ETV Bharat / state

এনেকুৱা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ! জনজাতিকৰণৰ দাবীত পোহৰ হৈ উঠিল মৰাণ

জনজাতিকৰণৰ দাবীত অবিৰত প্ৰতিবাদ টাই আহোম সমাজৰ । মুখ্যমন্ত্ৰীৰ ললীপপ, মিছা প্ৰতিশ্ৰুতি দিয়াৰ ব্যৱস্থা আৰু নচলিব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ ।

Continuous protests by the Tai Ahom community demanding ST in Moran
জনজাতিকৰণৰ দাবীত অবিৰত প্ৰতিবাদ টাই আহোম সমাজৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 12:06 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: ৬০০ বছৰ ৰাজ শাসন কৰা টাই আহোম সকলে নিজৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে ৰাজপথত নামিবলগা হৈছে । জনগোষ্ঠীটোৰ ৰাইজে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে আহিছে । প্ৰতিখন চৰকাৰে অসমৰ টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী কৰিব নোৱৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ দল-সংগঠনসমূহ ।

মঙলবাৰে নিশা টাই আহোমৰ জনজাতিকৰণৰ দাবীত মৰাণত বিশাল জোঁৰ সমদল উলিওৱা হয় । বৃহত্তৰ টাই আহোম সমাজৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় মৰাণৰ ৰাজপথত । উজনিৰ কেইবাখনো জিলাৰ দল-মত নিৰ্বিশেষে হাজাৰ হাজাৰ টাই আহোম জনগোষ্ঠীৰ লোকে জনজাতিকৰণৰ দাবীত কঁপাই তোলে মৰাণৰ ৰাজপথ ৷

জনজাতিকৰণৰ দাবীত অবিৰত প্ৰতিবাদ টাই আহোম সমাজৰ (ETV Bharat Assam)

'মায়াবিনী' গীতেৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মৰাণৰ ঊষাপুৰ খেলপথাৰৰ পৰা আৰম্ভ হয় এই বৃহৎ জোঁৰ সমদল ৷ হাতে হাতে জোঁৰ লৈ প্ৰতিবাদী ৰাইজে 'মৰিলে মৰি যাম, জনজাতি লৈ যাম', 'জনজাতিকৰণ আমাক লাগিবই', 'ন' এচ টি, ন'ভোট', 'বিজেপি চৰকাৰ হুঁচিয়াৰ', 'হিমন্ত বিশ্ব শৰ্মা মিছলীয়া' আদি শ্ল'গানেৰে মৰাণৰ ৰাজপথ উত্তাল কৰি তোলে । ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে টাই আহোমক জনজাতিৰ স্বীক়তি প্ৰদান নকৰিলে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই ৷

হিমন্ত বিশ্ব শৰ্মাৰ মিছা কথাত আমি কেতিয়াও ভোল নাযাওঁ:

প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব বহন কৰি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈয়ে কয়,"আমি মৰাণত টাই আহোম জনগোষ্ঠী একত্ৰিত হৈছোঁ । ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোমসকলক জনজাতিৰ স্বীকৃতি প্ৰদান কৰিব লাগিব অন্যথা পৰিস্থিতি ভয়ংকৰ হ'ব । হিমন্ত বিশ্ব শৰ্মাক আজি প্ৰতিবাদস্থলীৰ পৰা সকীয়নি প্ৰদান কৰিছোঁ, তেওঁ বাৰে বাৰে ললীপপ দিয়াৰ ব্যৱস্থা কৰি আহিছে ।"

Continuous protests by the Tai Ahom community demanding ST in Moran
হাতে হাতে জোঁৰ লৈ ওলাই আহিল প্ৰতিবাদী জনতা (ETV Bharat Assam)

তেওঁ লগতে কয়, "এই ললীপপ, মিছা প্ৰতিশ্ৰুতি দিয়াৰ ব্যৱস্থা আৰু নচলিব । আজি মৰাণত টাই আহোম ৰাইজ একত্ৰিত হৈ সংকল্প লৈছোঁ, চৰকাৰে যেতিয়ালৈকে জনজাতিৰ স্বীকৃতি প্ৰদান নকৰে তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব । হিমন্ত বিশ্ব শৰ্মাৰ মিছা কথাত আমি কেতিয়াও ভোল নাযাওঁ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে মন্ত্ৰী গোটৰ অধ্যক্ষ আছিল, তথাপিও কেন্দ্ৰীয় চৰকাৰক আজি পৰ্যন্ত প্ৰতিবেদন দাখিল কৰিব পৰা নাই ।‌ অসম চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে । এনেকুৱা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে । আমাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলি থাকিব ।"

Continuous protests by the Tai Ahom community demanding ST in Moran
মুখ্যমন্ত্ৰীৰ ললীপপ, মিছা প্ৰতিশ্ৰুতি ওফৰাই দিয়াৰ হুংকাৰ (ETV Bharat Assam)

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিবই লাগিব:

প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই কয়, "আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে টাই আহোমসকলক জনজাতিৰ স্বীকৃতি প্ৰদান কৰক । ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানই কৰিব লাগিব । ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ স্বীকৃতি লাভ কৰিলেহে বিদেশীৰ চৰণীয়া পথাৰ হোৱাৰ পৰা ৰক্ষা পৰিব অসম ।"

লগতে পঢ়ক: 'ৰৈ ৰৈ বিনালে'ৰ লাভৰ অংশৰে কৰা হ'ব কৰ্কট ৰোগীৰ চিকিৎসা

ডিমৰীয়া হ'ব নাহৰৰ দেশ ! ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বিয়পিব নাহৰৰ সুৱাস