প্ৰিয়ংকা গান্ধীৰ উপস্থিতিতে ৰাজীৱ ভৱনৰ প্ৰৱেশত বাধা পোৱাত কংগ্ৰেছ কৰ্মীৰ ক্ষোভ
কংগ্ৰেছৰ যিকোনো অনুষ্ঠানতে সততে দেখিবলৈ পোৱা যায় কংগ্ৰেছ কৰ্মীগৰাকীক । পিচে তেওঁক বাধা দিয়াত কৈ উঠিল, "এসময়ত ইয়াত মৰা গৰু পেলাইছিল ৷"

Published : February 20, 2026 at 4:31 PM IST
গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গুৱাহাটীত উপস্থিত হোৱা কংগ্ৰেছ স্ক্ৰীনিং কমিটীৰ অধ্য়ক্ষা প্ৰিয়ংকা গান্ধীক লৈ কংগ্ৰেছৰ শীৰ্ষ নেতাৰ পৰা কনিষ্ঠ নেতা-কৰ্মীলৈ সকলো ব্য়স্ত হৈ পৰাৰ সময়তে এগৰাকী কংগ্ৰেছী নেত্ৰীৰ কথা-কৰ্মই শুক্ৰবাৰে ৰাজীৱ ভৱনত অলপ সময়ৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷
শুক্ৰবাৰে দিনটোত গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰৱেশত বাধা পোৱাৰ বাবেই এগৰাকী কংগ্ৰেছ নেত্ৰী হঠাৎ ক্ষুব্ধ হৈ পৰে৷ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে খঙৰ ভমকত য়ি ক‘লে সেই শুনি সকলো হতচকিত হৈ পৰিল৷
"এসময়ত ইয়াত মৰা গৰু পেলাইছিল । সেই মৰা গৰু চাফা কৰা মানুহজনী মই আছিলো । আজি মোকেই সোমাব নিদিয়ে ।"
সকলো সময়তে বাধাহীনভাৱে ৰাজীৱ ভৱনলৈ আহি থকা এইগৰাকী কংগ্ৰেছ কৰ্মীয়ে শুকুৰবাৰে নিজৰ দলীয় কাৰ্যালয়ত প্ৰৱেশ কৰাত বাধা পালে । লগে লগে হৈ পৰিল অগ্নিশৰ্মা ।
উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে গুৱাহাটীলৈ অহা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা স্ক্ৰিণিং কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীয়ে ৰাজীৱ ভৱনত এখনৰ পাছত আনখনকৈ বৈঠকত মিলিত হৈছে । যাৰ বাবে নিৰপত্তা আৰু সুৰক্ষা ব্য়ৱস্থা ৰাজীৱ ভৱনত যথেষ্ট কটকটীয়া ব্যৱস্থা কৰা হৈছে । সকলোকে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই । সেই কঠোৰ ব্যৱস্থাৰে শুকুৰবাৰে দিনত ভুক্তভোগী হয় এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী । তেওঁৰ নাম বালিকা লাহন পেগু ।
সাধাৰণতে কংগ্ৰেছৰ যিকোনো অনুষ্ঠানতে সততে দেখিবলৈ পোৱা যায় এইগৰাকী কংগ্ৰেছ কৰ্মীক । ৰাজীৱ ভৱনতো সততে তেওঁক দেখিবলৈ পোৱা যায় । দলৰ সৰ্বভাৰতীয় নেত্রীগৰাকীক সাক্ষাৎ কৰিবলৈ ৰাজীৱ ভৱনত আহিছিল বালিকা লাহন পেগু; কিন্তু প্ৰৱেশত বাধা পোৱাৰ বাবে তেওঁ সৰৱ হৈ পৰে । পাছত প্ৰৱেশ কৰে যদিও খঙতে তেওঁ কয়,"আগতে ইয়াত মৰা গৰু পেলাইছিল । এইজনীয়ে চাফা কৰিছিল । আন কোন নহয় । ৰাজু শৰ্মা মৰি গ'ল ।" এনেদৰে ক্ষোভৰ বহিপ্ৰকাশ ঘটাই তেওঁ ৰাজীৱ ভৱনত প্ৰৱেশ কৰে ।
মহিলাগৰাকীৰ ক্ষোভ দেখি কংগ্ৰেছৰ আন কৰ্মীসকলে তেওঁক বুজনিৰ চেষ্টা চলাই কয়, "পৰিৱেশটো কিয় নষ্ট কৰে । মিডিয়া আছে ইয়াত । ইমান বয়স হৈছে আপোনাৰ ।"
মহিলাগৰাকীৰ ক্ষোভক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে ৰাজীৱ ভৱনত প্ৰিয়ংকা গান্ধীৰ উপস্থিতিতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

