সংৰক্ষণ কাৰ্যসূচীৰ মাইলৰ খুঁটি : অসমৰ আকাশত মুকলি বিৰল প্ৰজাতিৰ শগুণ
অসমত প্ৰথমবাৰৰ বাবে বন্দী অৱস্থাত প্ৰজনন হোৱা ১০ টা বিৰল প্ৰজাতিৰ শগুণ মুকলি আকাশত এৰি দিয়া হয়। বিশ্বনাথত বন বিভাগে মুকলি কৰে শগুণকেইটা।

Published : August 8, 2026 at 6:29 PM IST
গুৱাহাটী : দীৰ্ঘদিন ধৰি পশু চিকিৎসাত ব্যৱহৃত বিষাক্ত ঔষধৰ ফলত ভাৰতত ৯৯ শতাংশ পৰ্যন্ত শগুণৰ সংখ্যা হ্ৰাস পোৱাৰ কেইবা দশক পিছত অসমত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
প্ৰথমবাৰৰ বাবে বন্দী অৱস্থাত প্ৰজনন কৰা শগুণক পৰ্যায়ক্ৰমে বনাঞ্চলত মুকলি কৰি দিয়া হৈছে । অসমত লোৱা এনে পদক্ষেপ বিশ্বৰ ভিতৰতে প্ৰথম হিচাপে পৰিগণিত হৈছে । বোম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটীৰ (বিএনএইচএছ) এক বিবৃতি অনুসৰি শুকুৰবাৰে বিশ্বনাথৰ তেৱাৰীপালৰ জটায়ু ছফ্ট ৰিলিজ চেণ্টাৰৰ (জটায়ু পক্ষীগৃহ) পৰা ১০ টা শগুণ বনাঞ্চলত মুকলি কৰি দিয়া হয় ।
ইয়াৰ ভিতৰত ৫ টা বিৰল লাহী ঠুঁটীয়া শগুণ (slender-billed) আৰু ৫ টা বগা পিঠিয়া শগুণ (white-rumped) অন্তৰ্ভুক্ত আছে । ২০০৭ চনৰ পৰা অসমৰ বন বিভাগ আৰু বিএনএইচএছৰ যৌথ সংৰক্ষণ প্ৰজনন অভিযানৰ ই এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে বিবেচিত হৈছে ।
বিবৃতিত উল্লেখ কৰা হৈছে যে এই শগুণকেইটা ৰাণীস্থিত শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰত ৰাখি প্ৰজনন কৰা হৈছিল । ৩ মাহ পূৰ্বে বিশ্বনাথৰ জটায়ু পক্ষীগৃহলৈ শগুণকেইটাক স্থানান্তৰ কৰা হৈছিল যাতে নতুন পৰিৱেশৰ সৈতে খাপ খুৱাব পাৰে ।
উল্লেখ্য যে পশু চিকিৎসাত ব্যৱহৃত নন-ষ্টেৰইডাল এণ্টি-ইনফ্লেমেটৰী ড্ৰাগছ (এন এছ এ আই ডি) বিশেষকৈ ডাইক্ল'ফেনাকৰ দ্বাৰা হোৱা বিষক্ৰিয়াৰ বাবে যোৱা ২০ বছৰত ভাৰতত জিপছ (Gyps) প্ৰজাতিৰ শগুণৰ সংখ্যা প্ৰায় ৯৯ শতাংশ হ্ৰাস পাইছে । পৰৱৰ্তী সময়ত চৰকাৰে পশু চিকিৎসাৰ ক্ষেত্ৰত ডাইক্ল'ফেনাকৰ লগতে এচিক্ল'ফেনাক, কেট'প্ৰ'ফেন, নিমছুলাইড আদি ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰে ।
অসমতো শগুণৰ বাবে আন এক গুৰুতৰ ভাবুকি হৈছে কীটনাশকৰ বিষক্ৰিয়া । বহু সময়ত সোনকালে নষ্ট হ'বলৈ পশুধনৰ মৃতদেহত কীটনাশক ছটিয়াই দিয়াৰ ফলত সেয়া খাদ্য হিচাপে গ্ৰহণ কৰাৰ বাবে শগুণ বিষক্ৰিয়াত আক্ৰান্ত হয় । ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত শগুনৰ বন্দী অৱস্থাত প্ৰজনন আৰু সেইবোৰক প্ৰাকৃতিক বাসস্থানত পুনৰ এৰি দিবলৈ বিশ্বনাথত পক্ষী মুকলি কেন্দ্ৰ স্থাপন কৰা হয় ।
বিবৃতিটোত কোৱা হৈছে যে শগুণ মুকলিৰ এই ঐতিহাসিক কাৰ্যসূচীত অনুষ্ঠানত অসমৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাস, বিশেষ মুখ্য সচিব এম যাদৱ, মুখ্য বন্যপ্ৰাণী সংৰক্ষক বিনয় গুপ্তা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক চি ৰমেশ আৰু বিএনএইচএছৰ উপ-সঞ্চালক শচীন ৰানাডে উপস্থিত থাকে ।
There are moments in conservation that remind us why our efforts matter !
— Jayanta Mallabaruah (@jayanta_malla) August 7, 2026
Watching 10 captive bred vultures, 5 Slender billed (Lahi Thutiya) and 5 White rumped (Boga Pithiya), soar into the wild from the Jatayu Aviary was one such moment. Released at Tewaripal under Biswanath… pic.twitter.com/89vXOEEw10
এক্সৰ এটা পোষ্টত বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই ঐতিহাসিক ক্ষণৰ বিষয়ে লিখিছে । তেওঁ কৈছে, "এইটো আমাৰ বাবে গৌৰৱ কথা । বিলুপ্তপ্ৰায় শগুণকেইটাৰ প্ৰজননৰ পিছতে স্বেচ্ছাসেৱী সংগঠনটোৱে ডাঙৰ দীঘল কৰা কামখিনি কৰি আছিল । আজি আমি মুকলি আকাশ তললৈ এৰি দিছো ।"
শগুণবোৰক মুকলি কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰা হয় । স্বাভাৱিক আচৰণত যাতে কোনো ধৰণৰ বাধা নাহে তাৰ বাবে দূৰৰ পৰাই পক্ষীৰ বাকচৰ দুৱাৰবোৰ খুলি দিয়াৰ ব্যৱস্থা কৰা হয় । তাৰ পিছত চিচিটিভি সংযুক্ত নিৰীক্ষণ টাৱাৰৰ পৰা বনকৰ্মীয়ে শগুণবোৰৰ গতিবিধি লক্ষ্য কৰে ।
মুকলি কৰি দিয়া প্ৰতিটো শগুণৰ ঠেঙত নম্বৰযুক্ত নীলা ৰঙৰ আঙুঠি আৰু পিঠিত এটা বিশেষ টেগ সংলগ্ন কৰা হয় । যাৰ দ্বাৰা এই পক্ষীবোৰৰ নিৰীক্ষণত সহায় হ'ব ।
ইয়াৰ লগতে বিএনএইচএছ কৰ্তৃপক্ষই পশুপালক আৰু সাধাৰণ ৰাইজক পশু চিকিৎসাত নিষিদ্ধ এনএছএআইডি ঔষধ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে । লগতে মৃত পশুধনৰ দেহত কীটনাশক দ্ৰব্য ছটিওৱাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে । ইয়াৰ উপৰিও কোনো লোকে যদি নীলা ৰঙৰ আঙুঠি বা টেগ থকা শগুণ দেখে ততালিকে বন বিভাগক খবৰ দিবলৈও সংস্থাটোৱে ৰাইজক আহ্বান জনাইছে ।
লগতে পঢ়ক :

