সোনাই ৰূপাই অভয়াৰণ্য-চাৰিদুৱাৰ বনাঞ্চলত স্বাস্থ্য আন্তঃগাঁথনি নিৰ্মাণক লৈ নতুন বিতৰ্ক
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ কলকাতাত দাখিল কৰা এক অতিৰিক্ত শপতনামাত ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰা হৈছে ।

Published : June 12, 2026 at 11:30 AM IST
তেজপুৰ: সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলত বন অধিকাৰ, বনভূমি ব্যৱহাৰ আৰু উন্নয়নমূলক কাম-কাজক কেন্দ্ৰ কৰি চলি থকা আইনী বিবাদে নতুন মোৰ লৈছে । এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ কলকাতাত দাখিল কৰা এক অতিৰিক্ত শপতনামাত ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰা হৈছে ।
আৰটিআই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতিৰ সদস্য দিলীপ নাথে দাখিল কৰা এই শপতনামাখন O.A. No. 168/2023/EZ গোচৰৰ অংশ । শপতনামাত অভিযোগ কৰা মতে, সোনাই ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলত অনুপ্ৰৱেশ আৰু বনভূমি ব্যৱহাৰৰ বিষয়টো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত বিচাৰাধীন হৈ থকাৰ পিছতো সংশ্লিষ্ট বিভাগসমূহে চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম আগবঢ়াই নিছে ।
এই শপতনামা অনুসৰি, আবেদনকাৰীয়ে তথ্যৰ অধিকাৰ আইনৰ জৰিয়তে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়, শোণিতপুৰৰ পৰা সুদেমজুলি মডেল হাস্পতাল আৰু ২ নং খাওবলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভূমি নথি, অনুমতি, বন অধিকাৰ প্ৰমাণপত্ৰ আৰু অন্যান্য তথ্য বিচাৰিছিল । ইয়াৰ উত্তৰত সংশ্লিষ্ট স্বাস্থ্য প্ৰতিষ্ঠানসমূহ বন অধিকাৰ প্ৰমাণপত্ৰ লাভ কৰাৰ পিছত স্থাপন কৰা হৈছিল বুলি উল্লেখ কৰা হয় । লগতে প্ৰকল্পসমূহৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ আৰু অনুমোদন উপলব্ধ থকা বুলিও কোৱা হৈছে; কিন্তু আবেদনকাৰীয়ে দাবী কৰিছে যে বন অধিকাৰ আইন, ২০০৬ৰ যি ধাৰাৰ অধীনত এই অনুমোদনসমূহ দিয়া হৈছিল, সেইসমূহৰ প্ৰয়োগ এই ক্ষেত্ৰত আইনসন্মত নহয় ।
আৰটিআই কৰ্মী নাথে সোনাই ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বহু এলেকাত বন অধিকাৰৰ নামত দিয়া অনুমোদনসমূহৰ বৈধতাৰ সন্দেহ প্ৰকাশ কৰে । শপতনামাত জিলা স্তৰৰ সমিতিৰ জৰিয়তে বনভূমি বিচ্যুতিৰ অনুমোদনৰ বিষয়ো উত্থাপন কৰা হৈছে । ইয়াত ২ নং খাওবলা প্ৰাথমিক স্বাস্থ্য় কেন্দ্ৰৰ বাবে প্ৰায় ০.৩৯ হেক্টৰ বনভূমি ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল বুলি উল্লেখ আছে । লগতে সুদেমজুলি, মৈনাওশ্ৰী আৰু থাইগিৰবাৰী আদি এলেকাত স্বাস্থ্য আন্তঃগাঁথনি স্থাপনৰ বাবে বনভূমি বিচ্যুতিৰ অনুমোদন দিয়া হৈছিল বুলিও শপতনামাত কোৱা হৈছে ।

আৰটিআই কৰ্মী দিলীপ নাথে এই সন্দৰ্ভত কয়, "শোণিতপুৰ জিলাৰ সোনাই ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলত যিসকল লোকে অবৈধভাৱে বসবাস কৰি আছে সেইসকল লোকৰ ওপৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ কলকাতা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত দুটাকৈ গোচৰ চলি আছে । এই গোচৰ চলি থাকোতেই বিগত বিধানসভা নিৰ্বাচনত শোণিতপুৰৰ উপায়ুক্ত আনন্দ কুমাৰ দাস আৰু চিডিচি জ্য়োতিকা বৰাই সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলত ১১টাকৈ উপ-স্বাস্থ্য়কেন্দ্ৰ স্থাপন কৰিবলৈ দিয়া নিৰ্দেশৰ বিষয়টোৱে চিন্তিত কৰিছে ।’’

‘‘যিসময়ত গুৱাহাটী উচ্চ ন্য়ায়ালয়ে বেদখলকাৰীক উচ্ছেদ কৰি হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে চিন্তা-চৰ্চা কৰিছে সেইসময়ত বেদখলকাৰীক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,বিদ্য়ুৎ সংযোগ দিবলৈ খোজা উপায়ুক্ত আৰু চিডিচিৰ ওপৰত ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে ।" তেওঁ লগতে কয় ৷
আবেদনকাৰীয়ে ২০২৫ চনৰ নৱেম্বৰৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত গঠন কৰা বিভিন্ন বন অধিকাৰ সমিতিৰ বিষয়তো আপত্তি উত্থাপন কৰিছে । তেওঁৰ অভিযোগ মতে, এই সমিতিসমূহৰ গঠন আৰু বন অধিকাৰ প্ৰমাণপত্ৰ জাৰি কৰাৰ প্ৰক্ৰিয়াই অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলত অনুপ্ৰৱেশকাৰীসকলক বৈধতা প্ৰদান কৰাৰ পথ মুকলি কৰিছে ।

শপতনামাৰ অন্তিম অংশত আবেদনকাৰীয়ে অভিযোগ কৰিছে যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত বিষয়টো বিচাৰাধীন হৈ থকাৰ পিছতো ৰাজ্যৰ বন আৰু পৰিৱেশ বিভাগে বিভিন্ন অনুমোদন আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰি ন্যায়াধিকৰণৰ বিচাৰ প্ৰক্ৰিয়াক অৱজ্ঞা কৰিছে । আৰটিআই কৰ্মীগৰাকীয়ে এই বিষয়টোত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কঠোৰ হস্তক্ষেপ আৰু প্ৰয়োজনীয় নিৰ্দেশনা বিচাৰিছে ।
উল্লেখ্য় যে এই গোচৰটো বৰ্তমানো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত বিচাৰাধীন আৰু এই শপতনামাত উত্থাপিত অভিযোগসমূহৰ ওপৰত এতিয়াও কোনো চূড়ান্ত ৰায়দান হোৱা নাই । আগন্তুক শুনানিত ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহে নিজৰ স্থিতি স্পষ্ট কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক:অসমৰ বন সংকট: সংৰক্ষণ আৰু মানৱীয় সংগ্ৰামৰ জটিল বাস্তৱতা
প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবাৰ বুকুত বন ধ্বংস-বেদখল : ক্ষোভ প্ৰকৃতিপ্ৰেমীৰ

