পথ নিৰ্মাণৰ নামত দুৰ্নীতি ! জিলা পৰিষদৰ সদস্যাৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ
বৰপেটাৰ চেনিমাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰায় ৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণৰত ৰাস্তাৰ কামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

Published : July 8, 2026 at 5:01 PM IST
জনীয়া: কলগাছিয়াৰ তিতাপানী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ । দুৰ্নীতি সংঘটিত কৰি পথটোত নিম্নমানৰ পেভাৰ ব্লক ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ৰাইজে । জিলা পৰিষদৰ সদস্যা ছুফিয়া খাতুনে কামৰ সবিশেষ উল্লেখ থকা ফলক নোহোৱাকৈ কাম আৰম্ভ কৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
বৰপেটা জিলাৰ চেনিমাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰায় ৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণৰত ৰাস্তাৰ কামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, নিম্নমানৰ পেভাৰ ব্লক ব্যৱহাৰ কৰি ৰাস্তাটো নিৰ্মাণ কৰা হৈছে । লগতে কামৰ সময়ত নিয়ম অনুসৰি পৰ্যাপ্তভাৱে ৰোলাৰ ব্যৱহাৰ নকৰি নামমাত্ৰ ৰোলাৰ চলায়েই কাম কৰা হৈছে বুলিও অভিযোগ উত্থাপন হৈছে । ফলত ৰাস্তাটো অতি কম সময়ৰ ভিতৰতে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে ।
স্থানীয় ৰাইজে দুবাৰকৈ বাধা দিয়া সত্বেও জিলা পৰিষদৰ সদস্যা ছুফিয়া খাতুনে কাৰো কথালৈ কেৰেপ নকৰি অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে । ৰাজহুৱা কামত দুৰ্নীতি কৰাটো উচিত হোৱা নাই বুলি ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াৰ উপৰিও, চৰকাৰী নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত বাধ্যতামূলকভাৱে স্থাপন কৰিবলগীয়া নাম ফলক ব্যৱহাৰ নকৰাৰো অভিযোগ উত্থাপন কৰিছে অঞ্চটোৰ ৰাইজে ।
অভিযোগ অনুসৰি, কোনো নাম ফলক অবিহনেই চতলা জিলা পৰিষদৰ সদস্যা ছুফিয়া খাতুনে ব্যাপক দুৰ্নীতি সংঘটিত কৰি ৰাস্তাৰ কোনো চাইড বাম নিদিয়াকৈ কাম কৰি আছে । স্থানীয় ৰাইজে সমগ্ৰ বিষয়টোৰ নিৰপেক্ষ তদন্তৰ দাবী জনোৱাৰ লগতে কামৰ গুণগত মান পৰীক্ষা কৰি যদি কোনো অনিয়ম প্ৰমাণিত হয়, তেন্তে জিলা পৰিষদৰ সদস্যা ছুফিয়া খাতুন বা কামৰ লগত জড়িত থকা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ।
লগতে পঢ়ক: এখন উৰণসেতুক লৈ জনতাৰ বিড়ম্বনা: ভাগ্যক্ৰমে নহ'ল কোনো দুৰ্ঘটনা

