ক্ষতিপূৰণ নাপাই শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ চাৰিলেন পথ নিৰ্মাণ বন্ধ কৰিলে ৰাইজে
১৪ এপ্ৰিলত ভূমিৰ ক্ষতিপূৰণ মোকলাই দিয়াৰ দাবী জনাই বান্ধি দিছিল চূড়ান্ত সময়সীমা ।

Published : April 22, 2026 at 10:05 AM IST
হাফলং: ভূমিৰ ক্ষতিপূৰণ নাপাই পুনৰ সৰৱ হৈছে হাৰেংগাজাও দলৈচুঙা গাঁৱৰ ৰাইজ । স্থানীয় ভুক্তভোগী ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক বান্ধি দিয়া চূড়ান্ত সময়সীমা উকলি যোৱাৰ পিচতো নাপালে ক্ষতিপূৰণ । দাবী কৰা ক্ষতিপূৰণ লাভ নকৰাত ডিমা হাছাও জিলাৰ মাজেদি চলি থকা শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ চাৰিলেন পথ নিৰ্মাণৰ কাম পুনৰ বন্ধ কৰি দিলে দলৈচুঙা গাঁৱৰ ৰাইজে ।
উল্লেখ্য় যে যোৱা ১৪ এপ্ৰিলত ভূমিৰ ক্ষতিপূৰণ মোকলাই দিয়াৰ দাবী জনাই দলৈচুঙা গাঁৱৰ ৰাইজে চূড়ান্ত সময়সীমা বান্ধি দিছিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক । ক্ষতিগ্ৰস্ত গাঁৱৰ ৰাইজৰ দাবী আছিল দুদিনৰ ভিতৰত তেওঁলোকৰ ক্ষতিপূৰণ মোকলাই দিব লাগে সংশ্লিষ্ট কৰ্তৃপক্ষই । ক্ষুব্ধ ৰাইজে দুদিনৰ ভিতৰত তেওঁলোকৰ ক্ষতিপূৰণ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ চাৰিলেন পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়াৰ হুংকাৰ দিছিল;কিন্তু পাঁচদিন অতিক্ৰম কৰাৰ পিচতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ মোকলাই নিদিয়াত ক্ষুদ্ধ হৈ মঙলবাৰে হাৰেংগাজাও দলৈচুঙা গাঁৱৰ ৰাইজে ওলাই আহি পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে ।
উল্লেখ্য় যে ডিমা হাছাও জিলাৰ মাজেদি চলি থকা শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰৰ জাতিংগাৰ পৰা হাৰেংগাজাওলৈকে ২৫ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে এই গাঁৱৰ বহু লোকৰ খেতিপথাৰ, বাগান আৰু ঘৰ ক্ষতিগ্ৰস্ত হয় । তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই অতিৰিক্ত ভূমি অধিগ্ৰহণ কৰিছে যদিও এতিয়ালৈকে এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ মোকলাই দিয়া নাই ।

আজিলৈকে চাৰিবাৰকৈ ক্ষতিপূৰণৰ বিষয়টোক লৈ ডিমা হাছাও জিলা প্ৰশাসন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ভূমি ৰাজহ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই জৰীপ চলাই যদিও এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ মোকলাই দিয়া নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই । যোৱা ১৪ এপ্ৰিলত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ প্ৰকল্প সঞ্চালক যোগেশ ৰাৱটক গাঁৱৰ ৰাইজে সময়সীমা বান্ধি দিছিল ।
ৰাস্তাত পুখুৰী ! ১৫ বছৰে সম্পূৰ্ণ নহ'ল ডিমা হাছাওৰ চাৰিলেন পথৰ নিৰ্মাণ

