ETV Bharat / state

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ: আধাৰশিলা অনুষ্ঠান বৰ্জন কৰি প্ৰতিবাদত নামিব অধিবক্তা সমাজ

১১ জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰংমহলৰ প্ৰস্তাৱিত এলেকাত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন কৰা হ'ব ।

GAUHATI HIGH COURT
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 10:48 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: কোনেও নেৰে নিজৰ পক্ষ । ব্যাপক প্ৰতিবাদৰ পাছতো চৰকাৰ নাচোৰবান্দা । উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তাৰিত কৰিব গুৱাহাটী উচ্চ ন্যায়ালয় ।

আনহাতে, ইয়াৰ বিৰোধিতাৰে অধিবক্তা সমাজৰো অব্যাহত আছে প্ৰতিবাদ । ১১ জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰংমহলৰ প্ৰস্তাৱিত এলেকাত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন কৰা হ'ব । কিন্তু এই কাৰ্যসূচী বৰ্জন কৰাৰ উপৰি সিদিনা প্ৰতিবাদত নামিব অধিবক্তা সমাজ । এই সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচ'ছিয়েছনে ।

গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচ'ছিয়েছনৰ ৬ জানুৱাৰীত হোৱা সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচ'ছিয়েছনৰ সভাপতি কমল নাৰায়ণ চৌধুৰী আৰু সাধাৰণ সম্পাদক গিৰিণ পেগুৱে এক বিবৃতিযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁলোকে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচ'ছিয়েছনে লোৱা নিজৰ সিদ্ধান্তত অটল আছে । এচ'ছিয়েছনো ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ নিৰ্মাণৰ বিৰোধিতা কৰি আহিছে । যাৰ বাবে এচ'ছিয়েছনো আধাৰশিলা স্থাপনৰ সকলো কাৰ্যসূচীৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বাৰ এচ'ছিয়েছনৰ সকলো সদস্যক চৰকাৰী সেই কাৰ্যসূচীৰ পৰা বিৰত থকাৰ বাবে তেওঁলোকে আহ্বান জনাইছে ।

GAUHATI HIGH COURT
অধিবক্তা সমাজৰ সিদ্ধান্তৰ প্ৰতিলিপি (ETV Bharat Assam)

আনহাতে ইয়াৰ বিৰোধিতাৰে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচ'ছিয়েছনো অনশন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব । ক্ৰমে ৮ জানুৱাৰী, ৯ জানুৱাৰী আৰু ১১ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি ভৱনৰ সন্মুখত অধিবক্তা সমাজে অনশন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব । পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই গুৱাহাটীৰ অধিবক্তা সমাজে বিৰোধিতা কৰি আহিছে । অলপতে এই স্থানান্তৰৰ প্ৰস্তাৱৰ প্ৰসংগত অধিবক্তাসকলৰ মাজত এক ভোটগ্ৰহণ প্ৰক্ৰিয়াও অনুষ্ঠিত হৈছিল । য'ত গৰিষ্ঠসংখ্যকেই ইয়াৰ বিৰোধিতা কৰিছিল ।

GAUHATI HIGH COURT
অধিবক্তা সমাজৰ সিদ্ধান্তৰ প্ৰতিলিপি (ETV Bharat Assam)

উত্তৰ গুৱাহাটীলৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাই বাৰ এচ'ছিয়েছনে দীর্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিল যদিও চৰকাৰে এই প্ৰতিবাদক গুৰুত্ব নিদিলে । অধিবক্তা সমাজৰ প্ৰবল প্ৰতিবাদৰ পাছতো উচ্চ ন্যায়ালয়ৰ নতুন চৌহদৰ আধাৰশিলা স্থাপনৰ বাবে চৰকাৰ সাজু হৈছে । ১১ জানুৱাৰীত স্থাপন কৰা হ'ব আধাৰশিলা । পুনৰ ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদমুখৰ হৈ পৰিছে অধিবক্তা সমাজ ।

লগতে পঢ়ক: এতিয়াই যদি জুবিনক ন্যায় দিব নোৱাৰোঁ, তেনেহ’লে নিৰ্বাচনৰ পিছত একো নাথাকিব: পাৰ্থ গোস্বামী