ETV Bharat / state

ৰাজ্যত হ্ৰাস অপৰাধৰ হাৰ : আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ নেতৃত্বত শনিবাৰে মাৰ্চ আৰু এপ্ৰিল মাহৰ অপৰাধ পৰ্যালোচনাৰ এখন বৈঠক অনুষ্ঠিত হয় ৷

CRIME RATE DECLINES IN ASSAM
হৰমিৎ সিঙৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ অপৰাধ পৰ্যালোচনা বৈঠক (@HardiSpeaks)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 11:28 AM IST

|

Updated : May 17, 2026 at 11:52 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ৰাজ্যত হ্ৰাস পাইছে অপৰাধৰ হাৰ ৷ প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে হ্ৰাস পাইছে অপৰাধৰ হাৰ ৷ ২০২১ চনত ৩৪৯.৫ ৰ পৰা বৰ্তমান পৰ্যন্ত ১০০.২লৈ হ্ৰাস পাইছে অপৰাধৰ হাৰ । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিৎ সিঙে জানিবলৈ দিয়ে এই কথা ৷

উল্লেখ্য যে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ নেতৃত্বত শনিবাৰে ৰাজ্যত মাৰ্চ আৰু এপ্ৰিল মাহৰ অপৰাধ পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰা হয় ৷ ভাৰ্চুৱেল অনুষ্ঠিত বৈঠকত ৰাজ্যৰ সকলো জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰক্ষী অধীক্ষক আৰু ৰেঞ্জ অফিচাৰে অংশগ্ৰহণ কৰে । বৈঠকৰ পাছত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে শনিবাৰে নিশা সামাজিক মাধ্যম এক্সত পোষ্ট কৰি এই কথা জানিবলৈ দিয়ে ৷

সামাজিক মাধ্যম এক্সত তেওঁ কয়, "আজি সকলো জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰক্ষী অধীক্ষক আৰু ৰেঞ্জ অফিচাৰৰ অংশগ্ৰহণত অনুষ্ঠিত মাৰ্চ আৰু এপ্ৰিল মাহৰ অপৰাধ পৰ্যালোচনাৰ ভাৰ্চুৱেল বৈঠকৰ অধ্যক্ষতা কৰিলো ৷ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নিৰ্দেশনাত অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে নিজৰ তদন্তৰ ক্ষমতা শক্তিশালী কৰি অপৰাধৰ ওপৰত অদম্য দমন অব্যাহত ৰাখিছে ।"

তেওঁ আৰু কয়, "প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ ২০২১ চনত ৩৪৯.৫ ৰ পৰা ২০২৫ চনত ১২১.৫ পৰা বৰ্তমান পৰ্যন্ত ১০০.২লৈ হ্ৰাস পাইছে । আদালতত বিবেচনাধীন গোচৰ ২০২১ চনত ১১,১০৩.৩ আৰু ২০২৫ চনত ৩,৬৮২.৯ৰ পৰা বৰ্তমান ৩,০৬৫লৈ হ্ৰাস পাইছে । চাৰ্জশ্বীট দাখিলৰ হাৰ ২০২১ চনত ৩৯.৪০ শতাংশ আৰু ২০২৫ চনত ৮১.৪৬ শতাংশৰ পৰা ৮৬.০৪ শতাংশলৈ বৃদ্ধি পাইছে ।"

এক্সৰ আন পোষ্টত তেওঁ কয়, "আজি বিয়লি প্ৰথম ভাৰ্চুৱেল আৰক্ষী সন্মিলনৰ বাবে সকলো জিলা, আৰক্ষী থানা, আৰক্ষী শাখা, বেটেলিয়ন আৰু সংগঠনৰ হাজাৰ হাজাৰ আৰক্ষী কৰ্মীৰ সৈতে সংযোগ স্থাপন কৰাটো এক আনন্দ আৰু আশীৰ্বাদৰ কথা আছিল ।"

তেওঁ লগতে কয়, "বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সময়ত আৰু নিৰ্বাচনৰ সময়ত, প্ৰতিটো পদক্ষেপতে শান্তি, পেছাদাৰী মনোভাৱ আৰু জনবিশ্বাস নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অক্লান্ত নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো । মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কল্পনা কৰা ধৰণে এখন উন্নত আৰু শান্তিপূৰ্ণ অসমক আগুৱাই নিয়াৰ বাবে ভৱিষ্যতৰ প্ৰত্যাহ্বান আৰু আমাৰ সামূহিক দায়িত্বৰ বিষয়ে আলোচনা কৰিলোঁ ।"

লগতে পঢ়ক : ২০২৪ বৰ্ষত অসমত কিমানজন লোকৰ দুৰ্ঘটনাত মৃত্যু ঘটিছে; ২০২২-২৩ বৰ্ষৰ তুলনাত কিমান বৃদ্ধি ?

অসমত নিম্নগামী অপৰাধ: এনচিআৰবিৰ প্ৰতিবেদনে কি কয় ?

নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ

Last Updated : May 17, 2026 at 11:52 AM IST