কংগ্ৰেছৰ 'ছাত্ৰো কী গুঞ্জ' : বৰপেটাত কি ক'লে মহছিন খানে ?
প্ৰশ্নকাকত ফাদিল, শিক্ষা ব্যৱস্থাৰ কেলেংকাৰী আদিৰ বিৰুদ্ধে কংগ্ৰেছৰ 'ছাত্ৰো কী গুঞ্জ' শীৰ্ষক অভিযান । বৰপেটাত সংবাদমেল সম্বোধন এপিচিচিৰ মুখপাত্ৰ মহছিন খানৰ ।

Published : June 28, 2026 at 5:15 PM IST
বৰপেটা : ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ধাৰাবাহিকভাৱে প্ৰশ্নকাকত ফাদিল আৰু বিসংগতিৰ বিৰুদ্ধে বিৰোধী কংগ্ৰেছ দলে দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে । এইবাৰ ৪০ দিনীয়া কাৰ্যসূচীৰে দলটোৱে দেশজুৰি আৰম্ভ কৰিছে 'ছাত্ৰো কী গুঞ্জ' (ছাত্ৰৰ গুঞ্জন) শীৰ্ষক এক বিশেষ অভিযান ।
তাৰ অংশ হিচাপে শিক্ষাৰ্থী তথা যুৱসমাজক সংগঠিত কৰাৰ লক্ষ্যৰে অসমৰো বিভিন্ন জিলাত প্ৰদেশ কংগ্ৰেছে অভিযান আৰম্ভ কৰিছে । বিশেষকৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু বিভিন্ন দাবীৰে কংগ্ৰেছ দলে জিলাই জিলাই সংবাদমেলো সম্বোধন কৰে ।
ৰাহুল গান্ধীৰ নেতৃত্বত চলা এই অভিযানৰ অংশ হিচাপে দেওবাৰে বৰপেটা জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয় ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰা হয় । প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মহছিন খানে এই সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ লগতে পৰীক্ষা ব্যৱস্থাটোত স্বচ্ছতা অনাৰ দাবী জনায় ।
মহছিন খানে কয়, "যোৱা কেইবছৰমান ধৰি নীট, এছএছচি, ইউপিএছচি আদি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত কেলেংকাৰী, প্ৰশ্নকাকত ফাদিল আৰু ব্যৱস্থাপনাগত বিফলতা দেখা গৈছে । ২০১৬ চনৰ পৰা বৰ্তমানলৈকে নীট পৰীক্ষা সুকলমে পৰিচালনা কৰাত চৰকাৰ ব্যৰ্থ হৈছে । যাৰ ফলত লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যৎ অনিশ্চয়তাৰ দিশে গতি কৰিছে ।"
धर्मेंद्र प्रधान इस्तीफा दो pic.twitter.com/nMA73YfnrR
— Congress (@INCIndia) June 28, 2026
তেওঁৰ অভিযোগ যে শিক্ষা ব্যৱস্থাৰ এই সংকট চৰকাৰৰ এক বৃহৎ প্ৰতিষ্ঠানগত বিফলতাৰ পৰিচায়ক । এখন শৈক্ষিক পঞ্জী প্ৰস্তুত কৰি সেইখনৰ মতে বছৰটোত শৈক্ষিক কামকাজ সম্পন্ন কৰাৰো তেওঁ দাবী জনায় ।
খানে উল্লেখ কৰে যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই দেশৰ শিক্ষা ব্যৱস্থাটোত থকা দুৰ্বলতাক প্ৰতিফলিত কৰিছে । ইমান এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতো শিক্ষা মন্ত্ৰীয়ে ইয়াৰ দায়িত্ব নোলোৱাতো দুৰ্ভাগ্যজনক আখ্যা দিয়ে মহছিন খানে ।
धर्मेंद्र प्रधान इस्तीफा दो..✊🏻
— Congress (@INCIndia) June 27, 2026
इसी मांग के साथ नेता विपक्ष श्री @RahulGandhi के #ChhatronKiGoonj अभियान के तहत आज IYC अध्यक्ष @UdayBhanuIYC जी और युवा साथियों ने राजघाट में जोरदार विरोध प्रदर्शन किया।
हमारी मांग है:
• धर्मेंद्र प्रधान को बर्खास्त किया जाए
• पेपर लीक माफिया… pic.twitter.com/CX9U3EKjs4
ইফালে অসমৰ শিক্ষা ব্যৱস্থাৰ দুৰ্বলতাকলৈও মুখপাত্ৰ খান সৰব হৈ পৰে । শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শেহতীয়াকৈ বিনামূলীয়া স্কুল ইউনিফৰ্ম একমাত্ৰ পুঁজিৰ অভাৱত কপাহী কাপোৰৰ দিব নোৱাৰে বুলি কৰা মন্তব্যও চৰম দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বুলি খানে দাবী কৰে ।
তেওঁ অসমৰ হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠানত বন্ধ হৈ পৰা, বিশ্ববিদ্যালয় চলাবলৈ পুঁজিৰ নাটনি হোৱা আদি বিষয়ো উল্লেখ কৰি ইয়াৰ বাবে ৰাজ্য চৰকাৰক সমালোচনা কৰে । তেওঁ সেয়ে চৰকাৰৰ বিৰুদ্ধে শিক্ষাৰ্থী সমাজক একত্ৰিত হ'বলৈও আহ্বান জনায় । সংবাদমেলত বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিৰ লগতে কেবাজনো নেতা উপস্থিত থাকে ।
লগতে পঢ়ক : বিজেপি চৰকাৰৰ দিনত শিক্ষা ব্যৱস্থা আইচিইউত : ঝাৰখণ্ডৰ কৃষি মন্ত্ৰী শিল্পী নেহা তিৰ্কী
দেশৰ শিক্ষা ব্যৱস্থাত সংস্কাৰৰ সলনি ব্যৰ্থতাহে উন্মোচন হৈছে : গৌৰৱ গগৈ

