পুনৰ বিতৰ্কত অসম সাহিত্য সভা, আদালতৰ হস্তক্ষেপ সাহিত্য সভাৰ আধৰুৱা সভাত
গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ পঞ্চম কাৰ্যনিৰ্বাহক সভাৰ লগতে আৰু গুৱাহাটী পঞ্চৰত্ন অধিবেশনৰ আধৰুৱা প্ৰতিনিধি সভাৰ বাতিলৰ সিদ্ধান্ত ৷

Published : June 6, 2026 at 9:48 PM IST
গোলাঘাট : আদালতৰ মেৰপেচত অসম সাহিত্য সভা । ৭ জুনত গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ পঞ্চম কাৰ্যনিৰ্বাহক সভাক লৈ ন্যায়ালয়ৰ হস্তক্ষেপ ৷ উল্লেখ্য যে, বিগত সময়ত গুৱাহাটী পঞ্চৰত্নত অনুষ্ঠিত সাহিত্য সভাৰ প্ৰতিনিধি সভাত কিছু প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷ সেই প্ৰস্তাৱত সন্মতি দিয়া নাছিল অসম সাহিত্য সভাৰ সভাপতিয়ে ৷ যাৰ বাবে আধাতে সামৰিব লগা হৈছিল গুৱাহাটী পঞ্চৰত্নত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাখন ৷
সেয়ে গোলাঘাটত ৭ জুনত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ পঞ্চম কাৰ্যনিৰ্বাহক সভাৰ লগতে আৰু গুৱাহাটী পঞ্চৰত্ন অধিবেশনৰ আধৰুৱা প্ৰতিনিধি সভাখনৰ সন্দৰ্ভত আলোচনা কৰাৰ সিদ্ধান্ত আছিল ৷ কিন্তু আদালতে স্থগিতাদেশ প্ৰদান কৰাৰ বাবে বাতিল কৰা হয় আধৰুৱা প্ৰতিনিধি সভাখনক ৷
এই সম্পৰ্কে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়,"অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে গোলাঘাট জিলা সাহিত্য সভা আৰু আদৰণি সমিতি আৰু গুৱাহাটী পঞ্চৰত্ন অধিবেশনৰ আধৰুৱা প্ৰতিনিধি সভাই যোৰহাট সত্ৰ আদালতৰ অনুমতি লৈ এই অনুষ্ঠানৰ আয়োজন কৰিছিলো ।"
তেওঁ লগতে কয়,"এই প্ৰতিনিধি সভাৰ জৰিয়তে আমি কেইটামান গুৰুত্বপূৰ্ণ বিষয় নিস্পত্তি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলো ৷ কিন্তু শেহতীয়া কামৰূপ সত্ৰ আদালতত আমাৰ এগৰাকী আজীৱন সদস্যই দিয়া আবেদনৰ ভিত্তিত শনিবাৰে আদালতে অসম সাহিত্য সভাৰ আধৰুৱা প্ৰতিনিধি সভাখন স্থগিতাদেশ জাৰি কৰিছে । আদালতৰ ৰায়ৰ প্ৰতি সন্মান জনাই আমি প্ৰতিনিধি সভাখন বাতিল কৰা হৈছে বুলি ঘোষণা কৰিছো ।"
বৰাই লগতে কয়,"আজি অসম সাহিত্য সভাৰ সভাপতি ডাঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্ণধাৰ সমিতিৰ বৈঠকত এই বিষয়ে আলোচনা কৰি আদালতৰ ৰায়ৰ প্ৰতি সন্মান জনাই শনিবাৰে অনুষ্ঠিত হ'বলগীয়া আধৰুৱা প্ৰতিনিধি সভাখন বাতিল কৰা হৈছে ৷ আনহাতে শনিবাৰে পঞ্চম কাৰ্যনিৰ্বাহক সভাত আমি এই বিষয়ে আলোচনা কৰিম আৰু পৰবৰ্তী সময়ত আদালতৰ নিৰ্দেশ অনুসৰি আমি কাম কৰি যাম ।"
লগতে পঢ়ক:বিশ্ব প্ৰসিদ্ধ অসমৰ চাহ : বিভিন্ন দিশ সামৰি এক বিশেষ প্ৰতিবেদন

