বন্ধ হ'ল শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ নিৰ্মাণকাৰ্য, ক্ষতিপূৰণ নাপাই বঞ্চিত লোকে কৰিলে বন্ধ
২০০৪ চনত আৰম্ভ হোৱা শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম বাৰে বাৰে বাধাগ্ৰস্ত হৈ আহিছে ৷

Published : February 26, 2026 at 2:40 PM IST
|Updated : February 26, 2026 at 2:55 PM IST
হাফলং: শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ নিৰ্মাণৰ কামত বাধা । ক্ষতিপূৰণ নাপাই ডিমা হাছাওত চলি থকা শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণৰ কাম বন্ধ কৰিলে দলইচুঙা গাঁৱৰ ৰাইজে ।
দেওবাৰ নিশা ইষ্ট-ৱেষ্ট কৰিডৰ প্ৰকল্পৰ হাৰেংগাজাওৰ পৰা জাতিংগা অংশৰ দলইচুঙাত নিৰ্মীয়মান উৰণসেতু খহি পৰি কামত বাধাৰ সৃষ্টি হোৱাৰ পিছত পুনৰ সৃষ্টি হৈছে আন এক সমস্যাৰ ৷ ইষ্ট-ৱেষ্ট কৰিডৰৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত দেখা দিছে এই সমস্যা ।
২০০৪ চনত আৰম্ভ হোৱা শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম বাৰে বাৰে বাধাগ্ৰস্ত হৈছে ৷ যাৰ বাবে দুই দশকৰো অধিক সময়ৰ পিছত পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই ৷ কিন্তু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পথটো মুকলিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত দ্ৰুতগতিত চলিছিল পথ নিৰ্মাণৰ কাম ৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল ৷ পিছে পথ নিৰ্মাণৰ বাবে ভেটি-মাটি উছন হোৱা ৰাইজে ক্ষতিপূৰণ নোপোৱাত ক্ষুব্ধ হৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে ।
বিষয়টো সন্দৰ্ভত বুধবাৰে দলইচুঙা অঞ্চলৰ ৰাইজে এনেদৰে জানিবলৈ দিয়ে যে, ২০২৫ চনৰ ২৬ নৱেম্বৰত দলইচুঙাৰ ৫০ টা পৰিয়ালৰ ঘৰ, মাটি আৰু বাগান ক্ষতিগ্ৰস্ত হোৱাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই ডিমা হাছাও জিলাৰ ভূমি ৰাজহ বিভাগ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধীনত থকা লোক নিৰ্মাণ বিভাগ কৃষি আৰু বন বিভাগে জৰীপ কৰি পৰিয়ালসকলৰ ক্ষয়-ক্ষতিৰ পৰিমাণ লৈ বিল বনাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ শিলচৰ পি আই ইউ কাৰ্যালয়ত জমা দিয়াৰ পিছতো আজিলৈকে প্ৰাপ্ত নাপালে ৷
ক্ষতিগ্ৰস্ত এগৰাকী লোকে কয়, ‘‘শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে দলইচুঙাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই অতিৰিক্ত ভূমি অধিগ্ৰহণ কৰে ৷ ইয়াৰ মাজতে বহুলোকৰ ঘৰ-বাগান নষ্ট হৈ পৰে ৷’’ বৰাকৰ বিধায়ক কৌশিক ৰয় আৰু মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৩১ জানুৱাৰীত এই ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দিয়াৰ বাবে ৰাইজক বাধা নিদিবলৈ অনুৰোধ জনাই কৈছিল যে তেওঁলোকৰ ক্ষতিপূৰণ অনতিপলমে মোকলাই দিয়া হ’ব ৷ কিন্তু এই আশ্বাসৰ পিছতো ৰাইজে ক্ষতিপূৰণ লাভ কৰা নাই ৷
ৰাইজৰ অভিযোগ অনুসৰি এই ক্ষতিপূৰণৰ যি ফাইল আছিল, সেয়াও শিলচৰস্থিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাৰ্যালয়ত পৰি আছে আৰু এইক্ষেত্ৰত বিধায়ক কৌশিক ৰয় আৰু মন্ত্ৰী নন্দিতা গাৰ্লোচাই একো সহযোগিতা কৰা নাই ৷ অভিযোগ অনুসৰি বিধানসভা নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দুই মন্ত্ৰী-বিধায়কে ৰাজনৈতিক মুনাফা লোৱাৰ বাবে ৰাইজক এনেদৰে ব্যৱহাৰ কৰিছে ।
ক্ষুব্ধ ৰাইজে কয়, ‘‘এতিয়া আৰু আমি এইক্ষেত্ৰত একো বুজাবুজি নকৰো, যেতিয়ালৈকে আমি আমাৰ ক্ষতিপূৰণ লাভ নকৰো ৷ তেতিয়ালৈকে আমি নিৰ্মাণ সংস্থাক কাম কৰিবলৈও নিদিও ৷’’
উল্লেখ্য যে, চাৰিলেনযুক্ত এই ঘাইপথ নিৰ্মাণৰ নামত অঞ্চলটোৰ ৰাইজৰ তামোল বাগানৰ লগতে ফলমূলৰ বাগানৰো যথেষ্ঠ ক্ষতি হৈছে, যি পৰিয়ালসমূহৰ জীৱিকাৰ সম্বল ৷ এই সকলোবোৰৰ ক্ষতি হোৱাত লোকসকলৰ জীৱন-জীৱিকাৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পৰিছে ৷ বিষয়টোত প্ৰশাসনৰ হস্তক্ষেপ বিচাৰি সুফল লাভৰ আশাৰে দিন পাৰ কৰিছে অঞ্চলবাসীয়ে ৷
লগতে পঢ়ক: খহি পৰিল ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান উৰণ সেতু; ঘটনাৰ গাপ দিবলৈ নিশাই কৰিলে পৰিষ্কাৰ

