ETV Bharat / state

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ডি-লিট উপাধি প্ৰদান কটন বিশ্ববিদ্যালয়ৰ

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত জুবিন গাৰ্গৰ পৰিয়ালৰ হৈ তেওঁৰ ভগ্নী পামী বৰঠাকুৰে ৰাজ্যপালৰ পৰা এই সন্মান গ্ৰহণ কৰে ।

COTTON UNIVERSITY 4TH CONVOCATION
সমাৱৰ্তন অনুষ্ঠানত মুখ্যমন্ত্ৰী, ৰাজ্যপাল তথা অন্য়ান্যসকল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 7:43 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰাণৰ শিল্পী তথা হিয়াৰ আমঠু জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ডি-লিট সন্মান প্ৰদান কটন বিশ্ববিদ্যালয়ৰ । কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সৰ্মাৱতনত এই সন্মান প্ৰদান কৰা হয় ।

মঙলবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সৰ্মাৱতন অনুষ্ঠিত হয় । পুৱাৰ ভাগত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা এই অনুষ্ঠানৰ মুকলি সভাত ৰাজ্যৰ ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচার্যই সভাপতিত্ব কৰে । মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।

জুবিন গাৰ্গলৈ কটন বিশ্ববিদ্যালয়ৰ বিশেষ সন্মান (ETV Bharat Assam)

এই অনুষ্ঠানতে কটন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জুবিন গাৰ্গক মৰণোত্তৰভাৱে ডি-লিট সন্মান প্ৰদান কৰা হয় । জুবিন গাৰ্গৰ পৰিয়ালৰ হৈ তেওঁৰ ভগ্নী পামী বৰঠাকুৰে ৰাজ্যপালৰ পৰা এই সন্মান গ্ৰহণ কৰে । লগতে জ্যেষ্ঠ প্ৰবক্তা ৰঞ্জিত কুমাৰ দেৱগোস্বামীকো ৰাজ্যপালে ডি-লিট সন্মান প্ৰদান কৰে ।

COTTON UNIVERSITY 4TH CONVOCATION
জুবিন গাৰ্গক মৰণোত্তৰভাৱে ডি-লিট উপাধি প্ৰদান (ETV Bharat Assam)

আনহাতে, এই অনুষ্ঠানতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলীট হিমা দাসক প্ৰদান কৰা হয় ক্ৰীড়াৰ ক্ষেত্ৰত স্নাতক ডিগ্রী । অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয়, "কটনৰ অনুষ্ঠানত থাকিবলৈ পাই মই গৌৰৱান্বিত হৈছোঁ । এই বিশ্ববিদ্যালয়ৰ পৰা মই আজি এই পৰ্যায় পাইছোঁ । 1985 চনত আমি ৰাজ্যখনত নতুন আশাৰ পৰিৱেশ দেখা পাইছিলোঁ । উচ্চ শিক্ষানুষ্ঠান নথকাৰ বাবে ছাত্ৰ-ছাত্ৰী পুনে, মহাৰাষ্ট্ৰৰ দৰে স্থানত পঢ়িবলৈ গৈছিল । অসমত বন্দুকৰ শব্দৰ ক'লা ডাৱৰে আৱৰি ধৰিছিল । কেতিয়াও আমি ভবা নাছিলোঁ ভাল দিন আহিব বুলি । সদায় অন্ধকাৰৰ মাজত থাকিব লাগিব তেনে ধাৰণা হৈছিল । কিন্তু ক'ব নোৱৰাকৈ ভাল দিন আহিছে ।"

COTTON UNIVERSITY 4TH CONVOCATION
সমাৱৰ্তন অনুষ্ঠানত মুখ্যমন্ত্ৰী, ৰাজ্যপাল তথা অন্য়ান্যসকল (ETV Bharat Assam)

ইফালে জুবিন গাৰ্গৰ হৈ ডি-লিট সন্মান গ্ৰহণ কৰি ভগ্নী পামী বৰঠাকুৰে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, "এইটো বৰ ডাঙৰ সন্মান । আমাৰ কাৰণে খুব গৌৰৱৰ কথা । দাদা যিহেতু নাই, সেই কাৰণে মই আহিলোঁ গ্ৰহণ কৰিবলৈ । এইটো এটা আৱেগিক মুহূৰ্ত মোৰ কাৰণে ।"

COTTON UNIVERSITY 4TH CONVOCATION
জ্যেষ্ঠ প্ৰবক্তা ৰঞ্জিত কুমাৰ দেৱগোস্বামীলৈ ডি লিট সন্মান (ETV Bharat Assam)

উল্লেখ্য যে সমাৱৰ্তন অনুষ্ঠানত সফলতাৰে বিভিন্ন বিভাগৰ গৱেষণামূলক পাঠ্যক্ৰম সমাপ্ত কৰা শিক্ষাৰ্থীৰ ৫৩ গৰাকীক পি এইচ ডি, ১,৪৮০ গৰাকীক স্নাতকোত্তৰ, ১,২৪৬ গৰাকীক স্নাতক, ২৫ গৰাকীক ডিপ্ল'মা আৰু ১২৫ শিক্ষাৰ্থীক স্বৰ্ণ পদক প্ৰদান কৰা হয় । সৰ্বমুঠ ২,৮০৪ গৰাকী শিক্ষাৰ্থীক এই সন্মান প্ৰদান কৰা হয় ।

COTTON UNIVERSITY 4TH CONVOCATION
কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন, হিমা দাসৰ স্নাতক ডিগ্ৰী অৰ্জন (ETV Bharat Assam)

আনহাতে, স্নাতক ডিগ্ৰী সন্মান গ্ৰহণ কৰি এথলীট হিমা দাসে মনৰ অনুভৱ প্ৰকাশ কৰি কয়, "ছয় বছৰ কষ্টৰ অন্তত স্প'ৰ্টছ পাঠ্যক্ৰম সমাপ্ত কৰি এই ডিগ্ৰী পাই আজি ভাল লাগিছে । জুবিনদা মোৰ মাজত সদায় আছে । আজি যদি জুবিনদা থাকিলহেতেন হয় আৰু ভাল লাগিলহেতেন ।"

উল্লেখ্য যে এই অনুষ্ঠানত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ লগতে মুকলি সভাত এইমছ হাস্পতালৰ কাৰ্যবাহী সঞ্চালক অশোক পুৰাণীক, কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হীৰেন ডেকা প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপকসকল, শিক্ষাৰ্থী আৰু অভিভাৱকসকল উপস্থিত থাকে ।

লগতে পঢ়ক :শ্বহীদ প্ৰণামো তোমাক ! বুধবাৰে মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্র'
লগতে পঢ়ক :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৫ টা বিপদাপন্ন প্ৰজাতিৰ শগুণ মুকলিৰ যো-জা