শ্মশানৰ গেছৰ অনাদায় বিল ২ কোটি ! বিকল্প পদ্ধতি গ্ৰহণৰ দিশে শ্মশান সমিতি
মহঙা হৈছে মৃতদেহ সৎকাৰ প্ৰক্ৰিয়া । নেইষ্টৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰিছে শৱদাহ প্ৰকল্প । তৰাজান শ্মশানত পৰীক্ষামূলক ব্যৱহাৰ সম্পন্ন ।

Published : July 8, 2026 at 5:20 PM IST
যোৰহাট: যোৰহাটত মহঙা হৈছে মৃত্যুৰ পিছত কৰিবলগা মৃতদেহৰ সৎকাৰ প্ৰক্ৰিয়া । যোৰহাটৰ তৰাজান শ্মশানত ১০ জুলাইৰ পৰা বৃদ্ধি পাব মৃতদেহ সৎকাৰৰ মাচুল । এতিয়াৰে পৰা একোটা মৃতদেহ শ্মশানখনত দাহ কৰিবলৈ পৰিশোধ কৰিব লাগিব ৩,১০০ টকা । পূৰ্বৰ ২,৩০০ টকাৰ পৰা এই পৰিমাণ বৃদ্ধি কৰা হৈছে ৩,১০০ টকালৈ ।
আনহাতে, তৰাজান শ্মশান সমিতিয়ে জানিবলৈ দিয়া মতে, শীঘ্ৰে যোৰহাটৰ তৰাজান শ্মশানত নেইষ্টৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰা শৱদাহ প্ৰকল্প প্ৰতিষ্ঠা কৰা হ'ব । ইতিমধ্যে ইয়াৰ পৰীক্ষামূলক ব্যৱহাৰ সম্পন্ন হৈছে । এই উদ্ভাৱনী প্ৰকল্প স্থাপন হ'লে শৱদাহৰ মাচুল পূৰ্বতে যি ধাৰ্য কৰা আছিল, সেয়া হ্ৰাস পাব ।
যোৰহাটৰ তৰাজান শ্মশান সমিতিৰ উপ-সভাপতি দেৱজ্যোতি শ্ৰুতিকৰে জানিবলৈ দিয়ে, "উজনি অসমৰ বহুকেইখন শ্মশানে অসম গেছ কোম্পানীক প্ৰায় ২৯ কোটি টকা দিবলৈ আছে । সেই টকা পৰিশোধ কৰাটো শ্মশান সমিতিৰ বাবে সহজ নহয় । সেয়েহে এই মাচুল ৰেহাই দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰৰ হস্তক্ষেপৰ প্ৰয়োজন ।"
আনহাতে, এই সন্দৰ্ভত যোৰহাট শ্মশান সমিতিৰ উপ-সভাপতি দেৱজ্যোতি শ্ৰুতিকৰে কয়, "শৱদাহৰ মাচুল এইকাৰণেই বৃদ্ধি কৰিবলগা হৈছে, আমাৰ যিসমূহ আনুষংগিক খৰচ আছিল সেয়া যথেষ্টখিনি বাঢ়িছে । এটা শৱদেহ সৎকাৰ কৰিলে শ্মাশান কমিটীলৈ ২০০ টকাহে থাকে । শ্মশানৰ সৌন্দৰ্যবৰ্ধন, গেছৰ চুলা পৰিষ্কাৰ, কৰ্মচাৰীৰ দৰমহাৰ বাবদ আমাৰ বহুত খৰচ হৈ যায় । সেয়েহে এইসমূহৰ ওপৰত গুৰুত্ব ৰাখি মাচুল বৃদ্ধি কৰিবলগা হৈছে ।"
তেওঁ লগতে কয়, "অসম গেছ কোম্পানীৰ লগত ২০১৪ চনত যেতিয়া আমাৰ চুক্তি হৈছিল, তেতিয়া শ্মশানৰ গেছ বিনামূলীয়া বুলি কৈছিল । কিন্তু তেওঁলোকে এতিয়া আমাক ২ কোটি টকাৰ এখন বিল দিছে । সেয়েহে এই ক্ষেত্ৰত চৰকাৰে বিবেচনা কৰি আমাক সহায় কৰিব বুলি আশা প্ৰকাশ কৰিলোঁ । কিয়নো এই বিল পৰিশোধ কৰিবলৈ আমি অপাৰগ ।"
গেছৰ অনাদায় বিলৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, "উজনি অসমৰ বহুকেইখন শ্মশানে অসম গেছ কোম্পানীক ২৯ কোটি টকা বিল দিবলৈ আছে । সেয়েহে এই ক্ষেত্ৰত চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি এক ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ । এইক্ষেত্ৰত অসম চৰকাৰে অসম গেছ কোম্পানীৰ লগত আলোচনা কৰি এই বিল ৰেহাই দিয়াৰ এক পদক্ষেপ গ্ৰহণ কৰে যেন, এই অনুৰোধ অসম চৰকাৰলৈ ।"
লগতে তেওঁ কয়, "ইতিমধ্যে নেইষ্টৰ বিজ্ঞানী আমাৰ শ্মশানলৈ আহিছে আৰু তেওঁলোকে উদ্ভাৱন কৰিছে এটা শৱদাহ কৰা প্ৰণালী বা প্ৰকল্প । আমাৰ ইয়াত পৰীক্ষামূলকভাৱে অনুশীলন কৰিলে । আমি সেই প্ৰণালী বা প্ৰকল্প আমি গ্ৰহণ কৰিছোঁ । এই প্ৰকল্পটো ল'বলৈ আমি ইচ্ছা প্ৰকাশ কৰিছোঁ । এই প্ৰকল্পটো প্ৰতিষ্ঠা কৰিবলৈ ৰাইজ আৰু চৰকাৰ সহযোগ কৰিব লাগিব । কাৰণ প্ৰকল্পটো প্ৰতিষ্ঠা কৰিবলৈ ২০ লাখৰো অধিক টকাৰ প্ৰয়োজন হ'ব। এই প্ৰকল্প কাৰ্যক্ষম হ'লে পুনৰ পূৰ্বৰ মাচুললৈ নামি আহিব, তেতিয়া পুনৰ ৰাইজৰ সহায় হ'ব ।"

