন কৰিছিল । ডিমৰীয়া ৰজাসকলৰ উদ্ধাৰ হোৱা পুৰুষনামা মতে, আৰিমত্তৰ পুত্ৰ মৃগাংকই সম্ভৱতঃ ঐতিহাসিক ডিমৰীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা আছিল । অৱশ্যে বুৰঞ্জীৰ তথ্য মতে, মৃগাংক সন্তানহীন আছিল । এই ৰাজ্যখন বিভিন্ন সময়ত কোচ, কছাৰী, আহোম আৰু শেষত ব্ৰিটিছৰ অধীনত থাকিবলগীয়া হৈছিল, তথাপি কেইবাজনো ৰজাই নিজৰ ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দাঙি ধৰিছিল ।

কালিকা পুৰাণ মতে, কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ ঠিক সোঁমাজতে আছিল । বিষ্ণু পুৰাণেও উল্লেখ কৰিছে যে কামাখ্যা মন্দিৰৰ চাৰিওফালে চাৰিশ পঞ্চাশ মাইল (১০০ যোজন) জুৰি কামৰূপ ৰাজ্য বিয়পি আছিল । এই তথ্যসমূহৰ ভিত্তিত সহজেই অনুমান কৰিব পাৰি যে প্ৰাচীন ডিমৰুৱা (ডিমৰীয়া) ৰাজ্যখন সেই বিস্তীৰ্ণ কামৰূপ ৰাজ্যৰেই এক গুৰুত্বপূৰ্ণ অংশ আছিল । মধ্যযুগীয় সীমাৰেখামধ্যযুগৰ দাঁতিকাষৰীয়া ডিমৰুৱা ৰাজ্যৰ সীমা আছিল পূবে: গোভা ৰাজ্য, পশ্চিমে: বেলতলা ৰাজ্য, উত্তৰে: মায়ং ৰাজ্য, দক্ষিণে: খাচীয়া জয়ন্তীয়া ৰাজ্য । এই বৃহৎ অঞ্চলটোৱে পাহাৰ-ভৈয়াম সামৰি লৈয়ে আছিল প্ৰাচীন ডিমৰুৱা ৰাজ্য ।

The memory house of Dimoria kings
অস্তিত্বৰ সংকটত গৌৰৱময় ইতিহাসৰ সাক্ষী;ডিমৰীয়া ৰজাৰ স্মৃতি ভৱন (ETV Bharat Assam)

আজি সেই ডিমৰুৱা ৰাজ্য নাই, ইয়াৰ অতীতৰ ভূখণ্ড এতিয়া ডিমৰীয়া মৌজা হিচাপেহে পৰিচিত । বৰ্তমানৰ প্ৰতীকী ৰাজত্ব আৰু প্ৰত্যাহ্বান ডিমৰীয়াৰ ৰাইজে ঐতিহ্যক হিয়াত ৰাখি ৰাজকীয় পৰম্পৰা এটি ধৰি ৰাখিছে ধাৰাবাহিকতাৰে । ১৯৩৫ চনত ডিমৰীয়াৰ শেষগৰাকী ৰজা সেৰচিং কোঁৱৰৰ পৰলোকপ্ৰাপ্তি হোৱাৰ পিছত, বিধৱা ৰাণী আইকণ কুঁৱৰীক মৃত্যু পৰ্যন্ত (১৯৮৭ চনত) 'ৰজানী' খিতাপ দি মানি আহিছিল । ৰাণী আইকণৰ মৃত্যুৰ পাছত, পৰম্পৰা ৰক্ষাৰ্থে অসম-মেঘালয় সীমান্তৰ কলংপুৰ নামৰ ঠাইৰ ডিমৰীয়া ৰাজবংশৰ সম্পৰ্কীয় হলি সিং ৰংহাঙক যথা ৰীতি মতে ৰাজ অভিষেক পাতি ডিমৰীয়াৰ প্ৰতীকী ৰজা হিচাপে স্থাপন কৰা হৈছিল । তেওঁক ৰজাঘৰীয়া অৱশিষ্ট মাটি-বাৰী আৰু খেতিৰ ভোগ দখলৰ অধিকাৰ দিয়া হৈছিল । বৰ্তমান গণতান্ত্ৰিক দেশত ৰজাৰ কোনো প্ৰশাসনিক ক্ষমতা নাথাকিলেও, ৰাইজে প্ৰতীকী ৰজা হলি সিং ৰংহাঙক সদায় শ্ৰদ্ধা-ভক্তি কৰি আহিছে ।

ৰজা অবিহনে উকা উৎসৱ

ডিমৰীয়াৰ ৰজাদিনীয়া উৎসৱ-পাৰ্বণসমূহত ৰজা হলি সিঙৰ অংশগ্ৰহণ আজিও অপৰিহাৰ্য । তেওঁৰ উপস্থিতি অবিহনে যেন এই উৎসৱসমূহ উকা হৈ পৰে । বিশেষকৈ মাঘ বিহুৰ উৰুকাৰ মৎস্য চিকাৰ । ৰজাৰ আদেশ অবিহনে কোনেও বিলৰ পানীত জাল-পলৰ চাপ নিদিয়ে ।

অন্যান্য পূজা-উৎসৱসমূহ

পঞ্চবাৰ্ষিক বুঢ়া মাল গোঁসাই পূজা, দৌল উৎসৱ, সীমা গোঁসাই পূজা, মহাদেউ থানৰ পূজা উৎসৱ আদিত ৰজাৰ উপস্থিতি অতিকৈ গুৰুত্বপূৰ্ণ । এই বিশেষ দিনবোৰত ৰাইজে তেওঁক ৰাজকীয়ভাৱে আদৰি সন্মান প্ৰদৰ্শন কৰে । ইয়াৰ বাহিৰে, ৰজাই অন্য সাধাৰণ লোকৰ দৰেই জীৱন নিৰ্বাহ কৰে আৰু নিজৰ একক প্ৰচেষ্টাৰে পাহাৰৰ ঢালত কমলা আৰু ফল-মূলৰ বাগিচা গঢ়ি তুলিছে ।

present symbolic Dimoria  king
গৌৰৱময় ইতিহাসৰ জীৱন্ত প্ৰতীক, বৰ্তমানৰ ৰজা হলি সিং ৰংহাং (ETV Bharat Assam)

ৰজাঘৰীয়া পৰিচালনা আৰু আৰ্থিক সংকট

পূৰ্বতে ৰজাই ৰাজ্য পৰিচালনা কৰিছিল যদিও সম্প্ৰতি ৰজাঘৰ পৰিচালনা কৰিবলৈ গঠন কৰা হৈছে ডিমৰীয়া ৰজাঘৰীয়া পৰিচালনা সমিতি । এই সমিতিয়েই বৰ্তমানৰ ৰজা তথা ৰাজপৰিয়ালক ভৰণ-পোষণ দিয়াৰ চেষ্টা চলাই আহিছে ।

আয়ৰ একমাত্ৰ উৎস পাৰশালি বিল

পৰিচালনা সমিতিৰ একমাত্ৰ আয়ৰ উৎস হ'ল ৰজাদিনীয়া পাৰশালি বিল (১১৮ বিঘা ৯ কঠা ৮ লেচা)। মাঘ বিহুৰ উৰুকাৰ দিনা ৰাইজে এই বিলত সমূহীয়া মৎস্য চিকাৰ কৰে । ইয়াৰ পিছত বিলখন ডাক বন্দোবস্তিৰ জৰিয়তে এবছৰৰ বাবে বেপাৰীৰ হাতত গতাই দিয়া হয় । এই ডাকত পোৱা ধনৰেই ৰাজপৰিয়ালৰ ভৰণ-পোষণ, ৰাজভৱনৰ বৈদ্যুতিক খৰছ, ৰজাৰ মাহিলী ভাট্টা আৰু ৰজাদিনীয়া উৎসৱ-পাৰ্বনৰ খৰছ বহন কৰা হয় । পূৰ্বতে এই ধনৰেই অঞ্চলটোৰ কেইবাখনো বেচৰকাৰী বিদ্যালয়কো সহায় কৰা হৈছিল ।

ৰজা হলি সিং ৰংহাঙৰ মনৰ কথা

বৰ্তমানৰ ৰজা হলি সিং ৰংহাঙে ইটিভি ভাৰতৰ আগত নিজৰ আৰ্থিক অসুবিধাৰ বিষয়ে কয়, "বৰ্তমান সময়ত মই বৰ আৰ্থিক অসুবিধাত আছো । যাৰ বাবে স্মৃতি ভৱনটো মেৰামতি বা ৰং আদি কৰিব পৰা নাই । ধনৰ অভাৱৰ বাবেই মোৰ ল'ৰা-ছোৱালী কেইটাকো ভালদৰে পঢ়া-শুনাত আগবঢ়াই নিবলৈ অসুবিধা হৈছে । আনহাতে মাটি-বাৰীও নোহোৱাৰ নিচিনাই হৈছে । যিখিনি মাটিত আছো বা খেতিবাটি কৰি থকা হৈছে সেয়া প্ৰয়াত ৰাণী আইকণৰ নামতে আছে, মোৰ নাম উঠা নাই । এনেবোৰ সমস্যা সমাধানৰ বাবে চৰকাৰে চকুমেলি চালে মই অত্যন্ত সুখী হ'ম ।"

ৰজাঘৰীয়া পৰিচালনা সমিতিৰ অনুৰোধ

ডিমৰীয়া ৰজাঘৰীয়া পৰিচালনা সমিতিৰ সভাপতি মদন আমচিয়েও বৰ্তমানৰ স্থিতিৰ কথা উল্লেখ কৰিছে । ৰাণী আইকণৰ মৃত্যুৰ পিছত তেওঁলোকে কেনেকৈ পৰম্পৰা ৰক্ষা কৰি ৰজাক স্থান দিছে আৰু কেনেকৈ বিলৰ আয়ৰে ৰাজপৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিছে সেই কথা তেওঁ স্পষ্ট কৰিছে । তেওঁ লগতে কয়,"বিল ডাক দি পোৱা ধনৰেই সকলো খৰচ কৰি থকাত সমিতি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে । ফলস্বৰূপে, ৰজাদিনীয়া সা-সৰঞ্জাম বা কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে কোনো পুঁজি নাই । চৰকাৰক আবেদন জনাইছো ঐতিহ্যমণ্ডিত ডিমৰীয়া ৰজাৰ স্মৃতিচিহ্নবোৰ সংৰক্ষণ কৰাত আমাক সহায় সহযোগিতা আগবঢ়াওক ।" ডিমৰীয়াৰ ৰজা-প্ৰজাই ঐতিহ্য ৰক্ষাৰ এই যুঁজত চৰকাৰৰ সহায়ৰ বাবে তেওঁ একান্তভাৱে আহ্বান জনাইছে ।

Arms of the day of the royal of Dimoria
ডিমৰীয়াৰ ৰজাদিনীয়া অস্ত্ৰ (ETV Bharat Assam)

ডিমৰীয়া ৰজাৰ স্মৃতি ভৱন

ঐতিহ্যমণ্ডিত ডিমৰুৱা (ডিমৰীয়া) ৰাজ্যৰ গৌৰৱময় ইতিহাসক জীয়াই ৰখাৰ উদ্দেশ্যে বামফৰ গাঁৱত স্থাপন কৰা হৈছিল 'ডিমৰীয়া ৰজাৰ স্মৃতি ভৱন'। ১৯৭১ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰীৰ বিশেষ পদক্ষেপত স্বৰ্গগত ৰজা সকলৰ পূণ্য স্মৃতিত এই ভৱনটো নিৰ্মাণ কৰা হৈছিল ।

বৰ্তমানৰ প্ৰতীকী ৰজা হলি সিং ৰংহাং :

যদিও ডিমৰীয়া ৰাজ্যৰ সেই পূৰ্বৰ ৰাজকীয় আড়ম্বৰ নোহোৱা হ'ল,তথাপি ইয়াৰ ঐতিহ্যক বহন কৰি আছে বৰ্তমানৰ প্ৰতীকী ৰজা হলি সিং ৰংহাঙে । তেওঁ বামফৰ গাঁৱৰ স্মৃতি ভৱনৰ কাষতে ৰাইজৰ প্ৰচেষ্টাত গঢ়ি তোলা এক সাধাৰণ ৰাজ ভৱনত বাস কৰে । বৰ্তমান তেওঁৰ নাই কোনো অংগৰক্ষক, সৈন্য -সামন্ত, চিপাহী-চন্তৰী বা লগুৱা । অতীতৰ দৰে তেওঁৰ আদেশ মানিবলৈও কোনো প্ৰজা নাই; কিন্তু এই সকলো অভাৱ স্বত্বেও, ৰজা হলি সিং ৰংহাঙে ডিমৰীয়া ৰাজ্যৰ ঐতিহাসিক পৰম্পৰা জীয়াই ৰাখিছে, যিটো এই অঞ্চলৰ বাবে এক গৌৰৱৰ বিষয় ।

স্মৃতি ভৱনত সংৰক্ষিত ৰাজকীয় সামগ্ৰী

ডিমৰীয়া ৰজাৰ স্মৃতি ভৱনটো অতীতৰ গৌৰৱোজ্জ্বল ইতিহাসৰ এক অমূল্য সাক্ষী । এই ভৱনত বহুতো গুৰুত্বপূৰ্ণ সামগ্ৰী সংৰক্ষিত হৈ আছে, যিসমূহে ডিমৰীয়া ৰাজবংশৰ বিষয়ে আলোকপাত কৰে ।

অস্ত্ৰ-শস্ত্ৰ আৰু ৰাজকীয় চিহ্ন

ৰজাই ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ, ধ্বজা, চামতা, কাঠৰ পেৰা আৰু বস্ত্ৰ আদি ইয়াতে সংৰক্ষিত আছে । ইয়াত ১০০ৰো অধিক সাঁচিপাতৰ পুথি আছে, যাৰ ভিতৰত মন্ত্ৰপুথিৰ লগতে ধৰ্মীয় বাণী লিখিত সাঁচিপাতৰ পুথিও পোৱা যায় । এই পুথিসমূহ অঞ্চলটোৰ ইতিহাস আৰু ধৰ্মীয় বিশ্বাসৰ এক ডাঙৰ সম্পদ ।

ঐতিহাসিক তৰোৱাল

এই সামগ্ৰীসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে স্বৰ্গদেউ শিৱসিংহই ডিমৰীয়া ৰজাক 'ৰাজখোৱা'ৰ দৰে গুৰুত্বপূৰ্ণ পদ দিয়াৰ চিনস্বৰূপে দিয়া তৰোৱালখন, য'ত ডিমৰীয়া ৰজাৰ নাম খোদিত হৈ আছে । ই আহোম ৰাজ্যৰ সৈতে ডিমৰীয়া ৰাজ্যৰ সম্পৰ্কৰ প্ৰমাণ দিয়ে ।

সংৰক্ষণৰ প্ৰয়োজনীয়তা

স্মৃতি ভৱনত থকা ৰাজকীয় সা-সামগ্ৰীসমূহৰ উপৰি অঞ্চলটোৰ বিভিন্ন ঠাইত বহুতো প্ৰাচীন স্মৃতিচিহ্ন সিঁচৰিত হৈ আছে । এই সকলোবোৰ ৰজাদিনীয়া স্মৃতিচিহ্নক সুৰক্ষিত আৰু সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয় । এই সংৰক্ষণে কেৱল অতীতৰ ইতিহাসকে জীয়াই নাৰাখে, বৰঞ্চ নতুন প্ৰজন্মক নিজৰ ঐতিহ্যৰ বিষয়ে জ্ঞান আহৰণ কৰাত সহায় কৰিব ।

লগতে পঢ়ক:আজি লাচিত দিৱস: সাহস তথা বীৰত্বৰ অমৰগাঁথাক ৰাজ্যজুৰি সোঁৱৰণ

ঐতিহাসিক বৰভেটি : প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী শুনিলে আপুনিও আচৰিত হ'ব !

গদাধৰ সিংহৰ স্মৃতি বিজড়িত কাক গোঁসানী থান: লোকবিশ্বাস আৰু আধ্যাত্মিকতাৰ সমাহাৰ