ETV Bharat / state

শিৱসাগৰৰ বিজি-শিমলুগুৰি সংযোগী পথ নিৰ্মাণৰ নামত লুণ্ঠনৰ অভিযোগ

শিৱসাগৰত পথ নিৰ্মাণৰ নামত লুণ্ঠনৰ অভিযোগ ঠিকাদাৰ শিৱা হৰলালকাৰ বিৰুদ্ধে ৷ দুবছৰেও ১৮ কিলোমিটাৰ পথ সম্পূৰ্ণ কৰিব নোৱাৰিলে ৷

Sivasagar News
পথ নিৰ্মাণৰ নামত লুণ্ঠনৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 3:23 PM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ: অসম মালা আঁচনিৰ অধীনত ১২১ কোটি ব্যয়েৰে নিৰ্মাণৰত শিৱসাগৰৰ বিজি ৰোডৰ পৰা শিমলুগুৰি সংযোগী পথছোৱা নিৰ্মাণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ শিৱা হৰলালকাৰ বিৰুদ্ধে ৷

অভিযোগ উঠিছে যে, বিগত দুবছৰেও তেওঁ ১৮ কিলোমিটাৰ পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে । যাৰ বাবে পথচাৰীসকল শাৰাশাস্তিৰ সন্মুখীন হৈছে ৷

পথ নিৰ্মাণৰ নামত লুণ্ঠনৰ অভিযোগ (ETV Bharat Assam)

উল্লেখ্য যে, উক্ত পথেৰে পৰ্যটকসকলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামলৈ যায় ৷ কিন্তু পথ নিৰ্মাণৰ নামত ঠায়ে ঠায়ে গাত খান্দি নিম্ন মানদণ্ডৰ কামৰ বাবে পথছোৱাৰে যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতৃত্বই ৷ এই সন্দৰ্ভত জাতীয় সংগ্ৰামী সেনাৰ সদস্যই কয়, "বিগত দুটা বছৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে প্ৰায় ১৮ কিলোমিটাৰ পথ । শিৱসাগৰৰ বিজি ৰোডৰ পৰা শিমলুগুৰি সংযোগী পথচোৱা নিৰ্মাণৰ নামত ল'ৰাধেমালি কৰিছে ঠিকাদাৰ শিৱা হাৰলালকাই ।"

তেওঁ লগতে কয়,"দুটা বছৰ হ'ল, তথাপিও বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামলৈ যাবলৈ ব্যৱহাৰ কৰা পথছোৱা নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে ৷ পথ নিৰ্মাণৰ নামত লুণ্ঠনৰ জাল পেলোৱা ঠিকাদাৰ শিৱা হাৰলালকাই সময়ত কাম সম্পূৰ্ণ কৰিব নোৱৰাৰ পাছতো পুনৰ এই বিতৰ্কিত ঠিকাদাৰজনকেই পথটো নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হ'ল । এইগৰাকী বিতৰ্কিত ঠিকাদাৰে জাঁজীৰ পৰা ডিমৌলৈকে চাৰিলেনযুক্ত পথ, ঐতিহাসিক ধোদৰ আলি নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে । কাৰ আশীৰ্বাদত এই ঠিকাদাৰজনক কাম দিছে ? ইয়াত নিশ্চয় ৰহস্য সোমাই আছে ৷"

ইফালে বিধায়ক অখিল গগৈয়ে আজি পৰ্যন্ত পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ ক্ষেত্ৰত মাত নামাতিলে । অসমৰ লোকনিৰ্মাণ বিভাগৰ সৈতে এনে কি বুজাবুজি আছে বা এনে কি কমিছনৰ অংক আছে যে নিম্নমানৰ কাম আৰু কাম সম্পূৰ্ণ কৰিব নোৱৰাৰ পাছতো শিৱা হাৰলালকাক ঠিকা দিয়ে ? জাতীয় সংগ্ৰামী সেনাৰ প্ৰশ্ন ৷

লগতে পঢ়ক: সৃজনগ্ৰামত পথৰ দুৰৱস্থাই ঘটিয়ে ঘটিয়ে পানী খুৱাইছে ৰাইজক, দহবাৰ চিন্তা কৰিব লাগে খোজ দিবলৈ