প্ৰসংগ জনজাতিকৰণ : ছয় জনগোষ্ঠীৰ মাজত সৃষ্টি সংঘাত
জনজাতি আৰু জনগোষ্ঠীসমূহৰ মাজত সৃষ্টি হৈছে সংঘাত । এফালে স্বীকৃতিপ্ৰাপ্ত জনজাতি আৰু আনফালে ছয় জনগোষ্ঠী ।

Published : October 14, 2025 at 6:22 PM IST
গুৱাহাটী: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত জনজাতিকৰণৰ প্ৰসংগটো পুনৰ চৰ্চালৈ আহিছে । কেৱল চৰ্চাই নহয় এই প্ৰসংগক লৈ উত্তাল হৈ পৰিছে ৰাজ্য ।
বিশেষকৈ এই প্ৰসংগটোক লৈ জনজাতি আৰু জনজাতিৰ দাবী কৰা ছয় জনগোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি হৈছে । ৰাজ্যৰ ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত ৰাজপথৰ সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ সময়ত ইয়াৰ বিৰোধিতা কৰিছে বৰ্তমানৰ স্বীকৃত জনজাতিসকলে ।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে সদৌ অসম ট্রাইবেল সংঘই । ইয়াক লৈ সৰৱ হৈ পৰিছে জনজাতিকৰণৰ দাবীত ৰাজপথলৈ ওলাই অহা ছয় জনগোষ্ঠীৰ নেতৃত্ব দিয়া সংগঠনসমূহ । উজনিত মৰাণ, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী আদি জনজাতিৰ দাবী কৰা জনগোষ্ঠীয় সংগঠনসমূহে ব্যাপক আন্দোলন গঢ়ি তুলিছে ।

ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা । জনতাৰ এই প্ৰতিবাদে ৰাজনৈতিক মহলতো জোকাৰণিত সৃষ্টি কৰিছে । লক্ষণীয় বিষয় যে অসমৰ টাই-আহোম, চুতীয়া, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, মৰাণ আৰু মটক জনগোষ্ঠীয়ে জনজাতিৰ দাবীত দীঘলীয়া সময় ধৰি আন্দোলন কৰি আহিছে । নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে এই বিষয়টোক লৈ ইচ্ছ্যু কৰি আহিছে যদিও ইয়াৰ সমাধান হোৱা নাই ।
- ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কিয় বিৰোধিতা কৰিছে ট্ৰাইবেল সংঘই :
অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্রদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত উত্থাপন কৰা সংবিধান (অনুসূচিত জনজাতি) নির্দেশ (সংশোধনী) বিধেয়ক, ২০১৯ ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাৰ পৰা সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ দাবী জনাইছে সদৌ অসম ট্রাইবেল সংঘই ।
ট্রাইবেল সংঘই লগতে কেন্দ্রীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত ট্রাইবেল সংঘৰ সৈতে এই সন্দৰ্ভত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈকো দাবী জনাইছে । অকল সেয়াই নহয় ৰাজ্যৰ জনজাতি ৰাইজক উপেক্ষা কৰি চৰকাৰে একপক্ষীয় আৰু বলপূৰ্বকভাৱে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যব্যাপী শক্তিশালী আন্দোলন গঢ়ি তোলা হ'ব বুলি ট্রাইবেল সংঘই ইতিমধ্যে সকীয়াই দিছে ।
এই সন্দৰ্ভত টাইবেল সংঘৰ সম্পাদক প্রধান আদিত্য খাখলাৰীয়ে ইটিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত কয়, "অহা নৱেম্বৰ মাহত সমগ্ৰ অসমৰ প্ৰতিখন জিলা আৰু জনজাতি অধ্যুষিত অঞ্চলত অনুসূচীকৰণৰ বিষয় আৰু অন্যান্য অমীমাংসিত বিষয় সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত কৰা হ'ব ।

অসমৰ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত উত্থাপন কৰা বিধেয়কখন গৃহীত হ'লে বর্তমানে স্বীকৃত প্রকৃত জনজাতিসকল সকলো দিশৰ পৰাই নিঃশেষ আৰু ধ্বংসপ্রাপ্ত হ'ব । কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কত ছয় জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপেই মর্যাদা প্ৰদানৰ প্ৰস্তাৱ ৰাখিছে । ফলত শৈক্ষিক, সামাজিক আৰু অর্থনৈতিকভাৱে আগবঢ়া জনবহুল জনগোষ্ঠীৰ লোকে জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা, লোকসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ।
সৰ্বভাৰতীয় পৰ্যায়ৰ চাকৰি, উচ্চ শিক্ষা লাভৰ পৰা বৰ্তমানৰ জনজাতিসকল বঞ্চিত হোৱাৰ লগতে জনজাতিসকলৰ ভাষা-সংস্কৃতি, পৰিচয় আৰু অস্তিত্বও ধ্বংসপ্রাপ্ত হ'ব । গতিকে বর্তমানে স্বীকৃত ১৪টা ক্ষুদ্র ক্ষুদ্ৰ জনজাতি গোষ্ঠীক নিৰ্মূল কৰিব বিচৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তক কোনোপধ্যে মানি লোৱা নহ'ব । এই কতা সদৌ অসম ট্রাইবেল সংঘৰ কাৰ্যনিৰ্বাহক সভাই দৃঢ়তাৰে মত পোষণ কৰিছে । কাৰ্যনিৰ্বাহক সভাই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ইয়াক শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে ।
তেওঁ লগতে কয়, "অসমৰ জনজাতীয় দল-সংগঠন আৰু ৰাইজক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি অসম চৰকাৰ তথা ভাৰত চৰকাৰে অন্যান্য পিছপৰা শ্ৰেণী হিচাপে স্বীকৃত অসমৰ ছয় বৃহৎ আৰু আগবঢ়া জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তর্ভুক্ত কৰিব খোজা কাৰ্য চৰকাৰৰ ক্ষতিকাৰক ৰাজনৈতিক অভিসন্ধি ।
ই এক হ্রস্বকালীন ৰাজনৈতিক লাভালাভৰ বাবে কৰা নিকৃষ্ট ষড়যন্ত্র । ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰিলে জনজাতিসকলৰ ৰাজনৈতিক প্ৰতিনিধিত্ব ক্রমান্বয়ে নাইকিয়া হ'ব । ভাৰত চৰকাৰে এক অধ্যাদেশৰ জৰিয়তে ১৯৯৬ চনত কোচ ৰাজবংশীক অনুসূচিত জনজাতি (ভৈয়াম)ৰ তালিকাত অন্তৰ্ভুক্ত কৰাত ‘মাজুলী' (জনজাতিৰ বাবে সংৰক্ষিত) বিধানসভা সমষ্টিৰ পৰা কৰুণা দত্ত নামৰ এজন কোচ ৰাজবংশী প্রার্থী বিজয়ী হ'বলৈ সক্ষম হৈছিল ।

চিকিৎসা, ইঞ্জিনীয়াৰিং আৰু আয়ুৰ্বেদিক মহাবিদ্যালয়কে আদি কৰি সকলো শিক্ষানুষ্ঠানত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সিংহভাগ আসন কোচ ৰাজবংশী প্রার্থীয়ে হস্তগত কৰিছিল । এই উদাহৰণ সকলোৰে বাবে শিক্ষামূলক । কাৰণ আৰ্থ-সামাজিক, শৈক্ষিক, ৰাজনৈতিক আদি সকলো দিশতে আগবঢ়া আৰু বৃহৎ জনগোষ্ঠী টাই-আহোম, চুতীয়া, কোচ ৰাজবংশীক জনজাতিৰ তালিকাভুক্ত কৰিলে বৰ্তমানৰ জনজাতিসকলতো দূৰৰে কথা, মৰাণ, মটক আৰু চাহ জনজাতিসকলেও ফেৰ মাৰিব নোৱাৰিব ।
ৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ শিক্ষা আৰু চাকৰিৰ বাবে প্রতিদ্বন্দ্বিতা কেৱল ৰাজস্থানৰ মীনা আৰু অসমৰ টাই-আহোম, কোচ ৰাজবংশী, চুতীয়াৰ মাজতে সীমাবদ্ধ থাকিব ।
তেওঁ কয়, "বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰে ভোটৰ আশাত ছয় জনগোষ্ঠীৰ অনুসূচীকৰণৰ প্ৰস্তাৱ আঠবাৰকৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল আৰু অনুসূচিত জনজাতি (ভৈয়াম)ৰ তালিকাত অন্তৰ্ভুক্ত হ'বৰ বাবে প্ৰয়োজনীয় অৰ্হতা নাই বুলি আঠবাৰেই ভাৰতবৰ্ষৰ মহাগাণনিকে প্রত্যাখ্যান কৰিছিল ।''
তেওঁ কয়, ''বৰ্তমান ৰাজ্য চৰকাৰে প্ৰকৃত জনজাতিসকলৰ ক্ষতি হ'ব বুলি জানিও অসমৰ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰি প্ৰকৃত জনজাতিসকলক নিঃশেষ কৰিব বিচাৰিছে আৰু আগত বিধানসভাৰ শীতকালীন অধিৱেশনত বিধেয়ক উত্থাপন কৰিব বিচাৰিছে ।''
তেওঁ কয়, ''সদৌ অসম ট্রাইবেল সংঘ ছয় জনগোষ্ঠীৰ উন্নয়নবিৰোধী নহয় । কিন্তু অনুসূচীকৰণৰ নামত ভূমিপুত্ৰ জনজাতিসকলক সৰ্বতোপ্ৰকাৰে আৰু সকলো দিশৰ পৰা নিঃশেষ কৰিব বিচৰা চৰকাৰী ষড়যন্ত্ৰক যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিবলৈ ট্ৰাইবেল সংঘ বদ্ধপৰিকৰ । সেয়ে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ তিলমানো স্বার্থ বিঘ্নিত নকৰাকৈ কি উপায়েৰে ছয় জনগোষ্ঠীক অনুসূচীকৰণ কৰিব বিচৰা হৈছে সেয়া ৰাজহুৱা কৰিবলৈ আমি ট্ৰাইবেল সংঘই উভয় চৰকাৰক দাবী জনাইছো ।''
- ট্ৰাইবেল সংঘৰ বিৰোধিতাৰে সৰৱ জনগোষ্ঠীয় সংগঠন :
সদৌ অসম ট্ৰাইবেল সংঘৰ বিৰোধিতাৰ পাছতে সংগঠনটোৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ছয় জনগোষ্ঠীৰ বিভিন্ন সংগঠন । শাসকীয় পক্ষৰ শ্ৰুতলিপি আদিত্য খাখলাৰীয়ে আওৰাইছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সৰৱ হৈ পৰিছে চুতীয়া ছাত্ৰ সন্থা, আক্ৰাছু, কোচ ৰাজবংশী সংগ্ৰাম সমিতি আদি ।
ট্রাইবেল সংঘৰ সাধাৰণ সম্পাদকজনৰ মন্তব্যক দুর্ভাগ্যজনক আখ্যা দিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই । ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ আদিত্য খাখলাৰীক সকীয়াই দিছে চুতীয়া ছাত্র সন্থাই ।
এই সন্দৰ্ভত চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰাই কয়, "সম্প্রতি ১০ পৃষ্ঠাত অসমত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলন তীব্ৰতৰ হৈছে । এই আন্দোলন অধিক জোৰদাৰভাৱে ৰূপায়ণ কৰিবলৈ ছয় জনগোষ্ঠীয় সংগঠনসমূহে পৰিকল্পনা কৰিছে । আন্দোলন তীব্ৰতৰ হোৱা দেখি মুখ্যমন্ত্ৰীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ অসম চৰকাৰৰ প্ৰতিবেদন অহা নৱেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি ঘোষণা কৰিছে ।"
হেন বৰাই কয়, "মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছতে আদিত্য খাখলাৰীয়ে অসমৰ জনজাতীয় ৰাইজ আৰু ছয় জনগোষ্ঠীৰ ৰাইজৰ মাজত সংঘাত লগাবলৈ এনেদৰে বক্তব্য আগবঢ়াইছে । ভৱিষ্যতে এনে বক্তব্য আগনবঢ়াবলৈ আমি ট্রাইবেল সংঘক সকীয়াই দিছো । অন্যথা তেওঁৰ জন্মই অসম আৰু অসমীয়া জাতিৰ বাবে অভিশাপ হ'ব ।"

সেইদৰে আক্ৰাছুৰ নেতা প্রদীপ ৰায়ে কয়, "ট্রাইবেল সংঘৰ বিষয়ববীয়াজনক আমি বিভ্ৰান্তি সৃষ্টিকাৰী নকৰিবলৈ সকীয়াই দিছো । বাৰে বাৰে কোচ ৰাজবংশীৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বাধা দিয়া আদিত্য খাখলাৰীয়ে জনা উচিত যে জনজাতিকৰণ তেওঁৰ পৈতৃক সম্পত্তি নহয় । তেওঁ যদি বাৰে বাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত হেঙাৰ হৈ থিয় দিয়ে তেন্তে পৰিণাম ভয়ানক হ'ব ।"
আনহাতে আদিত্য খাখলাৰীৰ মন্তব্যৰ বিৰোধিতা কৰি কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি নাৰায়ণ মেধিয়ে কয়, "আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যাদা আঁজুৰি আনিবলৈ গণতান্ত্রিকভাৱে আন্দোলন কৰিবলৈ আমি সাজু আছো । কোচ ৰাজবংশী জনগোষ্ঠীয়ে এতিয়া আৰু জনজাতিকৰণৰ বাবে আশা পালি ঘৰত বহি নাথাকে । আদিত্য খাখলাৰীয়ে ঘৰৰ পৰা জনজাতিকৰণৰ মৰ্যাদা দিব নেকি । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ নহ'লে ৰাজপথ কঁপিব ।"
ইফালে সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালাই কয়, "জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ । জনজাতিকৰণ আমাৰ ন্যায্য দাবী । ইয়াত কোনেও বাধা দিব নোৱাৰে । চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰি আমাক জনজাতিৰ স্বীকৃতি প্ৰদান কৰক । অন্যথা জোৰদাৰ প্ৰতিবাদ হ'ব আৰু ইয়াৰ পৰিনাম চৰকাৰে ভোগ কৰিব লাগিব । জনজাতিকৰণৰ স্বীকৃতি নোপোৱালৈকে আমি ক্ষান্ত হৈ নাথাকো ।"
- জনজাতিকৰণৰ প্ৰসংগত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া :
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগকলৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে কৌশলী মন্তব্য আগবঢ়াই আহিছে । মুখ্যমন্ত্রীয়ে ছয় জনগোষ্ঠীৰ আন্দোলনক নায্যতা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পক্ষত থকাৰ কথা কৈছে । লগতে ট্ৰাইবেল সংঘৰ দাবীৰ প্ৰসংগটো মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যদিও কোনো কথাই স্পষ্ট কৰা নাই ।
শেহতীয়াকৈ দেওবাৰে মুখ্যমন্ত্রীয়ে কয়, "জনজাতিকৰণ বিষয়টো সন্দৰ্ভত কংগ্ৰেছে বিগত সময়ত কেৰোণ লগাই থৈ গৈছে ৷ আমি প্ৰায় তিনি বছৰ ধৰি নিৰন্তৰে বিষয়টোত কাম কৰি আছো । ইয়াত সাংবাদিক তথা সৰ্বসাধাৰণৰ বোধগম্য নোহোৱাকৈ ৰৈ যোৱা বহু বিষয় আছে আৰু এইসমূহ ২৫ নৱেম্বৰত বিধান সভাৰ মজিয়াত মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন উপস্থাপন হ'লে সকলোৱে জানিবলৈ সক্ষম হ'ব ।"
উল্লেখ্য যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত গঠন কৰা কেবিনেট উপ-সমিতিয়ে বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়ত ২৫ নৱেম্বৰত সদনত প্ৰতিবেদন দাখিল কৰিব । মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি কেবিনেট উপ-সমিতিৰ প্ৰতিবেদনত প্ৰতিফলিত হ’ব বহু ভাল দিশ আৰু দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ ৮০ শতাংশ বাট মুকলি হ’ব ।
মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি মৰাণ আৰু মটক ক্ষেত্রত সদৌ অসম ট্ৰাইবেল সংঘৰ স্থিতি সহনশীল । তিনিটা ক্ষেত্রত ট্ৰাইবেল সংঘৰ স্থিতি সহনশীল । কোচ ৰাজবংশী, মৰাণ আৰু মটকৰ ক্ষেত্রত ট্ৰাইবেল সংঘৰ স্থিতি সহনশীল বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰিছিল ।
আনহাতে চুতীয়া জনগোষ্ঠীৰ ক্ষেত্রত ট্ৰাইবেল সংঘ ৫০ শতাংশ সহনশীল মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছিল । চাহ জনগোষ্ঠী আৰু টাই আহোমৰ ক্ষেত্রত স্পষ্টভাৱে নকলেও ট্ৰাইবেল সংঘৰ সমস্যা থকাৰ কথা পৰোক্ষভাৱে মুখ্যমন্ত্রীয়ে সদৰী কৰে ।
২৫ নৱেম্বৰত বিধানসভাৰ মজিয়াত মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন উপস্থাপন হ'লে নজনা বহু কথা জানিব পৰা যাব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰিছে । এতিয়া অপেক্ষা মাথোঁ মন্ত্রীগোটৰ প্ৰতিবেদনত কি আছে ।

