ETV Bharat / state

সোৱণশিৰিৰ বুকুত আশাৰ বতৰা : মাজুলীবাসীয়ে লাভ কৰিব এখন নতুন দলং

তিনি-চাৰিদিনৰ ভিতৰতে সম্পূৰ্ণ হ’ব চেলেক-ধূনাগুৰি দলঙৰ ‘চেলেক’ অংশ । মুখ্যমন্ত্ৰীয়ে মুকলি কৰাৰ সম্ভাৱনা ।

Majuli Lakhimpur bridge
তিনি-চাৰিদিনৰ ভিতৰতে সম্পূৰ্ণ হ’ব চেলেক-ধূনাগুৰি দলঙৰ ‘চেলেক’ অংশ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 1:26 PM IST

3 Min Read
Choose ETV Bharat

মাজুলী : মাজুলী আৰু লখিমপুৰবাসীৰ দীৰ্ঘদিনীয়া সপোন এতিয়া দিঠকত পৰিণত হোৱাৰ দিশে । যোৰহাট-লখিমপুৰ সংযোগী নিৰ্মীয়মাণ চেলেক-ধূনাগুৰি দলঙৰ কাম এতিয়া যুদ্ধকালীন তৎপৰতাৰে চলিছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্ভাব্য মাজুলী ভ্ৰমণৰ কৰাৰ আগতেই নিৰ্মাণকাৰী সংস্থাই দ্ৰুতগতিৰে আগবঢ়াই নিছে এই দলঙৰ কাম ।

অসম মালা আঁচনিৰ অধীনত প্ৰায় ৭২৫ কোটি টকা ব্যয়সাপেক্ষে হাৰিয়ানাৰ এছ পি ছিংলা নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰি আছে লখিমপুৰ-মাজুলী সংযোগী দুখনকৈ দলং । প্ৰথমখন দলং মাজুলীৰ চেলেক গাঁৱৰ খেৰকটীয়া নদীৰ ওপৰত আৰু দ্বিতীয়খন দলং লখিমপুৰ-ধূনাগুৰি অংশত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হৈ আছে ।

মাজুলীবাসীয়ে লাভ কৰিব এখন নতুন দলং (ETV Bharat Assam)

এই দুয়োখন দলঙৰ মাজৰ কানিয়াজানত এটা ৰাষ্ট্ৰীয় পথেৰে সংযোগ কৰা হ'ব । উক্ত দলং দুখনৰ বাবে লখিমপুৰৰ বঙালমৰাৰ পৰা মাজুলীৰ বালিচাপৰিলৈকে এটা ৰাষ্ট্ৰীয় ঘাইপথৰে সংযোগ কৰা হ'ব । জানিব পৰা মতে, ইয়াৰে প্ৰথম দলংখনৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । বিভাগীয় সূত্ৰই জনোৱা মতে, অহা তিনি-চাৰি দিনৰ ভিতৰতে এই দলংখনৰ বাকী থকা কামখিনি সম্পূৰ্ণ হ’ব ।

ইতিমধ্যে এই দলংখনৰ প্ৰাৰম্ভিক কামসমূহ সুচাৰুৰূপে সম্পন্ন হৈছে । ইফালে সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হৈ থকা দ্বিতীয় দলংখনৰ কামো পূৰ্ণগতিত চলি আছে । বৰ্তমানলৈকে এই অংশৰ প্ৰায় ৪০ৰ পৰা ৫০ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে । এই গুৰুত্বপূৰ্ণ দলংখন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ চৰ্চা চলিছে । সেয়েহে মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বেই যাতে মাজুলীৰ ফালৰ প্ৰথম দলংখন যাতায়াতৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠে, তাৰবাবে নিৰ্মাণকাৰী সংস্থাই দিনে-নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

Majuli Lakhimpur bridge
তিনি-চাৰিদিনৰ ভিতৰতে সম্পূৰ্ণ হ’ব চেলেক-ধূনাগুৰি দলঙৰ ‘চেলেক’ অংশ (ETV Bharat Assam)

এই দলংখন সম্পূৰ্ণ হৈ উঠিলে মাজুলী আৰু লখিমপুৰৰ মাজৰ যোগাযোগ ব্যৱস্থাত এক আমূল পৰিৱৰ্তন আহিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে । ইফালে নির্মাণকাৰী সংস্থাৰ ফালৰ পৰা জনোৱা মতে, প্ৰথমখন দলং মাজুলীৰ চেলেক গাঁৱৰ খেৰকটীয়া নদীৰ ওপৰৰ অংশৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । ইফালে সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হোৱা দ্বিতীয়খন দলঙৰ কামো পূৰ্ণগতিত চলি আছে । বৰ্তমানলৈকে এই অংশৰ প্ৰায় ৪০ৰ পৰা ৫০ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে ।

এই সন্দৰ্ভত নিৰ্মাণকাৰী সংস্থাটোৰ কৰ্মচাৰীয়ে কয়, "কামো আৰু আমাৰ তিনি-চাৰি দিনৰ বাকী আছে । চি এমৰ প্ৰ'গ্ৰাম এটাৰ কথা আহিছে, এতিয়ালৈকে অফিচিয়েল খবৰ অহা নাই । কাম কৰি আছোঁ । এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব । ইয়াৰ দৈৰ্ঘ ৮৫০ মিটাৰ ।"

লগতে পঢ়ক :তুলিকাৰ পৰশত কেনভাছত জিলিকিল প্ৰাণৰ শিল্পীৰ কেইবাটিও গীত
লগতে পঢ়ক :ভোকৰ ভাতসাঁজ... এখন ভোকমুক্ত সমাজ গঢ়াৰ ব্যতিক্ৰমী প্ৰচেষ্টা এটা সংগঠনৰ