ETV Bharat / state

ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীক তেজ দিয়াক লৈ বিতৰ্ক: স্থিতি স্পষ্ট কৰিলে কৰ্তৃপক্ষই

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ গুণজিৎ দাসে কয় যে কৰ্তৃপক্ষই কৰা তদন্তত ৰোগীক সঠিক গ্ৰুপৰ তেজ প্ৰদান কৰা হৈছিল বুলি নিশ্চিত হৈছে ।

DMCH blood transfusion controversy
ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীক তেজ দিয়াক লৈ বিতৰ্ক; স্থিতি স্পষ্ট কৰিলে কৰ্তৃপক্ষই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 9, 2026 at 6:36 PM IST

4 Min Read
Choose ETV Bharat

ধুবুৰী: ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এগৰাকী ৬১ বছৰীয়া ৰোগীক ভুল গ্ৰুপৰ ৰক্ত প্ৰদান কৰা হোৱা বুলি উত্থাপিত অভিযোগক কেন্দ্ৰ কৰি জিলাজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । এই ঘটনাৰ পিছতে ৰোগীৰ পৰিয়ালৰ লোকে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে চিকিৎসালয় কৰ্তৃপক্ষই এই অভিযোগ অস্বীকাৰ কৰি স্পষ্ট কৰিছে যে ৰোগীক ভুল গ্ৰুপৰ তেজ দিয়া হোৱা নাছিল । বৰঞ্চ ব্লাড বেংকত লেবেলিঙত ভুল হৈছিল ।

জানিব পৰা মতে, বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কুটকুটাৰভিটা গাঁৱৰ আবুবক্কৰ ছিদ্দিক (৬১) নামৰ ব্যক্তিজনক যোৱা ১ জুলাইত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকৰ মতে, ৰোগীজনৰ তীব্ৰ ৰক্তহীনতা আছিল আৰু হিম'গ্লবিনৰ পৰিমাণো মাত্ৰ ৬ আছিল । সেইবাবে চিকিৎসকে তিনি ইউনিট তেজ প্ৰদানৰ পৰামৰ্শ দিছিল ।

ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীক তেজ দিয়াক লৈ বিতৰ্ক; স্থিতি স্পষ্ট কৰিলে কৰ্তৃপক্ষই (ETV Bharat Assam)

অভিযোগ অনুসৰি, প্ৰথম ইউনিট তেজ দিয়াৰ পিছত ৰোগীৰ শাৰীৰিক অৱস্থা অধিক অৱনতি ঘটিছিল আৰু তেওঁক আইচিইউলৈ স্থানান্তৰ কৰা হৈছিল । পিছত দ্বিতীয় ইউনিট তেজৰ বাবে চিকিৎসকৰ ৰিকুইজিচনত বি-পজিটিভ ব্লাড গ্ৰুপ উল্লেখ থকা দেখি পৰিয়ালৰ লোকে আপত্তি তোলে । ৰোগীজনৰ পৰিয়ালৰ লোকৰ দাবী, ৰোগীৰ প্ৰকৃত তেজৰ গ্ৰুপ অ'-পজিটিভ । কিন্তু চিকিৎসালয়ৰ ভুলৰ বাবে বি-পজিটিভ তেজ দিয়াৰ চেষ্টা কৰা হৈছিল । বৰ্তমান ৰোগীজন আইচিইউৰ ১০ নম্বৰ বিছনাত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি উল্লেখ কৰে ।

এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই ৰোগীৰ পৰিয়াল আৰু স্থানীয় ৰাইজে উক্ত ঘটনাত জড়িত চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।

অৱশ্যে উক্ত অভিযোগ সন্দৰ্ভত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ গুণজিৎ দাসে বৃহস্পতিবাৰে কয় যে ধুবুৰী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই এই বিষয়ে কৰা তদন্তত ৰোগীজনক অ'-পজিটিভ তেজেই প্ৰদান কৰা হৈছিল বুলি নিশ্চিত হৈছে ।

DMCH blood transfusion controversy
তেজ দিয়াৰ নথি (ETV Bharat Assam)

তেওঁৰ ভাষ্য অনুসৰি, ব্লাড বেংকৰ ৰেজিষ্টাৰ, সংৰক্ষিত ব্লাড বেগৰ ছেগমেণ্ট আৰু পুনৰ পৰীক্ষাত অ'-পজিটিভ ব্লাডহে প্ৰদান কৰা হোৱা বুলি প্ৰমাণিত হৈছে ।

ডাঃ দাসে কয়, “ৰোগীক ভুল ব্লাড দিয়া হোৱা নাই । ব্লাড বেংকৰ টেকনিচিয়ানৰ ক্লেৰিকেল ভুলৰ ফলত অ'-পজিটিভ ব্লাডৰ শ্লিপৰ ঠাইত ভুলবশতঃ বি-পজিটিভ লেবেল সংলগ্ন হৈছিল । বৈজ্ঞানিক পৰীক্ষাত ৰোগীয়ে অ'-পজিটিভ ব্লাডেই লাভ কৰা বুলি নিশ্চিত হৈছে ।”

তেওঁ লগতে জনায় যে ঘটনাটোৰ তদন্তৰ বাবে এনাস্থেচিয়া বিভাগৰ মুৰব্বী অধ্যাপকক সভাপতি হিচাপে লৈ এখন আভ্যন্তৰীণ তদন্ত সমিতি গঠন কৰা হৈছে । তদন্ত সমিতিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ব্লাড গ্ৰুপিং আৰু কম্পেটিবিলিটি টেষ্ট সঠিকভাৱে কৰা হৈছিল আৰু ৰোগীক সঠিক ব্লাড গ্ৰুপৰ ৰক্তই দিয়া হৈছি ল। কেৱল লেবেলিঙৰ ক্ষেত্ৰত ক্লেৰিকেল ভুল হৈছিল ।

ইফালে, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অংকুমণি শইকীয়ায়ো কয় যে ৰোগীৰ স্বাস্থ্যই চিকিৎসালয়ৰ প্ৰথম অগ্ৰাধিকাৰ । তেওঁ স্পষ্টকৈ কয়, “মিছমেটচ ব্লাড ট্ৰান্সফিউজন হোৱা নাই । লেবেলিঙৰ ক্ষেত্ৰত ক্লেৰিকেল ভুল হৈছে আৰু সেই ভুল আমি স্বীকাৰ কৰিছোঁ । ইতিমধ্যে বিষয়টোৰ তদন্ত চলি আছে ।"

তেওঁ লগতে জনায় যে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈও নমুনা প্ৰেৰণ কৰা হৈছে, যাতে স্বতন্ত্ৰভাৱে পুনৰ পৰীক্ষা কৰিব পৰা যায় । প্ৰয়োজন হ'লে এনএবিএল স্বীকৃত লেব'ৰেটৰীত পৰীক্ষাৰ ব্যয়ো ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে বহন কৰিবলৈ সাজু আছে বুলি তেওঁ কয় ।

বৰ্তমান উক্ত ঘটনাটোক কেন্দ্ৰ কৰি ধুবুৰীত ব্যাপক চৰ্চা চলি আছে । একেদৰে ৰোগীৰ পৰিয়ালে নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে । আনহাতে, চিকিৎসালয় কৰ্তৃপক্ষই দাবী কৰিছে যে উক্ত ঘটনাটোত চিকিৎসাগত কোনো ভুল হোৱা নাই । বৰঞ্চ নথিপত্ৰৰ লেবেলিঙত ভুল হোৱা বুলি বৃহস্পতিবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই স্পষ্ট কৰিছে ।

লগতে পঢ়ক :হত্যাৰ অভিযোগত অভিযুক্ত যুৱকক মৰিয়াই মৰিয়াই হত্যা ৰঙামাটিত
লগতে পঢ়ক :চুৰি হোৱা গাড়ীবোৰ ক'লৈ যায় ? লখিমপুৰত অবৈধ গাড়ী স্ক্ৰেপিঙৰ বৃহৎ চক্ৰ উৎখাত