মাজুলীবাসীলৈ আশাৰ খবৰ, পুনৰ আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম
এইবাৰ আৰু বন্ধ নহয় মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম । ডিচেম্বৰতে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে কৰিব আৰম্ভ ।

Published : November 23, 2025 at 2:57 PM IST
মাজুলী: মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ বাবে ভাল খবৰ । ডিচেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ হ’ব মাজুলীবাসীৰ সপোনৰ যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম ৷ মাজুলীবাসীয়ে দীৰ্ঘদিন ধৰি এই দলঙৰ দাবী কৰি আহিছিল । মাজুলীবাসীৰ বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম যোৱা ২০২১ চনৰ ২৯ নৱেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত বন্ধ হৈ পৰিছিল এই দলং নিৰ্মাণৰ কাম ।
মাজুলীবাসীৰ সপোনৰ এই যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম এবছৰৰ অধিক দিন ধৰি বন্ধ হৈ থকাৰ পাছত এতিয়া মাজুলীবাসীৰ বাবে আহিছে ভাল খবৰ । অহা ডিচেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ হ'ব যোৰহাট মাজুলী সংযোগী দলঙৰ কাম । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিচেম্বৰ মাহত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব এই দলং নিৰ্মাণৰ কাম ।
শনিবাৰে সন্ধিয়া লোক নিৰ্মাণ পথ বিভাগৰ মুখ্য অভিযন্তাগৰাকীয়ে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে । লোক নিৰ্মাণ পথ বিভাগৰ মুখ্য অভিযন্তাগৰাকীয়ে কয়,"মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম দুবছৰত শেষ হ'ব সমান্তৰালভাৱে চলিব পথ নিৰ্মাণৰ কাম । এছ পি ছিংলা নামৰ প্ৰতিষ্ঠানে লাভ কৰিব এই দলং নিৰ্মাণৰ কাম ।"
লোক নিৰ্মাণ পথ বিভাগৰ মুখ্য অভিযন্তাগৰাকীয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে দলং নিৰ্মাণৰ বাবে কৰিবলগীয়া প্ৰাৰম্ভিক কাম কাজ শেষ হৈছে । ৬৫৯ কোটি টকাৰ ব্যয়ৰে এই দলঙৰ পুনৰ নিৰ্মাণ হোৱাৰ লগতে ১৯৪ কোটি টকা দলঙৰ পথ নিৰ্মাণৰ বাবে দিয়া বুলি মন্তব্য কৰে লোক নিৰ্মাণ পথ বিভাগৰ মুখ্য অভিযন্তাগৰাকীয়ে ।
তেওঁ লগতে কয়,"দলঙৰ কাৰণে চিন্তা কৰিবলগীয়া কোনো কথা নাই দলঙৰ কাম সোনকালে হ'ব । এইবাৰ এই দলং নিৰ্মাণ মূল প্ৰতিষ্ঠানে কৰিব কোনো উপ-ঠিকা লৈ এই কাম নহয় ।"
এই সন্দৰ্ভত মাজুলীৰ বিধায়ক ভূৱন পেগুৱে কয় সংবাদ মাধ্যমৰ আগত কয়,"মাজুলীবাসীৰ বাবে এটা ভাল খবৰ । যোৰহাট-মাজুলী সংযোগী দলংখনৰ বাবে মাজুলীবাসী যথেষ্ট চিন্তাত আছিল । এতিয়া আৰু চিন্তা কৰিবলগীয়া কোনো কথা নাই । অহা ডিচেম্বৰ মাহৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব এই দলঙৰ নিৰ্মাণকাৰ্য ।"

