ETV Bharat / state

শ্যামকানুক আইনী সাহায্য প্ৰদানৰ নিৰ্দেশ আদালতৰ

শ্যামকানু মহন্তই আদালতক অধিবক্তা বিচাৰি অনুৰোধ জনাইছিল । তাৰ পাছতে আদালতে দিলে এই নিৰ্দেশ ।

Zubeen Garg death case
শ্যামকানুক আইনী সাহায্য প্ৰদানৰ নিৰ্দেশ আদালতৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 15, 2025 at 4:51 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ইতিমধ্যে ৫ অভিযুক্তক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । বুধবাৰে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

ইয়াৰ মাজতে অভিযুক্ত শ্যামকানু মহন্তক আইনী সাহায্য প্ৰদানৰ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । নিজা অধিবক্তা নাই বুলি অভিযুক্ত মহন্তই কোৱাৰ পিছতে আদালতে নিয়ম অনুসৰি তেওঁক আইন সেৱা প্ৰাধিকাৰীৰ জৰিয়তে আইনী সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়ে ।

শ্যামকানুক আইনী সাহায্য প্ৰদানৰ নিৰ্দেশ আদালতৰ (ETV Bharat)

উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ ৫ অভিযুক্তৰ এছ আই টি জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছতেই বুধবাৰে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ।

এই সন্দৰ্ভত অসম চৰকাৰৰ লোক অধিবক্তা তথা উকীল সন্থা গুৱাহাটীৰ সভাপতি প্ৰদীপ কোঁৱৰে সংবাদ মাধ্যমৰ আগত কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, দুই দেহৰক্ষী ক্ৰমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । আদালতত হাজিৰ কৰোৱাৰ পিছত অভিযুক্ত শ্যামকানু মহন্তই আদালতক জনাইছিল যে তেওঁৰ কোনো অধিবক্তা নাই । দিল্লীৰ অধিবক্তা ল'ব বিচাৰিছিল কিন্তু তেওঁ ল'ব নোৱাৰে । শ্যামকানুৱে এজন অধিবক্তা বিচাৰিছিল । তেতিয়া আইন সেৱা প্ৰাধিকাৰীৰ জৰিয়তে অভিযুক্ত শ্যামকানু মহন্তক আইনী সাহায্য প্ৰদান কৰিবলৈ মহামান্য আদালতে নিৰ্দেশ দিছে ।"

উল্লেখ্য যে সদৌ অসম উকীল সন্থা আৰু উকীল সন্থা গুৱাহাটীয়ে জুবিনৰ মৃত্যুৰ সৈতে জড়িত কোনো অভিযুক্তৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছিল ।

লগতে পঢ়ক :জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু-সিদ্ধাৰ্থসহ ৫ অভিযুক্তৰ নতুন ঠিকনা বাক্সাৰ নিকাছিস্থিত নৱ নিৰ্মিত কেন্দ্ৰীয় কাৰাগাৰ