ETV Bharat / state

নেপালত নিৰুদ্দেশ হোৱা নলবাৰীৰ অৰুণ মহন্তৰ পৰিয়ালৰে বাৰ্তালাপ জয়ন্ত মল্লবৰুৱাৰ

নেপাল-তিব্বত সীমান্তৰ আকস্মিক বানৰ পিছৰে পৰা সন্ধান নাই নলবাৰীৰ অৰুণ মহন্তৰ । ধুবুৰী জিলা প্ৰশাসনে মুকলি কৰিলে হেল্পলাইন নম্বৰ ।

Conversation with Jayanta Mallabarua about the family of Arun Mahanta from Nalbari who went missing in Nepal
নেপালত নিৰুদ্দেশ হোৱা নলবাৰীৰ অৰুণ মহন্তৰ পৰিয়ালৰে বাৰ্তালাপ জয়ন্ত মল্লবৰুৱাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 29, 2026 at 9:01 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: নেপাল-তিব্বত সীমান্তৰ আকস্মিক বানত অসমৰ কেইবাগৰাকীও লোক নিৰুদ্দেশ হৈ থকাৰ খবৰ পোৱা গৈছে । বৰ্তমানো নলবাৰীৰ অৰৰাৰ অৰুণ মহন্ত নামৰ লোকজনৰ কোনো সন্ধান লাভ কৰা নাই । বিগত চাৰিদিন ধৰি পৰিয়ালৰ লোকৰ সৈতেও মহন্তৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে ।

ৰাছুৱা জিলাৰ উপৰ ত্ৰিশূলীত এণ্ডিজ হাইড্ৰপাৱাৰ কোম্পানীত অৰুণ মহন্ত কৰ্মৰত আছিল । বিগত ছয়মাহে নেপালৰ ৰাছুৱাত তেওঁ কৰ্মৰত হৈ আছিল । তিনিগৰাকী কন্যা সন্তানৰ পিতৃ অৰুণ মহন্ত । এই খবৰ লাভ কৰাৰ মাত্ৰকে মহন্তৰ পত্নীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মন্ত্ৰীগৰাকীয়ে তেওঁক যিকোনো প্ৰকাৰে অৰুণ মহন্তৰ খবৰ কৰাৰ আশ্বাস প্ৰদান কৰে ।

এই সন্দৰ্ভত জয়ন্ত মল্লবৰুৱাই এক্সত এটা' প'ষ্টত উল্লেখ কৰে এইদৰে,"নেপালৰ ভয়াৱহ বানৰ মাজতে নেপালত কৰ্মৰত অৰুণ মহন্ত নিৰুদ্দেশ হৈ আছে । তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতি আশ্বাস দিলোঁ যে এই কঠিন সময়ত চৰকাৰে সকলো ধৰণৰ সাহায্য আৰু সহায় আগবঢ়াইছে । আমি তেওঁৰ নিৰাপদে উভতি অহাৰ বাবে আশাবাদী হৈ আছো আৰু উদ্ধাৰ আৰু অনুসন্ধানৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে তেওঁৰ পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দিছো ।"

ধুবুৰী জিলা প্ৰশাসনৰ হেল্পলাইন নম্বৰ মুকলি

ইফালে নেপালত হোৱা ভয়ংকৰ বানপানী আৰু দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলা প্ৰশাসনে কেইবাটাও জৰুৰীকালীন হেল্পলাইন নম্বৰ মুকলি কৰে । এই সন্দৰ্ভত ধুবুৰী জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প বিষয়া মোফাৰ্জেল সৰকাৰে কয়,"ধুবুৰী জিলাৰ কোনো নাগৰিক যদি নেপালত গৈ আৱদ্ধ হৈ আছে সেই বিষয়েও জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰৰ ম'বাইল আৰু লেণ্ড লাইন নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছো ।"

Conversation with Jayanta Mallabarua about the family of Arun Mahanta from Nalbari who went missing in Nepal
ধুবুৰী জিলা প্ৰশাসনৰ হেল্পলাইন নম্বৰ মুকলি (ETV Bharat Assam)

আনহাতে ভূমিকম্পকে ধৰি প্ৰাকৃতিক দুৰ্যোগৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি সেই বিষয়েও ধুবুৰী জিলা দুৰ্যোগ প্ৰশমন বিভাগে জিলাখনত ৰাইজৰ মাজত সজাগতামূলক অভিযান অব্যাহত ৰাখিছে বুলি তেওঁ উল্লেখ কৰে । উল্লেখ্য যে, এই আকস্মিক বানত অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু তেওঁৰ স্বামীও নিৰুদ্দেশ হৈ থকাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা দীপালী সৰকাৰ আৰু তেওঁৰ স্বামী মানস ঘোষৰ সৈতে পৰিয়াল তথা আত্মীয়ই যোগাযোগ কৰিব পৰা নাই ।

ইফালে গোলাঘাট জিলাৰ পৰাও আন এজন যুৱক নেপালত নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে । যুৱকজন মেৰাপানীৰ ১ নং জয়পুখুৰীৰ ৰাহুল দৈমাৰী বুলি জানিব পৰা গৈছে । ৰাহুল বিগত এবছৰৰ পৰা নেপালৰ এটা পাইপ লাইনৰ কোম্পানীত কৰ্মৰত হৈ আছে । অসমৰ ১২ গৰাকী লোক নেপালত সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও সন্ধানহীন লোকসকলৰ তথ্য প্ৰকাশ কৰিছে । সেই তালিকাত এই ৩ গৰাকী লোক অন্তৰ্ভুক্ত আছে ।

লগতে পঢ়ক: নেপালৰ বানত সন্ধানহীন গুৱাহাটীৰ প্ৰাক্তন অধ্যাপিকা-স্বামী; মেৰাপানীৰ ৰাহুলৰো খবৰ নাই

নেপালৰ বান : মন্ত্ৰী-ঋতুপৰ্ণৰ সন্ধান এতিয়াও ওলোৱা নাই