ETV Bharat / state

অস্তিত্বৰ সংকটত বৰচলা-সৰুচলা বিল: গুৱাহাটীৰ দুটাকৈ গুৰুত্বপূৰ্ণ জলাশয়ত কাৰ লোলুপ দৃষ্টি ?

কি অৱস্থাত আছে প্ৰকৃতি প্ৰদত্ত গুৱাহাটীৰ দুটাকৈ গুৰুত্বপূৰ্ণ সংৰক্ষিত জলাশয় ? সংকটত বৰচলা বিল আৰু সৰুচলা বিল ।

wetland in Guwahati
অস্তিত্বৰ সংকটত গুৱাহাটীৰ বৰচলা-সৰুচলা বিল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 7:50 PM IST

8 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যজুৰি বেদখলৰ বিৰুদ্ধে চলিছে ব্যাপক উচ্ছেদ অভিযান । সমান্তৰালকৈ বনভূমি আৰু জলাশয়সমূহ বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই প্ৰশংসনীয় পদক্ষেপৰ মাজতে কিন্তু ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত প্ৰকৃতি প্ৰদত্ত দুখনকৈ সংৰক্ষিত জলাশয় নিঃশেষ হোৱাৰ উপক্ৰম হৈছে ।

প্ৰকৃতিয়ে গুৱাহাটী মহানগৰীক বুকু উজাৰি দিছে যদিও মানুহে প্ৰকৃতিৰ ওপৰত অবাধ হস্তক্ষেপ কৰি আহিছে । যাৰ ফলত ৰুষ্ট হৈছে প্ৰকৃতি আৰু যাৰ পৰিণাম মানুহে ভোগ কৰিবলগীয়া হৈছে । গুৱাহাটী মহানগৰীত জলাশয়সমূহ ধ্বংস কৰাৰ ফলত কৃত্রিম বানপানীৰ সমস্যা ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে । এই প্ৰতিবেদন ধ্বংসৰ দিশে গতি কৰা গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ দুখনকৈ প্ৰাকৃতিক বিলৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ প্ৰস্তুত কৰা হৈছে ।

অস্তিত্বৰ সংকটত গুৱাহাটীৰ বৰচলা-সৰুচলা বিল (ETV Bharat Assam)

এই বিল দুখন হৈছে বৰচলা বিল আৰু সৰুচলা বিল । অৱশ্যে বৰচলা বিলখনক কেন্দ্ৰ কৰি এই প্ৰতিবেদন কৰা হৈছে । সৰুচলা বিলখনত অবাধ বেদখল হোৱাৰ উপৰি বিলখনৰ চাৰিওফালে নিৰ্মাণকাৰ্য গঢ় লৈ উঠিছে । এই প্ৰতিবেদন বৰচলা বিল উন্নয়ন সমিতিৰ সম্পাদক বিপ্লৱানন্দ চৌধুৰীৰে হোৱা ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ।

wetland in Guwahati
অস্তিত্বৰ সংকটত বৰচলা-সৰুচলা বিল (ETV Bharat Assam)

অস্তিত্বৰ সংকটত বৰচলা বিল

গুৱাহাটী মহানগৰীৰ চৰকাৰী বনাঞ্চল আৰু সংৰক্ষিত ভূমিত বেদখল চলাৰ লগতে বেদখলকাৰীৰ কবলত পৰিছে নৈ-বিল, জলাশয়ৰ ভূমিও । বিশেষকৈ মহানগৰীৰ বৰচলা আৰু সৰুচলা বিলত ব্যাপক হাৰত বেদখল হৈছে । কেৱল বেদখল হোৱাই নহয়, বিল দুখনক ডাষ্টবিনত পৰিণত কৰা হৈছে ।

এই সন্দৰ্ভত বৰচলা বিল উন্নয়ন সমিতিৰ সম্পাদক বিপ্লৱানন্দ চৌধুৰীয়ে কয়, "চৰকাৰৰ অবহেলা আৰু মানুহৰ অত্যাচাৰৰ বাবে প্ৰাকৃতিক আৰু বৰ্তমান সংৰক্ষিত জলাশয় হিচাপে চিহ্নিত বৰচলা বিল নোহোৱা হোৱাৰ উপক্ৰম হৈছে । ক্ৰমাৎ সংকুচিত হৈ আহিছে বিলখন । গুৱাহাটীৰ এটা বৃহৎ অঞ্চলৰ বৰষুণসৃষ্ট পানী বহন কৰাৰ ক্ষেত্রত বিলখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । কিন্তু এই বিলখনৰ বহু অংশ বেদখল হৈছে ।"

wetland in Guwahati
অস্তিত্বৰ সংকটত বৰচলা-সৰুচলা বিল (ETV Bharat Assam)

তেওঁ লগতে কয়, "নিয়মমতে সংৰক্ষিত জলাশয়ত বেদখল কৰাটো দূৰৈৰ কথা, কোনেও প্ৰৱেশে কৰিবও নোৱাৰে । কিন্তু এই বিলখন এতিয়া ডাষ্টবিনত পৰিণত হৈছে । ইফালে চৰকাৰীভাৱেও বিলখনৰ মাটি পুতি নিৰ্মাণকাৰ্য চলোৱা হৈছে ।"

গুৱাহাটী জলাশয় আইন, ২০০৮ৰ আওতাত চলাবিল

আনহাতে, চলাবিলৰ সংৰক্ষণৰ প্ৰসংগত বিপ্লৱানন্দ চৌধুৰীয়ে কয়, "চৰকাৰী তথ্য মতে, বৰচলা বিলৰ মাটিকালি প্ৰায় ৬৫ বিঘা । কিন্তু ইয়াৰে প্ৰায় ৭-৮ বিঘা ভূমি বেদখল হৈছে । ২০০০ চনৰ ৪ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে চলাবিল (বৰচলা আৰু সৰুচলা) সংৰক্ষণৰ স্বাৰ্থত ৰায়দান দিছিল । ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০০১ চনত চৰকাৰে চলাবিলক সংৰক্ষিত জলাশয় হিচাপে ঘোষণা কৰিছিল । ইয়াৰ পৰৱৰ্তীকালত চৰকাৰে 'গুৱাহাটী জলাশয় আইন, ২০০৮' গৃহীত কৰে ।"

তেওঁ লগতে কয়, "বৰচলা বিল, সৰুচলা বিল, দীপৰ বিল আৰু শিলসাঁকো বিলক চৰকাৰে এই আইনখনৰ আওতালৈ আনে । কিন্তু আইনৰ আওতালৈ আনে যদিও চলাবিলৰ সংৰক্ষণৰ দিশত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত বৰ্তমান চলাবিলে অস্তিত্বৰ সংকটত ভোগfবলগীয়া হৈছে ।"

wetland in Guwahati
অস্তিত্বৰ সংকটত বৰচলা-সৰুচলা বিল (ETV Bharat Assam)

বৰচলা বিলত চৰকাৰী পদক্ষেপ

আনহাতে, বৰচলা বিলৰ উন্নয়নৰ বাবে সময়ে সময়ে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও কাৰ্যতঃ হৈ উঠা নাই । এই সন্দৰ্ভত বিপ্লৱানন্দ চৌধুৰীয়ে কয়, "কেইবছৰমান পূৰ্বে স্মাৰ্ট চিটি গুৱাহাটীৰ অধীনত বৰচলা বিলক ১২০ কোটি টকীয়া এক আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত ৰহস্যজনক কাৰণত এই আঁচনিখন বাতিল কৰা হয় । আনহাতে, কংগ্ৰেছ চৰকাৰৰ দিনত বৰচলা বিলৰ সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰায় ৫ কোটি টকা ব্যয়সাপেক্ষে এটা অভিলাষী আঁচনি লোৱা হৈছিল । বিলখনৰ চাৰিওফালে জ'গিং ট্ৰেক কৰাৰ লগতে বিলখনৰ পানী চাফা কৰি নৌকাবিহাৰৰ ব্যৱস্থা কৰাৰ বাবে আঁচনি লোৱা হৈছিল ।

চৰকাৰী আঁচনিৰ নামত ধনৰ শৰাধ কৰা বুলি উল্লেখ কৰি তেওঁ কয়, "আঁচনিখনৰ অধীনত জ'গিং ট্ৰেক নিৰ্মাণ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত আঁচনিখন আগনাবাঢ়িল আৰু সকলো জ'গিং ট্ৰেক এতিয়া ভাঙি-ছিগি নোহোৱা হৈ পৰিল । সেইদৰে আঁচনিখনৰ অধীনত নেপালী মন্দিৰৰ দাঁতিত ছোৱেৰেজ ট্ৰিটমেণ্ট প্লাণ্ট কৰা হৈছিল সফল নহ'ল । এনেদৰে কেৱল পুঁজিৰ অপব্যয় কৰা হ'ল ।"

তেওঁ লগতে কয়, "শেহতীয়াকৈ চৰকাৰীভাৱে বৰচলা বিলৰ প্ৰায় দুই বিঘা ভূমি পুতি তাত ছোৱেৰেজ ট্ৰিটমেণ্ট প্লাণ্ট কৰা হৈছে । বৰ্জিত পানী শোধন কৰি বৰচলা বিলত পেলোৱাৰ বাবে কৰা এই প্ৰকল্পটো কাৰ্যতঃ বিফল হোৱাই দেখা গৈছে । যি উদ্দেশ্যৰে প্ৰকল্পটো কৰা হৈছে, সেই উদ্দেশ্য কোনো দিশৰ পৰাই সফল হোৱা নাই । বৰ্তমান সময়ত বৰচলা বিল জাবৰ পেলোৱা আৰু মাটি পোতাৰ বাবে এক ডাম্পিং গ্ৰাউণ্ডলৈ ৰূপান্তৰিত হৈছে ।"

wetland in Guwahati
অস্তিত্বৰ সংকটত বৰচলা-সৰুচলা বিল (ETV Bharat Assam)

উল্লেখ্য যে বৰাচলা বিলক ৰক্ষা কৰাৰ বাবে বিপ্লৱানন্দ চৌধুৰীৰ লগতে প্ৰকৃতিপ্ৰেমী মাণিক দাস আৰু হেমেন লহকৰে উচ্চতম ন্যায়ালয়ত এখন পি আই এল দাখিল কৰিছে ।

উলংঘা কৰা হৈছে গুৱাহাটী আৰ্দ্ৰভূমি সংৰক্ষণ আইন

বিপ্লৱানন্দ চৌধুৰীয়ে কয়, "গুৱাহাটী আৰ্দ্ৰভূমি সংৰক্ষণ আইন, ২০০৮ সম্পূৰ্ণৰূপে উলংঘা কৰি এচাম লোকে বিলখনৰ ভূমিত সাজিছে টিন-তৰ্জাৰ ঘৰ, নিৰ্মাণ কৰিছে অট্টালিকা । আনকি বিলৰ ভূমিত চৰকাৰীভাৱেও নিৰ্মাণকাৰ্য চলোৱা হৈছে । শেহতীয়াকৈ লোক নিৰ্মাণ বিভাগত কৰ্মৰত শ্ৰমিকৰ বাবে বিলৰ মাটি পুতি ঘৰ বনোৱা হৈছে, যিটো আইন মতে কৰিব নোৱাৰে ।"

তেওঁ লগতে কয়, "বৰচলা বিলৰ ভূমিতে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ বৃহত্তম অট্টালিকা নিৰ্মাণ কৰা হৈছে । পর্যটন বিভাগৰ বাবে বিলখনৰ কেইবা বিঘা ভূমি লোৱা হৈছে । তদুপৰি ৰিহাবাৰীৰ সমীপত বিলখনৰ এটা বৃহৎ এলেকাত বেদখল হৈছে । সেই স্থানত বহু লোকে টিন-তৰ্জাৰ ঘৰ সাজি বসবাস কৰি আছে ।"

অস্তিত্বৰ সংকটত সৰুচলা বিল

ইফালে সৰুচলা বিলত চলা বেদখল সন্দৰ্ভত বিপ্লৱানন্দ চৌধুৰীয়ে কয়, "সৰুচলা বিলৰ পাৰত চৰকাৰে পকী দেৱাল নিৰ্মাণ কৰিছে । কিন্তু সীমাৰ এই দেৱাল ভাঙি এচাম লোকে বিলৰ ভূমিত ঘৰ সাজি বসবাস কৰি থকা দেখা গৈছে । তদুপৰি কে চি দাস কমার্চ কলেজৰ দখলতো আছে বিলৰ ভূমি । আনকি বিলৰ পানী ওলাই যোৱাৰ বৃহৎ নলা বন্ধ কৰিও পথ নিৰ্মাণ কৰা হৈছে । এক কথাত সৰুচলা বিলখন চাৰিওফালৰ পৰাই বেদখল হৈছে । বৰ্তমান চাৰিওফালে দেৱাল দিয়াৰ পিছত বিলখনৰ ভূমিৰ পৰিমাণ ২৫ বিঘামান হ'ব । আৰম্ভণিৰ পৰা সংৰক্ষণৰ ব্যৱস্থা কৰা হ'লে বিলখনৰ পৰিসৰ আৰু বহু বেছি হ'লহেতেন ।"

সংক্ষেপে বৰচলা বিল

বৰচলা বিল প্ৰকৃতি প্ৰদত্ত গুৱাহাটীৰ এখন উল্লেখযোগ্য বিল । বিলখন ৰিহাবাৰী আৰু ছাত্ৰীবাৰী অঞ্চলত অৱস্থিত । এই বিলখন অবৈধ দখল আৰু আৱৰ্জনা নিষ্কাশন কৰাৰ ফলত ক্ৰমাৎ সংকটত পৰিছে । যাৰ বাবে বিভিন্ন সময়ত স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে । বিলখন ৰক্ষা কৰিবলৈ বিভিন্ন দল আৰু সমিতিয়ে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে । শেহতীয়াকৈ জি এম ডি এৰ এক প্ৰকল্পৰ অধীনত বিলখনত দৈনিক ২ মেগালিটাৰ পানী নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে ।

wetland in Guwahati
অস্তিত্বৰ সংকটত বৰচলা-সৰুচলা বিল (ETV Bharat Assam)

সংক্ষেপে সৰুচলা বিল

সৰুচলা বিল গুৱাহাটী মহানগৰীৰ এখন প্ৰাকৃতিক জলাশয় । যিখন বিল বৰচলা বিলৰ সৈতে সংলগ্ন । কিন্তু বৰ্তমান ইয়াৰ অস্তিত্ব গভীৰ সংকটত আছে । এই বিলখন অবৈধ বেদখলৰ ফলত সংকুচিত হৈছে আৰু ইয়াৰ জলধাৰণৰ ক্ষমতাও হ্ৰাস পাইছে । যাৰ ফলত বৰষুণৰ সময়ত ওচৰ-পাজৰ অঞ্চলসমূহ বানপানীৰ কবলত পৰে । বৰ্তমান দেৱাল দি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । অবৈধ বেদখলৰ ফলত ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু ভাৰসাম্য বিঘ্নিত হৈছে ।

লগতে পঢ়ক :চিকিৎসা সেৱাৰ ক্ষেত্ৰত হাহাকাৰ পৰিস্থিতি: এফালে চাকৰিৰ পৰা অব্যাহতি, আনফালে অৰ্ধ-উলংগ হৈ প্ৰতিবাদ
লগতে পঢ়ক :২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল