ETV Bharat / state

সংসদত উত্তৰ-পূবৰ বিশ্ববিদ্যালয় সম্পৰ্কীয় বিষয় উত্থাপন কৰিব গৌৰৱ গগৈয়ে

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

Gaurav Gogoi
সংসদত উত্তৰ-পূবৰ বিশ্ববিদ্যালয় সম্পৰ্কীয় বিষয় উত্থাপন কৰিব গৌৰৱ গগৈয়ে (ETV Bharat)
author img

By PTI

Published : November 2, 2025 at 4:56 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: লোকসভাৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে উত্তৰ-পূবৰ বিশ্ববিদ্যালয়সমূহ সম্পৰ্কীয় বিষয়সমূহ সংসদত শক্তিশালীভাৱে উত্থাপন কৰিব । দেওবাৰে এই কথা উল্লেখ কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে ।

গৌৰৱ গগৈয়ে ইয়াৰ পূৰ্বেও অসমৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত উত্থাপন কৰিছিল ৷ যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা প্ৰশাসনিক আৰু প্ৰতিষ্ঠানিক সংকটক লৈ গভীৰ উদ্বেগো প্ৰকাশ কৰিছিল গৌৰৱ গগৈয়ে ।

গৌৰৱ গগৈয়ে কয়, ‘‘শেহতীয়াকৈ উত্তৰ-পূবৰ বহু আগশাৰীৰ বিশ্ববিদ্যালয়ে বিভিন্ন কাৰণত বাতৰিৰ শিৰোনাম দখল কৰিছে, যেনে - তেজপুৰ বিশ্ববিদ্যালয়, নেহু আৰু গুৱাহাটী বিশ্ববিদ্যালয় । বেছিভাগৰে উপাচাৰ্যৰ কাৰ্যকলাপে উদ্বেগৰ সৃষ্টি কৰিছে ।’’

এসময়ত শৈক্ষিক উৎকৰ্ষতাৰ কেন্দ্ৰবিন্দু এই শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উভয়েই এই বিশ্ববিদ্যালয়সমূহৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰিছে বুলিও গগৈয়ে অভিযোগ কৰে ।

গৌৰৱ গগৈয়ে এক্সৰ এটা পোষ্টত লিখিছে, ‘‘ইয়াৰ ফলত বিশ্ববিদ্যালয়খনৰ প্ৰদৰ্শন আৰু ৰেংকিঙত প্ৰভাৱ পৰিছে । মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিষয়ে লিখিছো, কিন্তু মই উত্তৰ-পূবৰ বিস্তীৰ্ণ অঞ্চলৰ বাবে চিন্তিত ।’’

তেওঁ লগতে কয়, ‘‘সংসদত এই বিষয়টো মই শক্তিশালীভাৱে উত্থাপন কৰিম । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ইতিবাচক সঁহাৰি পোৱাৰ আশা কৰিছোঁ ।’’

উল্লেখ্য যে, অসমৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ত বিগত এমাহৰো অধিক সময় ধৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ অব্যাহত আছে । বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ মইমতালি, অনিয়ম আদিৰ অভিযোগ তুলি তীব্ৰ ছাত্ৰ সমাজে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে কেৱল ছাত্ৰ সমাজেই নহয় বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, প্ৰশাসনিক বিভাগ আৰু শেহতীয়াকৈ সুৰক্ষা বাহিনীয়েও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । যাক লৈ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বহু পৰিমাণে বিনষ্ট হোৱাৰ অভিযোগ উঠিছে । এনে পৰিস্থিতিত গৌৰৱ গগৈয়ে উত্তৰ-পূবৰ বিশ্ববিদ্যালয়ৰ সমস্যাসমূহ সংসদত উত্থাপন কৰাৰ সিদ্ধান্তই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: হওক কলৰৱ, হওক পৰিৱৰ্তন: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ব্যাপক প্ৰতিবাদ