ETV Bharat / state

অপৰাধ আৰু অসম : ১১ মাহত ৫২৫১ চুৰিকাণ্ড, ৭৩২ হত্যাকাণ্ড আৰু ২৫৬৭ অপহৰণ

বিধানসভাৰ অধিৱেশনত উন্মোচিত ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি ।

Crimes committed in Assam
অপৰাধ আৰু অসম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 4:12 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যত আইন শৃংখলা পৰিস্থিতি উন্নত হোৱা বুলি চৰকাৰে দাবী কৰি অহাৰ বিপৰীতে পৰিসংখ্যাই সেই কথা নকয় । ৰাজ্যৰ শান্তি-শৃংখলা, সাধাৰণ জনতাৰ নিৰাপত্তাৰ প্ৰকৃত স্বৰূপটো উন্মোচিত হৈছে খোদ গৃহ বিভাগৰে তথ্যতে । শনিবাৰে সমাপ্ত হোৱা বিধানসভাৰ অধিৱেশনত এই দিশটো উন্মোচিত হৈছে ।

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদনত দাখিল কৰা তথ্যই ৰাজ্যত আইন শৃংখলাজনিত পৰিস্থিতিৰ বাস্তৱ স্বৰূপটো উন্মোচিত হৈছে । কিদৰে ৰাজ্যৰ সাধাৰণ নাগৰিকে নিৰাপত্তাৰ বাবে হামৰাও কাঢ়ি জীৱন নিয়াবলগা হৈছে তাৰ ছবিখন স্পষ্ট হৈ পৰিছে ।

সদনত দাখিল কৰা তথ্য অনুসৰি ৰাজ্যত বিগত ১১ মাহত অৰ্থাৎ ২০২৫ চনৰ পহিলা জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে ৫২৫১ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ৬৪ টা ডকাইতি, ৭৩২ টা হত্যা, ২১৯ টা লুণ্ঠন, ২৫৬৭ টা অপহৰণ, ৫৬ টা যৌতুকজনিত আৰু ৫ টা ডাইনী সন্দেহত হত্যাৰ ঘটনা সংঘটিত হৈছে ।

Crimes committed in Assam
ৰাজ্যত আইন শৃংখলা পৰিস্থিতিৰ স্বৰূপ (ETV Bharat Assam)

আনহাতে বিগত ২০১৪ চনত ৰাজ্যত ১২,৭৩৭ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ২৬৭ টা ডকাইতি, ১৪৫১ টা হত্যা, ১০৩৮ টা লুণ্ঠন, ৪৮২৪ টা অপহৰণ, ১৮৮ টা যৌতুক আৰু ১৪ টা ডাইনী সন্দেহত হত্যাৰ ঘটনা সংঘটিত হৈছে । ইপিনে, ২০১৫ চনত ৰাজ্যত ১২,৩৯৯ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ১৯১ টা ডকাইতি, ১৩৪৩ টা হত্যা, ৯২৮ টা লুণ্ঠন, ৫৮৩১ টা অপহৰণ, ২১৬ টা যৌতুক আৰু ১৫ টা ডাইনী সন্দেহত হত্যাৰ ঘটনা সংঘটিত হয় ।

Crimes committed in Assam
ৰাজ্যত আইন শৃংখলা পৰিস্থিতিৰ স্বৰূপ (ETV Bharat Assam)

২০২০ চনত ৰাজ্যত ১৪,৩৯১ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ১৯৮ টা ডকাইতি, ১১৩১ টা হত্যা, ১৫৭৭ টা লুণ্ঠন, ৬৯৩৪ টা অপহৰণ, ১৪৮ টা যৌতুক আৰু ১৬ টা ডাইনী সন্দেহত হত্যাৰ ঘটনা সংঘটিত হয় ।

২০২১ চনত ৰাজ্যত ১৭৩৫১ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ১৮৮ টা ডকাইতি, ১১৯২ টা হত্যা, ১৮৮৫ টা লুণ্ঠন, ৭৫৮০ টা অপহৰণ, ১৯৮ টা যৌতুক আৰু ৮ টা ডাইনী সন্দেহত হত্যাৰ ঘটনা সংঘটিত হয় ।

Crimes committed in Assam
ৰাজ্যত আইন শৃংখলা পৰিস্থিতিৰ স্বৰূপ (ETV Bharat Assam)

ইফালে, ২০২৪ চনত ৰাজ্যত ৭,৬৩৪ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ৬৯ টা ডকাইতি, ৯২৬ টা হত্যা, ৪৩৮ টা লুণ্ঠন, ৩৩৮১ টা অপহৰণ, ৯৪ টা যৌতুক আৰু ৮ টা ডাইনী সন্দেহত হত্যাৰ ঘটনা সংঘটিত হয় ।

Crimes committed in Assam
ৰাজ্যত আইন শৃংখলা পৰিস্থিতিৰ স্বৰূপ (ETV Bharat Assam)

ৰাজধানীত অপৰাধজনিত ঘটনাৰ পৰিসংখ্যা :

ৰাজধানী চহৰ মহানগৰী গুৱাহাটীত ২০১৪ চনত ৩,১৬৯ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ২২ টা ডকাইতি, ৮৭ টা হত্যা, ২৪৬ টা লুণ্ঠন, ৫৭৩ টা অপহৰণ, ১০ টা যৌতুকজনিত ঘটনা সংঘটিত হয় ।

সেইদৰে ২০১৫ চনত ২৭৯৯ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ১৫ টা ডকাইতি, ৮৪ টা হত্যা, ২৮২ টা লুণ্ঠন, ৭০১ টা অপহৰণ, ১২ টা যৌতুকজনিত ঘটনা সংঘটিত হয় ।

২০২০ চনত ৩,৬৭৪ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ৭ টা ডকাইতি, ৫২ টা হত্যা, ৫৪৩ টা লুণ্ঠন, ৪৫১ টা অপহৰণ, ২ টা যৌতুকজনিত ঘটনা সংঘটিত হয় । ২০২১ চনত ৪,৪৯২ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ৫ টা ডকাইতি, ৬১ টা হত্যা, ৮৪৫ টা লুণ্ঠন, ৬১৫ টা অপহৰণ আৰু ২ টা যৌতুকজনিত ঘটনা সংঘটিত হয় ।

২০২৪ চনত গুৱাহাটীত ২,১৫৯ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ২ টা ডকাইতি, ৬৩ টা হত্যা, ১৮৩ টা লুণ্ঠন, ৩১৬ টা অপহৰণ, এটা যৌতুকজনিত ঘটনা সংঘটিত হয় ।

আনহাতে ২০২৫ চনত নৱেম্বৰলৈকে ১২০৮ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ লগতে ৬ টা ডকাইতি, ৫৯ টা হত্যা, ১০২ টা লুণ্ঠন, ২০৬ টা অপহৰণ আৰু দুটা যৌতুকজনিত ঘটনা সংঘটিত হয় ।

বাল্য বিবাহ আৰু চাইবাৰ অপৰাধ :

বাল্য বিবাহ সংক্ৰান্তীয় ঘটনাত ২০১৪ চনৰ পৰা চলিত বৰ্ষৰ ১৯ নৱেম্বৰলৈ ৭৭৬৫ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । ২০১৪ চনৰ পৰা চলিত বৰ্ষৰ ১৯ নবেম্বৰলৈকে চাইবাৰ ক্ৰাইমৰ লগত জড়িত মুঠ ১৮,৩১৫ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । চাইবাৰ ক্ৰাইমৰ অপৰাধী ব্যক্তিসকলক বিভিন্ন চাইবাৰ অপৰাধজনিত কাৰণ যেনে অশ্লীল ফটোৰ প্ৰচাৰ, শিশু পর্ণগ্রাফী, এ টি এম ঠগ, পৰিচয় চুৰি, নকল ছিম কার্ড, পেন কার্ড, আধাৰ কাৰ্ড, ভোটাৰ আই ডি কার্ড, বেংক পাছবুক আদিৰ লগত জড়িত থকা অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে ।

ৰাজ্যত বৰ্ধিত চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে চৰকাৰৰ দ্বাৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ ১৯৩০ আৰম্ভ কৰা হৈছে । দেশজুৰি ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা নীতি প্ৰৱৰ্তন কৰা হৈছে । দেশজুৰি ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ স্থাপন কৰাৰ লগতে কম্পিউটাৰ জৰুৰীকালীন ৰেছপন্স টীম ইণ্ডিয়া (CERT-In) আৰম্ভ ,ছাত্র-ছাত্রী আৰু বিভিন্ন দল সংগঠন সমূহক অন্তর্ভুক্ত কৰি ৰাজ্যজুৰি জনসচেতনতা অভিযান আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক:NCRB-ৰ এক ভয়াৱহ তথ্য; শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধত দেশৰ ভিতৰত পঞ্চম স্থানত অসম

ৰাজ্যখনত এবছৰত অপৰাধৰ ৬৪,৯৫১ টা ঘটনা : হিট এণ্ড ৰাণৰ ১২,১১টা গোচৰ পঞ্জীয়ন