ETV Bharat / state

মুছলমান-হিন্দু সম্প্ৰদায়ৰ মাজত গো-মাংসক লৈ বিশ্বাসভংগ? মঙলদৈত কোন হ'ল এঘৰীয়া?

মঙলদৈৰ ১নং গেৰিমাৰী কছাৰী বস্তিত এটা চাঞ্চল্যকৰ ঘটনা ৷ দুটা পক্ষৰ মাজত কথাৰ অৰিয়াঅৰি ৷ সমাজৰ আকৌ অন্য় সিদ্ধান্ত...

Mangaldai News
হিন্দু ব্যক্তিক গো-মাংস খুওৱাৰ চেষ্টা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 3, 2026 at 3:24 PM IST

|

Updated : June 3, 2026 at 5:12 PM IST

2 Min Read
Choose ETV Bharat

মঙলদৈ: মিত্ৰতাৰে এটা সম্পৰ্ক গঢ়ি উঠিব পাৰে, আৰু এই মিত্ৰতাই এটা সম্পৰ্ক ভাঙি দিবও পাৰে ৷ এইবাৰ বন্ধুৰ বাবেই বিপদত পৰিল বন্ধু ৷ এগৰাকী মিত্ৰৰ ওপৰতে জাপি দিয়া হ'ল অপযশ ৷

মঙলদৈৰ ১নং গেৰিমাৰী কছাৰী বস্তিত বিগত বকৰী ঈদৰ দিনাখন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল ! ঘটনাৰ সৱিশেষ অনুসৰি জাভেদ আলী নামৰ ইছলাম ধৰ্মীয় এজন ব্যক্তিয়ে তেওঁৰ মিত্ৰ বুলি জাহিৰ কৰা হিন্দু সম্প্ৰদায়ৰ ব্যক্তিক গো-মাংস খুওৱাৰ অপচেষ্টা কৰা বুলি এক অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি, পবিত্ৰ ঈদৰ দিনা বিশেষ মাংস ৰান্ধি জাভেদ আলীয়ে সখী তপন বড়োৰ ঘৰলৈ আনিছিল ৷ তাৰ পাছত সেই মাংস তাতেই এৰি তেওঁ মানে জাভেদ আলীয়ে চুবুৰীয়াক কথাটো অবগত কৰি এতিয়া তপন বড়ো আৰু তেওঁৰ পৰিয়ালক সমাজত এঘৰীয়া কৰিলে ৷

হিন্দু ব্যক্তিক গো-মাংস খুওৱাৰ অপচেষ্টা (ETV Bharat Assam)

এই ঘটনাৰ স্পষ্টীকৰণ দি তপন বড়োৱে কয় যে,"দুপৰীয়া মই ঘৰত শুই আছিলো ৷ সেই সময়ত ঘৰৰ বাকী সদস্য নাছিল ৷ তেনেতে জাভেদ আলীয়ে এটা বাতিত ৰন্ধা মাংস অলপ আনিছিল আৰু মাংসখিনি আমাৰ ঘৰৰ টেবুলত ৰাখি থলে ৷ তাৰ পিছত ৰাস্তাৰ লগতে গাঁৱৰ মানুহক মাতি আনি জাভেদ আলীয়ে আমি গো-মাংস খোৱা বুলি দেখুওৱাই দিয়ে মাতি অনা মানুহখিনিক ৷ কিন্তু মই মাংস খোৱা নাছিলো তথাপি মই নিষিদ্ধ মাংস ভক্ষণ কৰাৰ সন্দেহত গাঁৱত ৰাইজে মেল পাতি আমাৰ এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছে ৷"

জাভেদ আলী সন্দৰ্ভত বড়োৱে কয়, "জাভেদ আলীয়ে আমাৰ ঘৰলৈ সুৰাপান কৰিবলৈ মাজে মাজে আহে ৷ সেইদিনা দ্বিতীয়বাৰৰ বাবে জাভেদে গো-মাংস আনিছিল যদিও ৰাইজে তাক মাৰ-ধৰ কৰি খেদি পঠিয়াইছো৷"

উক্ত দিনৰ ঘটনাৰ পাছতে মঙলবাৰে সন্ধিয়া মোৱামাৰী গাঁও পঞ্চায়তৰ ১ নং খণ্ডৰ সদস্যা অংকিতা শৰ্মা নেওগৰ উদ্যোগত কছাৰী বস্তিত এখন সজাগতা সভা অনুষ্ঠিত হয় ।

হিন্দু ব্যক্তিক গো-মাংস খুওৱাৰ চেষ্টা (ETV Bharat Assam)

ৰাইজৰ মুখত তপন বড়োৰ সৈতে সংঘটিত ঘটনা সম্পৰ্কে শুনা বুলি উল্লেখ কৰি ৱাৰ্ড মেম্বাৰ অংকিতা শৰ্মা নেওগে কয়, "এইজন মানুহৰ ক্ষেত্ৰত বহুত বেয়া কাম হৈছে । আমিও কাকো অখাদ্য খুৱাবলৈ চেষ্টা কৰা নাই, কোনেও আমাক বেয়া খাদ্য খুৱাবলৈ চেষ্টা কৰিব নালাগে, যিটো ধৰ্ম বিৰোধী খাদ্য। তেওঁলোকে আমাক হিংসা কৰি এইবোৰ কাম কৰি আছে ।"

লগতে পঢ়ক : সুমিত কুমাৰ নাম লৈ ভয়ংকৰ কাণ্ড কৰিলে হাছমতে?

Last Updated : June 3, 2026 at 5:12 PM IST